Jonbeel Mela: সমাগত ঐতিহাসিক গোভা দেওঁৰজাৰ জোনবিল মেলা, বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ
জোনবিল মেলা মাঘ বিহুৰ পিছৰ সপ্তাহত আৰম্ভ হয়। গোভা দেওঁৰজাৰ শাসনকালৰে পৰা চলি অহা এইখন পৰম্পৰাগত মেলা৷ বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ ৷
সমাগত জোনবিল মেলা। গোভা দেওঁৰজাৰ শাসনকালৰে পৰা চলি অহা পৰম্পৰাগত এখন মেলা ৷ মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগীৰোডৰ পৰা উত্তৰে তিনি কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন বিল হৈছে জোনবিল। এই বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাৰ নামেই হৈছে জোনবিল মেলা। মাঘ বিহুৰ পিছৰ সপ্তাহত এই মেলা অনুষ্ঠিত হয়।
পাহাৰ ভৈয়ামৰ অতিথিসকলৰ বাবে মেলাথলিৰ সৌন্ধর্য বর্ধনৰ লগতে বিভিন্ন সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে। ২০২৫ত জোনবিল পাৰত তিনিদিনীয়া পৰম্পৰাগত কাৰ্যসূচীৰে ‘জোনবিল মেলা’ৰ অনুষ্ঠিত কৰা হ’ব। বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ ৷
২০২৫ বৰ্ষৰ জানুৱাৰী মাহৰ ১৬,১৭ আৰু ১৮ তাৰিখে তিনিদিনীয়া পৰম্পৰাগত কাৰ্যসূচীৰে তিৱা সাংস্কতিক প্রাণকেন্দ্র, পাহাৰ-ভৈয়াম মিলনৰ ক্ষেত্ৰ আৰু বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰ প্রতীক ‘জোনবিল মেলা’ অনুষ্ঠিত কৰা হ’ব।
ইতিমধ্যে, ইতিহাস প্ৰসিদ্ধ জোনবিল মেলাৰ সকলো প্ৰস্তুতি কৰিছে মেলা পৰিচালনা সমিতিয়ে ৷ পাহাৰত উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ কাৰ্বি আংলং আৰু মেঘালয়ৰ শতাধিক গাঁৱৰ পৰা মেলালৈ আহিব লোক ৷ সমান্তৰালকৈ জোনবিলত চলিব কুকুৰা যুঁজ আৰু সমূহীয়া মৎস্য চিকাৰ পৰ্ব ৷ ১৭ তাৰিখে মেলাত অনুষ্ঠিত হ’ব ৰাজ দৰবাৰ। য’ত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মধ্য অসমৰ ২২ গৰাকীকৈ তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ বিজেপি নেতৃত্বাধীন চৰকাৰে মধ্য অসমৰ তিৱা ৰজাসকলৰ ৰজাদিনীয়া সংস্কৃতি জীয়াই ৰখাৰ বাবে প্ৰতি বছৰে তিৱা ৰজাসকলক এককালীন ৰাজভাট্টা প্রদান কৰি আহিছে।
প্ৰতিবছৰে আৰম্ভ হোৱা সময়
জোনবিল মেলা মাঘ বিহুৰ পিছৰ সপ্তাহত আৰম্ভ হয়। সপ্তাহটোৰ মংগল-বুধবাৰৰ পৰা মানুহৰ সমাগম হয় যদিও শুক্ৰবাৰ আৰু শনিবাৰেহে প্ৰধান মেলা হয়। মেলা আৰম্ভ হোৱাৰ পূৰ্বে জোনবিলত ৰজাৰ পাৰিষদবৰ্গ তথা বিভিন্ন গাঁৱৰ নিৰ্দিষ্ট ব্যক্তিবোৰে মাছ মাৰে, ইয়াক ‘ৰজা মাছ’ মৰা বুলি কয়। সেই মাছেৰে জোনবিলৰ পাৰত ৰজাৰ সহিতে সকলোৱে মিলিজুলি ভোজভাত খায়। ইয়াৰ পিছদিনা সকলো ৰাইজলৈ এই বিলখন মাছ মৰাৰ বাবে মুকলি কৰি দিয়ে।
মেলাৰ তাৎপৰ্য
এই মেলাৰ বিশেষ তাৎপৰ্য হৈছে, পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত বিভিন্ন দ্ৰব্য ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰে। ইয়াত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য বিনিময় কৰে। সেয়ে এই মেলা হৈছে সম্প্ৰীতিৰ মেলা।
জোনবিল মেলা আৰু বিনিময় প্ৰথা
জোনবিল মেলাৰ আৰম্ভণি কোনে, কেতিয়া কৰিছিল তাৰ সঠিক তথ্য পোৱা নাযায় যদিও তাহানিৰ গোভা ৰাজ্য প্ৰতিষ্ঠাৰ দিনৰে পৰা এই মেলাৰ আৰম্ভণি হোৱা বুলি পণ্ডিত-গৱেষকসকলে মত পোষণ কৰিছে। গোভা ৰজা হৈছে এই মেলাৰ জন্মদাতা।
জোনবিল মেলাৰ ব্যুৎপত্তিগত অৰ্থ বিচাৰি গ’লে, কিছুমান জনশ্ৰুতি লোকসমাজৰ মুখত প্ৰচলিত হৈ অহা শুনিবলৈ পোৱা যায়। গোভা ৰাজ্য প্ৰতিষ্ঠা কৰা ৰজাই এদিন ৰাণীৰ বিহাৰ কৰি ঘূৰি ফুৰোঁতে এখন বিলৰ কাষ পাইছিল। বিলৰ ফটফটীয়া পানীত জোনৰ পোহৰ পৰি জিলিকি উঠিছিল। তাকে দেখি ৰজা-ৰাণীৰ মন আনন্দিত হৈছিল আৰু তেতিয়াই ৰজাই ৰাণীক কৈছিল, ‘হেবে ছনাই পিল হঙদ’ অৰ্থাৎ এইখন জোনটোৰ দৰে বিল। তিৱা ভাষাত ‘ছনাই’ মানে হৈছে জোন, এই ছনাই পিলৰ পৰাই কালক্ৰমত অপভ্ৰংশহৈ ছনাই পিল, জনাই পিল আৰু তাৰ পিছত জোনবিল হোৱা বুলি কোৱা হয়। ভৌগোলিক দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে এই বিলখনৰ আকৃতি কাঁচি জোনটোৰ দৰে, সেই বাবেও হয়টো ইয়াৰ নাম জোনবিল হ’ব পাৰে বুলি একাংশৰ বিশ্বাস।
এই মেলাৰ মূল বিষয় হৈছে বিনিময় প্ৰথা। বৰ্তমান যুগত টকা-পইচাৰে ক্ৰয় বিক্ৰয় কৰাৰ সময়তে এই মেলাত থলুৱা খাদ্য দ্ৰব্যৰে আদান-প্ৰদান কৰি থকা প্ৰথা দেখা যায়। পাহাৰত বসবাস কৰা তিৱাসকলে তেওঁলোকৰ উৎপাদিত খাদ্য শস্য, কৃষি সামগ্ৰী যেনে- কচু, হালধি, বাঁহগাজ, জলকীয়া, ঠেকেৰা, লা, শালধূনা আদি ভৈয়ামৰ লোকসকলৰ সান্দহ, পিঠা, মাছ ইত্যাদিৰ সৈতে বিনিময় কৰে। এই মেলাত খাচিয়া, জয়ন্তীয়া, গাৰো, কাৰ্বি পাহাৰৰ লোকসকলেও অংশগ্ৰহণ কৰে। সকলোৱে নিজ নিজ দ্ৰব্য হোৰাত ভৰাই লয় আৰু মেলাত থাকিবৰ বাবে বিভিন্ন সা-সঁজুলি লৈ আহে। বিনিময় প্ৰথা আৰম্ভ হোৱাৰ সমান্তৰালভাৱে সেই ঠাইৰ ওচৰতে কুকুৰা যুঁজ আৰম্ভ কৰা হয়। আনহাতে গোটেই মেলাখন পৰিচালনা কৰিবৰ বাবে একোখন পৰিচালনা সমিতি থাকে।