5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি নন্দোৎসৱ, বোকা খেলি আনন্দ কৰিব ৰাজ্যবাসীয়ে…

অসমৰ ভিন্ন প্ৰান্তত এই বোকা খেল অনুষ্ঠিত হয় যদিও নগাঁৱৰ বটদ্ৰৱা সত্ৰ, বৰপেটা সত্ৰ, দক্ষিণ কামৰূপৰ ৰাজপুখুৰী সত্ৰ আদিত পালন কৰা নন্দোৎসৱ অন্যতম।এই দিনটোত কীৰ্তন ঘৰৰ চোতালৰ মাটি চহাই বোকা কৰি ৰাইজে বোকাত লুতুৰী- পুতুৰী হৈ নৃত্য কীৰ্তন কৰে। 

আজি নন্দোৎসৱ, বোকা খেলি আনন্দ কৰিব ৰাজ্যবাসীয়ে…
নন্দোৎসৱ
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 27 Aug 2024 07:52 AM

জন্মাষ্টমী উদযাপনৰ পাছতেই আজি সমগ্ৰ দেশে পালন কৰিব নন্দোৎসৱ। ঠাইভেদে নাম বেলেগ বেলেগ আৰু উদযাপনৰ পদ্ধতি বেলেগ হ’লেও কৃষ্ণৰ জন্মাষ্টমীৰ পিছদিনা এই নন্দোৎসৱ পালন কৰা হয়। শ্ৰীকৃষ্ণৰ জন্ম আৰু জাতকৰ্মক লৈ সমগ্ৰ অসমত তিনিটা উৎসৱ পালন কৰ হয়। সেয়া- জন্মাষ্টমী, নন্দোৎসৱ আৰু পঁচতি। পৰম্পৰা অনুসৰি জন্মাষ্টমীৰ পিছদিনা পুৱাৰে পৰা সত্ৰ নামঘৰত অনুষ্ঠিত হয় নন্দোৎসৱ। এই দিনটোত পেক যাত্ৰা কৰে বা বোকা খেলে।

নামনি অসমৰ কিছুমান ঠাইৰ পৰম্পৰা অনুসৰি গাঁৱৰ ডেকা সকলে ঘৰে ঘৰে গৈ নামকীৰ্তন কৰে। যেতিয়া গৃহস্থই সেৱা কৰিবলৈ লয় তেতিয়া মাটিত পৰ্যাপ্ত পৰিমাণৰ মিঠাতেল বা পানী ঢালি তাত ইজনে সিজনত লেটিয়াই আনন্দ কৰে। অৱশ্যে মহিলাসকলৰ লগত এনে কৰা নহয়। কোৱা হয়, বোকা খেলিলে বহু বেমাৰ আজাৰৰ পৰা মুক্ত থকা যায়। আজিকালি ঠাইভেদে এই উৎসৱৰ পৰম্পৰা কমি যোৱা পৰিলক্ষিত হয়।

অসমৰ ভিন্ন প্ৰান্তত এই বোকা খেল অনুষ্ঠিত হয় যদিও নগাঁৱৰ বটদ্ৰৱা সত্ৰ, বৰপেটা সত্ৰ, দক্ষিণ কামৰূপৰ ৰাজপুখুৰী সত্ৰ আদিত পালন কৰা নন্দোৎসৱ অন্যতম।এই দিনটোত কীৰ্তন ঘৰৰ চোতালৰ মাটি চহাই বোকা কৰি ৰাইজে বোকাত লুতুৰী- পুতুৰী হৈ নৃত্য কীৰ্তন কৰে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মাস্থান বটদ্ৰৱা সত্ৰতো নন্দ উৎসৱ পালন কৰা হয়। শ্ৰী কৃষ্ণৰ জন্ম যাত্ৰা নাটকৰ শেষ অংশটো হৈছে নন্দোৎসৱ। এই নন্দোৎসৱ পালনৰ এক সুকীয়া ঐতিহ্যৰে ভৰপুৰ বটদ্ৰৱা থান। নন্দোৎসৱ দিনা দুপৰীতে “কৃষ্ণ সূৰ্য ভৈলন্ত উদিত কীৰ্তন” গোৱা হয়। সন্ধিয়া গায়ন বায়নৰ কাহিনী, গুৰুঘাট, জোৰা গোৱা আদি শেষ কৰি সূত্ৰধাৰৰ প্ৰৱেশ কৰোৱাই পৰম্পৰাগত অনুসৰি নাটঘৰত পাচতি ভাওনাৰ পাতনি মেলা হয়।

বৰপেটা সত্ৰৰ পালিত উৎসৱ সমূহৰ ভিতৰত নন্দোৎসৱ অন্যতম। ইয়াক বৰপেটাত স্থানীয়ভাৱে “পেক যাত্ৰা” বুলি কোৱা হয়। বিভিন্ন নীতি- নিয়ম মানি এই নন্দোৎসৱ পালন কৰা হয় বৰপেটা সত্ৰত।

 

দহী হাণ্ডী

ইয়াৰোপৰি আজিৰ দিনটোত দেশৰ বিভিন্ন প্ৰান্তত দহী হাণ্ডী উৎসৱ পালন কৰা হয়। ইয়াক ভগৱান কৃষ্ণৰ লীলা মাখন চুৰিৰ লগত জড়িত বুলিও ধৰা হয়। বিশ্বাস কৰা হয় যে ভগৱান শ্ৰীকৃষ্ণ সৰুতে ইন্দ্ৰৰ বৰষুণৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ গোবৰ্ধন পৰ্বত এটা আঙুলিত তুলি লৈছিল। ইয়াৰ পাছত গোপীসকলে কৃষ্ণৰ প্ৰশংসাত দহী হাণ্ডী ৰাখি যুৱক-যুৱতীসকলক সেয়া ভাঙিবলৈ প্ৰত্যাহ্বান জনাইছিল। বিশ্বাস অনুসৰি তেতিয়াৰ পৰাই এই পৰম্পৰা পালন হৈ আহিছে।

এই উৎসৱ পালন কৰাৰ নিয়ম অনুসৰি কিছু উচ্চতাত দহী হাণ্ডি বান্ধি দিয়া হয় আৰু সেয়া ভাঙিব লাগে কোনোৱে। তেতিয়াই একাংশলোকে পিৰামিডৰ দৰে থিয় হয় আৰু এজনে ওপৰলৈ উঠি হৈ সেই মাটি টেকেলীটো ভাঙি দিয়ে। ইয়াৰ ফলত সমাজত ঐক্য আৰু ভাতৃত্ববোধ বৃদ্ধি পায় বুলি কোৱা হয়।

 

Latest News