ক’ত আছে সুনীল গগৈ? কি কয় পত্নীয়ে…
ঘটনাৰ ৪৪ দিন উকলি যোৱাৰ পাছতো তদন্তকাৰী দলে কোনো তথ্য প্ৰকাশ কৰা নাই। অৱশ্যে এই হত্যাকাণ্ডৰ তদন্তকাৰী সংস্থা অপৰাধ অনুসন্ধান বিভাগৰ আই জি পি সংযুক্ত পৰাশে সুনীল গগৈ জীয়াই থকাৰ ইংগিত দিছিল।
আজিলৈ জাহাংগীৰ হত্যাকাণ্ডৰ কোনো ক্লু বিচাৰি পোৱা নাই আৰক্ষীয়ে। নিতৌ এই ঘটনাৰ লগত জড়িত ন ন তথ্য পোহৰলৈ আহিছে। আৰক্ষীৰ চমন পাই শনিবাৰে পুৱা ঢকুৱাখনা থানাত উপস্থিত হয় সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ আৰু ভতিজাক জয়ন্ত গগৈ। তাৰ পাছতেই তেওঁলোকক লৈ অজ্ঞাত স্থানত অভিযান চলাই তদন্তকাৰী বিষয়াই। অৱশ্যে দুয়োকে লৈ ক’ত অভিযান চলাইছে আৰক্ষীয়ে সেয়া গ’ম পোৱা নাই সুনীল গগৈৰ পত্নীয়ে।
এই ঘটনাক লৈ পৃথকে পৃথকে চলিছে অভিযান। আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ নেতৃত্বত লখিমপুৰ আৰু ধেমাজিৰ বিভিন্ন স্থানত চিআইডিয়ে অভিযান চলায়। আনহাতে জ্যেষ্ঠ ফৰেনসিক বিশেষজ্ঞকেশৱ কুমাৰে ঢকুৱাখনাৰ সাপতীয়া গাঁৱৰ ঘটনাস্থলীত পৰা নতুনকৈ সংগ্ৰহ কৰিছে তথ্য প্ৰমাণ।
তদন্তকাৰী বিষয়াৰ ভূমিকাক লৈ সুনীল গগৈৰ পত্নী পুষ্পা গগৈয়ে অসন্তুষ্টি প্ৰকাশ কৰে। এই সন্দৰ্ভত পত্নীয়ে কয় যে, জাহাংগীৰ হত্যাকাণ্ড তদন্তৰ নামত কি কৰিছে। প্ৰথমে আৰক্ষী তাৰ পাছত অনুসন্ধান বিভাগ। তেওঁলোকে কি কৰিব বিচাৰিছে ধৰিব পৰা নাই। কেৱল আমাৰ ঘৰৰ মানুহখিনিক জেৰা কৰিছে। যদি আমাৰ ঘৰৰ মানুহখিনিক সন্দেহ কৰি আছে তেন্তে মাৰি পেলাওক। ইমান শাস্তি দিব নাপায়। তেওঁ কয় যে, শনিবাৰে সুনীলৰ পুত্ৰ সৌৰভ গগৈ, বৰ দেউতাক হেমন্ত গগৈ, ভতিজাক জয়ন্ত গগৈ আৰু সুনীলৰ শালপতিয়েক প্ৰহ্লাদ গগৈক মনোবিজ্ঞানী বিশেষজ্ঞৰ জৰিয়তে সাক্ষ্য গ্ৰহণ কৰি ফৰেঞ্চিক নমুনা সংগ্ৰহ কৰে।
পত্নীয়ে কৰা অভিযোগ অনুসৰি তেওঁলোকৰ আত্মীয় ৪ জনৰ নিশা প্ৰায় ১২ বজালৈ তদন্তকাৰী দলে সাক্ষ্য গ্ৰহণ আৰু পাছত কোনো নিৰাপত্তা নোহোৱাকৈ ঘৰলৈ আহিব দিয়ে। তেওঁ কয় যে, এতিয়ালৈকে চিআইডিয়ে জাহাংগীৰৰ কটা মূৰ বিচাৰিবলৈ সক্ষম হোৱা নাই। সুনীল গগৈ জীয়াই আছে বুলি কৈছে যদিও এতিয়ালৈকে কোনো তথ্য প্ৰমাণ কৰা নাই।
উল্লেখ্য যে, ১ জুন, ২০২৪ ত ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱত সংঘটিত হৈছিল এক ভয়ংকৰ কাণ্ড। প্ৰায় সম্পূৰ্ণ জ্বলি যোৱা অৱস্থাত উদ্ধাৰ হৈছিল ছিন্ন মুণ্ড এটা মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটোৰ কাষতেই পৰি ৰৈছিল বিজেপি কিষান মৰ্চাৰ সাধাৰণ সম্পাদক তথা ঠিকাদাৰ সুনীল গগৈয়ে পৰিধান কৰা কাপোৰ। যিহেতু মৃতদেটো চিনাক্ত কৰিব পৰা অৱস্থাত নাছিল গতিকে ধাৰণা কৰা হৈছিল মৃতদেহটো সুনীল গগৈৰ। কিন্তু পৰৱৰ্তী সময়ত পোহৰলৈ আহে যে এই মৃতদেহটো আছিল সুনীলৰ ঘৰত কাম কৰা ৰাজমিস্ত্ৰী জাহাংগীৰৰ। ঘটনাৰ ৪৪ দিন উকলি যোৱাৰ পাছতো তদন্তকাৰী দলে কোনো তথ্য প্ৰকাশ কৰা নাই। অৱশ্যে এই হত্যাকাণ্ডৰ তদন্তকাৰী সংস্থা অপৰাধ অনুসন্ধান বিভাগৰ আই জি পি সংযুক্ত পৰাশে সুনীল গগৈ জীয়াই থকাৰ ইংগিত দিছিল।