বিদেশী এজেণ্টৰ দ্বাৰা পৰিচালিত হয় কংগ্ৰেছ নেতৃত্বৰ সামাজিক মাধ্যম: মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

আমেৰিকা, নৰৱেৰ সংস্থাৰ দ্বাৰা পৰিচালিত হয় কংগ্ৰেছৰ FB পেজ! নৰৱেৰ সংস্থাৰ দ্বাৰা পৰিচালিত মল্লিকার্জুন খৰ্গেৰ ফেচবুক একাউণ্ট। গৌৰৱ গগৈৰ ফেনক্লাবৰ বহু সদস্য বাংলাদেশী। এই বিস্ফোৰক অভিযোগ মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ।

বিদেশী এজেণ্টৰ দ্বাৰা পৰিচালিত হয় কংগ্ৰেছ নেতৃত্বৰ সামাজিক মাধ্যম: মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

বিদেশী এজেণ্টৰ দ্বাৰা নিয়ন্ত্রিত হয় কংগ্ৰেছৰ 'পেজ'!

Updated On: 

16 Oct 2024 19:16 PM

বিদেশী এজেণ্টৰ দ্বাৰা নিয়ন্ত্রিত হয় কংগ্ৰেছৰ ‘ফেচবুক পেজ’। আমেৰিকা, নৰৱেৰ সংস্থাৰ দ্বাৰা পৰিচালিত হয় কংগ্ৰেছৰ পেজ! নৰৱেৰ সংস্থাৰ দ্বাৰা পৰিচালিত মল্লিকার্জুন খৰ্গেৰ ফেচবুক একাউণ্ট। গৌৰৱ গগৈৰ ফেনক্লাবৰ বহু সদস্য বাংলাদেশী।এই বিস্ফোৰক অভিযোগ মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি এয়া অসম আৰু দেশৰ বাবে এক ডাঙৰ ভাবুকি বুলি উল্লেখ কৰে।

সামাজিক মাধ্যমত তথ্যসহ এটা পোষ্ট শ্বেয়াৰ কৰি মন্ত্রীগৰাকীয়ে লিখিছে- “এতিয়া সকলো পৰিষ্কাৰকৈ ওলাই পৰিছে যে কিদৰে কংগ্ৰেছে বিদেশী হস্তক্ষেপেৰে ভাৰতীয় নিৰ্বাচনৰ ওপৰত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে। Indian National Congress – Assam -ৰ নেতাসকলৰ ওপৰত বিদেশী গোষ্ঠীৰ প্ৰভাৱ থকাটো কোনো আচৰিত কথা নহয়, য’ত অনুৰাগীসকলৰ ভিতৰত বাংলাদেশী সকল অন্যতম।”

লগতে তেওঁ লিখিছে- “আনহাতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সামাজিক মাধ্যমৰ পেজসমূহ আমেৰিকা আৰু নৰৱেৰ সংস্থাসমূহৰ দ্বাৰা পৰিচালিত হয়। আজি যিসকলে ভাৰতীয় সংবিধান ৰক্ষা কৰাৰ শপত লৈছে, তেওঁলোকেই নিজৰ ডিজিটেল মাধ্যম বিদেশী এজেন্টৰ হাতত দিয়া কথা খুবেই উদ্বেগজনক। এইটো অসম আৰু দেশৰ বাবে এক ডাঙৰ ভাবুকি!”

 

পোষ্টটোত গৌৰৱ গগৈৰ ফেন ক্লাবৰ বহু সদস্য বাংলাদেশী, মিঞা কিয় বুলি প্ৰশ্ন উত্থাপন কৰে মন্ত্রী জয়ন্ত মল্লবৰুৱাই। গৌৰৱ গগৈ, মল্লিকার্জুন খৰ্গেৰ লগতে মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ফেচবুক পেজৰ স্ক্ৰীন শ্ব’ট সামাজিক মাধ্যমত শ্বেয়াৰ কৰি তেওঁৰ পেজটো যে ন’ৰৱেৰ পৰা পৰিচালিত হয় তাৰ প্ৰমাণো দাঙি ধৰিছে ৷

 

ইফালে উপ-নিৰ্বাচন সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্রী জয়ন্ত মল্লবৰুৱাই কয়  “ৰকিবুল হুছেইনৰ আত্মীয়সকলো তেওঁৰ লগত নাই।  নিৰ্বাচন মানে যুদ্ধ, প্ৰতিটো নিৰ্বাচনতে যুদ্ধ হ’ব, আমি ৫টা সমষ্টিতে জয় লাভ কৰিম। ভূপেন বৰাই নিজৰ চকীখন বচাই ৰাখিবলৈ দিল্লীত থাকিব লগা হৈছে।”
ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে