মিঞাৰ সমৰ্থনত মন্ত্ৰী, মুখ্যমন্ত্ৰী হোৱাৰ সপোন কেতিয়াও পূৰণ নহয়- জয়ন্ত মল্ল
মন্ত্ৰীগৰাকীয়ে কয় যে, মিঞাৰ সহযোগিতাত চৰকাৰ গঠন কৰিব নিদিয়াৰ বাবে আমৰ চৰকাৰ আছে। আমি থকালৈ কাৰো সপোন বাস্তৱ নহয়। আমি থকালৈ মিঞাৰ ভোটেৰে মন্ত্ৰী হোৱা, মুখ্যমন্ত্ৰী হোৱা, কিংমেকাৰ হোৱাৰ সপোন বাস্তৱ হ'বলৈ নিদিও।
মিঞাৰ সমৰ্থনত সপোন দেখা মানুহৰ সপোন কেতিয়াও বাস্তৱ নহয় বুলি অখিল গগৈক কটাক্ষ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মঙলবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতাৰত ২০২৬ চনৰ নিৰ্বাচন আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক লক্ষ্য কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে, অদ্ভুত সপোন দেখা অখিল গগৈৰ পুৰণি বেমাৰ। তেওঁ এতিয়াও এই বেমাৰৰ চিকাৰ হৈ আছে। তেওঁ কয় , মানুহে সপোন দেখিব লাগে কিন্তু বাস্তৱ হোৱা সপোন দেখিব লাগে।
কথা প্ৰসংগত মিঞা সম্প্ৰদায়ক টানি আনি বৰুৱাই কয় যে, বাংলাদেশী মুছলমান,যাক আমি মিঞা বুলি কও সেই সকল মিঞাৰ ভোটেৰে অসমত সপোন দেখা মানুহ বহুত আছে। কিন্তু মিঞাৰ সমৰ্থনত সপোন দেখা মানুহৰ সপোন কেতিয়াও বাস্তৱায়িত নহয়। যেতিয়ালৈকে দেশত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰ আৰু অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ আছে তেতিয়ালৈ মিঞাৰ সমৰ্থনত দেখা মানুহৰ সপোন পূৰণ নহয় বুলি তেওঁ কয়। লগতে কয় যে, এইবিলাক বন্ধ কৰিবৰ বাবে আমি আছো, আমাৰ চৰকাৰ আছে।
আনহাতে ২০২৬ চনত শ্বেৰমান আলী আহমেদ জলসম্পদ মন্ত্ৰী হ’ব বুলি সোধা প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে কয় যে, মিঞাৰ সহযোগিতাত চৰকাৰ গঠন কৰিব নিদিয়াৰ বাবে আমৰ চৰকাৰ আছে। আমি থকালৈ কাৰো সপোন বাস্তৱ নহয়। আমি থকালৈ মিঞাৰ ভোটেৰে মন্ত্ৰী হোৱা, মুখ্যমন্ত্ৰী হোৱা, কিংমেকাৰ হোৱাৰ সপোন বাস্তৱ হ’বলৈ নিদিও। এই দায়িত্ব আমাৰ অসমৰ ৰাইজে দিছে।
উল্লেখ্য যে, ৰাজ্যত অনুষ্ঠিত হৈ যোৱা উপ- নিৰ্বাচনৰ সময়ৰ পৰাই বিজেপি আৰু বিৰোধিয়ে পৰস্পৰে পৰস্পৰক আক্ৰমণ কৰি গৈছে। প্ৰতিখন সভাতেই বিধায়ক অখিল গগৈয়ে বিজেপি চৰকাৰ ভংগ কৰাৰ কথা কৈ আহিছে। ইয়াৰোপৰি মিঞা ভোটৰ বিষয়টোৱে অসমৰ ৰাজনীতিত বিশেষ স্থান দখল কৰি আহিছে। মিঞা ভোটক লৈ বিজেপি আৰু বিৰোধিয়ে ৰাজনীতি কৰি শাসক হোৱাৰ সপোন বাস্তৱায়িত কৰাৰ চেষ্টা কৰি আহিছে। এইবাৰো উপ- নিৰ্বাচনৰ সময়ত মিঞা ভোটে বিশেষ স্থান লাভ কৰিছিল। বিজেপিয়ে মিঞা ভোট নালাগে, মিঞাসকলৰ বিৰোধিতা কৰি অহাৰ বিপৰীতে বিৰোধিয়ে মিঞা সম্প্ৰদায়ৰ লোকসকলক লগত লৈ আগবাঢ়ি যোৱাৰ কথা কয়।