গুৱাহাটীত ৭,৫০০ কলা-কুশলীয়ে প্ৰদৰ্শন কৰিব ঝুমুৰ নৃত্য, অংশ ল’ব ৮০০ খন চাহ বাগিচাৰ যুৱক-যুৱতীয়ে

বিহুৰ পাছতেই এইবাৰ হাজাৰ হাজাৰ যুৱক- যুৱতীয়ে সাৰ্বজনীনভাৱে প্ৰদৰ্শন কৰিব ঝুমুৰ নৃৃত্য। অসমৰ ৮০০ খন চাহ বাগিচাৰ যুৱক-যুৱতীয়ে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব। এডভান্টেজ অসম ২.০ ৰ কাৰ্যসূচীৰ সময়ত এই হাজাৰ হাজাৰ কলা-কুশলীয়ে এই নৃত্য প্ৰদৰ্শন কৰিব।

গুৱাহাটীত ৭,৫০০ কলা-কুশলীয়ে প্ৰদৰ্শন কৰিব ঝুমুৰ নৃত্য, অংশ লব ৮০০ খন চাহ বাগিচাৰ যুৱক-যুৱতীয়ে

ঝুমুৰ নৃত্য

Published: 

24 Nov 2024 18:34 PM

বিহুৰ পাছতেই এইবাৰ অভিলেখ গঢ়াৰ দিশে ঝুমুৰ নৃত্য। নতুন বছৰৰ সময়ত মাদালৰ শব্দত ৰজন জনাব গুৱাহাটী মহানগৰী। অহা বছৰৰ ফেব্ৰুৱাৰী মাহত ৭৫০০ কলা- কুশলীয়ে গুৱাহাটীত সাৰ্বজনীনভাৱে প্ৰদৰ্শন কৰিব ঝুমুৰ নৃত্য। দেওবাৰে লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, অহা ফেব্ৰুৱাৰী মাহত  গুৱাহাটীত এডভান্টেস অসম ২.০ কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই সময়চোৱাত এই সন্মিলনলৈ দেশী- বিদেশী বিনিয়োগকাৰীৰ আগমন ঘটিব আৰু সেই সময়তে সাৰ্বজনীনভাৱে প্ৰদৰ্শন কৰা হ’ব ঝুমুৰ নৃত্য।

শৰ্মাই কয় যে, এই সন্মিলনত দেশ- বিদেশৰ বহু বিনিয়োগকাৰী অসমলৈ আহিব। এই সন্মিলনতে অসমৰ ৮০০ খন চাহ বাগিচাৰ পৰা ৩২ গৰাকীকৈ যুৱতী, সেই অনুপাতে যুৱকে সাৰ্বজনীন ভাৱে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব। শৰ্মাই কয় যে, এই অনুষ্ঠানত ৭৫০০ নাচনী আৰু কলা- কুশলীয়ে অংশ গ্ৰহণ কৰি ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব। ইয়াৰ বাবে মাষ্টাৰ ট্ৰেইনাৰ, এল এ চি, জিলা ভিত্তিত কাৰ্যসূচী, গুৱাহাটীলৈ অনাকে ধৰি সকলো ব্যৱস্থা কৰা হ’ব। অৱশ্যে এতিয়াও ইয়াৰ বাবে দিন ঠিক কৰা হোৱা নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি ২৪-২৫ তাৰিখৰ কোনোবা এটা দিনত এই নৃত্য প্ৰদৰ্শন কৰা হ’ব। শৰ্মাই কয় যে, ইয়াৰ জৰিয়তে দেশী- বিদেশী বিনিয়োগকাৰীসকলে অসমৰ বাৰেৰহনীয় সংস্কৃতিৰ এক আভাস দেখিবলৈ পাব।

উল্লেখ্য যে, অহা ২৪-২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এডভান্টেজ অসম ২.০ ইনভেচমেন্ট এণ্ড ইনফাষ্ট্ৰাকচাৰ চাবমিট ২০২৫ (Advantage Assam 2.0)। এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  আনহাতে সামৰণি অনুষ্ঠানৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক আদৰণি জনোৱা হ’ব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই।

সংবাদ মেলত শৰ্মাই কয় যে, এই সন্মিলনখনত বিনিয়োগৰ লগতে আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিয়া হ’ব। আন্তঃগাঁথনি বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি সন্মিলনত কেইবাখনো সত্ৰ অনুষ্ঠিত কৰা হ’ব। আন্তঃগাঁথনিৰ লগত জড়িত পথ পৰিবহন, ৰে’লৱে, এগ্ৰিকালছাৰ, চিভিল ইভিয়েশ্যন, উদ্যোগিক ক্ষেত্ৰ আদিৰ ওপৰত পৃথককৈ সত্ৰ অনুষ্ঠিত হ’ব। এই সত্ৰসমূহৰ শুভ উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীয়ে।

শৰ্মাই কয় যে, অতি কম খৰচত এই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ’ব।  ৩টাকৈ প্ৰতিনিধি দলে দেশ- বিদেশ ভ্ৰমণ কৰিব সংশ্লিষ্ট বিভাগসমূহৰ সৈতে আলোচনাত মিলিত হ’ব। ইয়াৰোপৰি ভূটানৰ পৰা নামি অহা পানী ভালদৰে ব্যৱহাৰ কৰাৰ ওপৰতো গুৰুত্ব দিয়া হ’ব বুলি শৰ্মাই কয়। তেওঁ কয় যে, ভূটানৰ পৰা নামি অহা পানী জলসিঞ্চনত ব্যৱহাৰ কৰিলে নামনি অসমৰ পথাৰসমূহত বছৰৰ প্ৰত্যোক দিনতে পানী থাকিব। এই ক্ষেত্ৰত ভূটান চৰকাৰৰ লগত আলোচনা কৰিবৰ বাবে এটা প্ৰতিনিধি দল ভূটানলৈ যাব বুলি কয় শৰ্মাই।

পুনৰ শচীনৰ ৰেকৰ্ড ভংগ কৰি অষ্ট্ৰেলিয়াৰ মাটিত নতুন অভিলেখ বিৰাট কোহলীৰ
আই পি এল ইতিহাসৰ দামী খেলুৱৈ হ’ল পণ্ট, এইকেইগৰাকী খেলুৱৈৰো উদয় হল ভাগ্য
অভিশাপ নে বৰদান? জানক কল গছ জন্মৰ আঁৰৰ কাহিনী...
কমি যায় মূল্য! ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে ?