পুনৰ ফুটিল জাইকাৰ পাইপ, মহানগৰীৰ খাৰঘূলিত হাহাকাৰময় পৰিস্থিতি…
মহানগৰীত পুনৰ অঘটন। পুনৰ এবাৰ খাৰঘূলিত ফুটিল পানীৰ পাইপ। এই ঘটনাই সমগ্ৰ অঞ্চলটোত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে।
মহানগৰীত অঘটন! পুুনৰ ফুটিল পানীৰ পাইপ। জাইকাৰ পাইপ ফুটি গুৱাহাটী মহানগৰীৰ খাৰঘূলি অঞ্চলত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে পানীৰ সোঁতে সৰু-বৰ গছ ভাঙি নিয়াৰ লগতে কেইবাখন দোকান, ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতিসাধন কৰিছে।এই ঘটনাৰ ফলত এটা ঘৰৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে এটি’ কনমানি কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়। ভয়ংকৰ এই ঘটনাৰ পাছতেই স্থানীয়লোকৰ মাজত হাহকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। আনহাতে পাইপ ফুুটি ওলাই অহা পানীয়ে উক্ত অঞ্চলটোত কৃত্ৰিম বানৰ সৃষ্টি কৰিছে।
স্থানীয়লোকৰ ভাষ্য অনুসৰি আজি পুৱাৰ ভাগত তেওঁলোকে এটা প্ৰচণ্ড শব্দ শুনিবলৈ পায়। লগে লগে বাহিৰলৈ ওলাই গৈ দেখে যে জাইকাৰ পাইপ ফুটি পানী প্ৰায় তামোলৰ গছৰ সমান ওপৰলৈ উঠি গৈছে। লগে লগে উক্ত অঞ্চল পানীৰে ভৰি পৰে আৰু পানীৰ প্ৰচণ্ড সোঁতে দোকান-পোহাৰ, গছ -গছনি আদি উটুৱাই লৈ যায়। ঘটনাৰ সময়ত স্থানীয় ৰাইজৰ তৎপৰতাত কোনোমতে এটি শিশু আৰু এজন বৃদ্ধলোকৰ প্ৰাণ কথমপি ৰক্ষা পৰে।
পানীৰ প্ৰৱল সোঁতে এটা ঘৰৰ বিস্তৰ ক্ষতিসাধন কৰে। এই ঘৰটোৰ এগৰাকী মহিলাই কয় যে, মোৰ ঘৰৰ অৱস্থা নাই। ঘৰ শেষ হৈ গ’ল। ঘটনাৰ সময়ত কেইজনমান শুই আছিল আৰু শিশু এটি খেলি আছিল। এই ঘটনাৰ ফলত শিশুটি যথেষ্ঠ ভয় খাইছে। কথমপি তেওঁৰ প্ৰাণ ৰক্ষা পৰিছে।
স্থানীয়লোকে জনোৱা মতে, জাইকাৰ পাইপ ফুটাৰ প্ৰায় ১ ঘন্টা পাছতহে জাইকাই পানী বন্ধ কৰে। ইতিমধ্যে তেতিয়ালৈকে বহু পানীৰ অপব্যয় হোৱাৰ লগতে বহু ক্ষতিসাধনো হয়। ঘটনাৰ লগে লগে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।
আন একাংশলোকে কয় যে, জাইকাৰ পানী আমাক নালাগে। মানুহৰ প্ৰাণৰ বিনিময়ত অলপ পানী আমাক নালাগে। যোৱা বছৰো ইয়াৰ পৰা ২০০ মিটাৰ মান আঁতৰত একেই ঘটনা সংঘটিত হৈছিল য’ত এগৰাকী মহিলাই প্ৰাণ হেৰুওৱাৰ লগতে বহু লাখ টকাৰ সম্পত্তিৰ ক্ষতিসাধন হৈছিল। এই ঘটনাৰ পাছত চৰকাৰে কেইটামান টকা দিয়ে দায়িত্ব সাৰে বুলি কয় একাংশই। ইয়াৰোপৰি জাইকাৰ টেকনেচিয়ানৰ অভাৱ নেকি বুলিও প্ৰশ্ন কৰে একাংশই। তেওঁলোকে কয় যে, প্ৰায়ে মহানগৰীত জাইকাৰ পাইপ ফুুটে। এনে লাগে জাইকাৰ ওচৰত যোগ্য টেকনেচিয়ান নাই ।
উল্লেখ্য যে, এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও খাৰঘূলিত জাইকাৰ পাইপ ফুটি হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। য’ত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে বহুলোক আহত আৰু বহু সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হৈছিল। ইয়াৰোপৰি মহানগৰীৰ বিভিন্ন স্থানত প্ৰায়ে জাইকাৰ পাইপ ফুটাৰ ঘটনা পোহৰলৈ আহে। গতিকে খাৰঘূলিত হোৱা আজিৰ ঘটনাৰ পাছত জাইকাই এইবাৰ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।