জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাত নাম সাঙোৰ খোৱা আৰক্ষী বিষয়া আভাজ্যোতি ৰাভা কোটিপতি... | jonmoni rabha case update abha jyoti rabha property details assam Assam news - Assam Tv9

জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাত নাম সাঙোৰ খোৱা আৰক্ষী বিষয়া আভাজ্যোতি ৰাভা কোটিপতি…

Updated On: 

22 Sep 2024 18:11 PM

এয়া আভাৰ সম্পত্তিৰ সম্যক ধাৰণা মাত্ৰা। এখন ছাদ ঢালাই দি মিস্ত্ৰী আদিৰ নামত তেওঁ প্ৰায় ২৫ লাখ টকা খৰচ কৰিছিল। মাত্ৰ ৩ বছৰ চাকৰি কৰিয়েই বিশাল সম্পত্তিৰ অধিকাৰী হৈ পৰিছিল আভা।

জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাত নাম সাঙোৰ খোৱা আৰক্ষী বিষয়া আভাজ্যোতি ৰাভা কোটিপতি...

আভাজ্যোতি ৰাভা

Follow Us On

পুনৰ চৰ্চালৈ আহিছে আৰক্ষীৰ উপ- পৰিদৰ্শক জোনমণিৰ ৰাভাৰ মৃ্ত্যুৰ ঘটনা। এই গোচৰৰ তদন্ত কৰি থকা চিবিআইয়ে অসম আৰক্ষীৰ ৭ গৰাকী আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ জাৰি কৰিছে। জখলাবন্ধাৰ অচি পৱন কলিতা, হয়বৰগাঁৱৰ আই চি আভাজ্যোতি ৰাভা, নগাঁৱৰ টিএছআই উৎপল বৈশ্য, জখলাবন্ধাৰ উপ- পৰিদৰ্শক জাকাৰিয়া চৌধুৰী, মৰিকলঙৰ উপ- পৰিদৰ্শক মনোজ বৰুৱা, কনিষ্টবল ৰেৱ বৰুৱা আৰু মজিবুৰ ৰহমানৰ বিৰুদ্ধে উত্থাপন হৈছে জোনমণি ৰাভাৰ মৃত্যু তথ্য প্ৰমাণ নষ্ট কৰাৰ অভিযোগ। তাৰ ভিত্তিতেই এইকেইগৰাকী আৰক্ষীৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন হৈছে।

২০২৩ চনৰ ১৬ মে’ৰ পুৱতি নিশা এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল জোনমণি ৰাভাৰ।  কন্টেইনাৰ ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলত জখলাবন্ধাৰ সৰুভগীয়াত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল। এয়া এক পথ দুৰ্ঘটনা আছিল যদিও এই মৃত্যুক লৈ সৃষ্টি হৈছিল ৰহস্যৰ। জোনমণিৰ পৰিয়ালৰলোকে এয়া এক হত্যাকাণ্ড বুলি দাবী কৰাৰ লগতে বহু আৰক্ষী বিষয়াৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছিল।

আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাৰ বিৰুদ্ধেও উত্থাপন হৈছিল গুৰুতৰ অভিযোগ। জোনমণিৰ ঘনিষ্ঠ এইগৰাকী আভাজ্যোতিৰ বিৰুদ্ধে এতিয়া চিবিআইয়ে বিভাগীয় তদন্ত ঘোষণা কৰিছে। পূৰ্বতে কেইবাবাৰো জেৰাৰ সন্মুখীন হোৱা আভাজ্যোতিৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ ৰিজাৰ্ভ ক্লজো কৰা হৈছিল।

৫২ নং বেটচৰ আভাজ্যোতি ৰাভাই অসম আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাপে  ২০২০ চনত চাকৰিত যোগদান কৰিছিল। ২০২৩ চনত আৰক্ষীৰ উপ- পৰিদৰ্শক নিযুক্তিৰ বাবে দিয়া বিজ্ঞাপনত উল্লেখ থকা অনুসৰি তেওঁলোকৰ দৰমহাৰ নিৰিখ অনুসৰি পে স্কেল হ’ব পে বণ্ড ২। অৰ্থাৎ ১৪ হাজাৰৰ পৰা ৬০,৫০০ টকা। ইযাৰোপৰি ৮৭০০ গ্ৰেড পে আৰু অন্যান্য এলাউঞ্চ  আছে।

আভাজ্যোতি ৰাভাৰ ঘৰ বকোৰ ডেকাপাৰাত। তেওঁৰ পিতৃৰ নাম বীৰেণ ৰাভা। সোণাপুৰ এমি স্কুলৰ শিক্ষক বীৰেণ ৰাভাই অৱসৰ গ্ৰহণ কৰিছিল আৰু বৰ্তমান তেওঁ এই সংসাৰত নাই। প্ৰবেচনৰী পিৰিয়ড শেষ কৰি আভাজ্যোতিয়ে কিছুদিন নগাঁও আৰক্ষী নিৱেশত আৰু পাছলৈ ইটাখলি আৰক্ষী চকীৰ আইচি আৰু শেষত গৈ হয়বৰ আৰক্ষী চকীৰ আইচি হৈছিল।

ধৰি লোৱা হ’ল আভাই দৰমহা পাই ৩৬,০০০ টকা। এনেকৈ ধৰিলে ২০২০ চনৰ পৰা ২০২৩ চনৰ ভিতৰত তেওঁৰ মুঠ আয় হ’বগৈ ১২ লাখ ৯৬ হাজাৰ টকা। এই গৰাকী আভাৰ সম্পত্তিৰ উত্থানৰ কথা শুনিলে আচৰিত হ’ব আপুনি। চাকৰিৰ পাছতেই আভাই বকোৰ ডনবস্কৰ কাষত ডেৰকঠা মাটি ক্ৰয় কৰিছিল। এই মাটি কঠাত ২০ ৰ পৰা ২৫ লাখ টকা মূল্য। ৩০ লাখ টকা দি সেই মাটি ক্ৰয় কৰি আভাই তাত ৫ মহলীয়া অট্টালিকা নিৰ্মাণ কৰি আছিল। সূত্ৰ অনুসৰি জানিব পৰা মতে ৰাণীৰ ওচৰতো আভাৰ আছে সম্পত্তি। ৩ বছৰ চাকৰি কৰাৰ পাছতেই কোটি টকাৰ মালিক হৈছিল আভাজ্যোতি।

এয়া আভাৰ সম্পত্তিৰ সম্যক ধাৰণা মাত্ৰা। এখন ছাদ ঢালাই দি মিস্ত্ৰী আদিৰ নামত তেওঁ প্ৰায় ২৫ লাখ টকা খৰচ কৰিছিল। মাত্ৰ ৩ বছৰ চাকৰি কৰিয়েই বিশাল সম্পত্তিৰ অধিকাৰী হৈ পৰিছিল আভা।

উল্লেখ কৰা প্ৰয়োজন যে জোনমণি ৰাভাৰ মৃত্যুৰ পাছতে নগাঁৱত নকল সোণ, নকল টকা আদিকে ধৰি দুৰ্নীতিৰ এখন ডাঙৰ বজাৰ পোহৰলৈ আহিছিল। নকল সোণৰ লগত জড়িত বহু ব্যৱসায়ীয়ে নিজে থানাত আহি ধৰা দিছিল।  কেৱল আভাই নহয়, এই দুৰ্নীতিত নাম সাঙোৰ খোৱা আৰক্ষী বিষয়াৰ তালিকা দীঘল। আশা এটাই, সম্ভৱত বিভাগীয় তদন্তত  আভাৰ লগতে অন্য আৰক্ষী বিষয়াৰ সম্পত্তিৰ উৎসৰ তথ্য পোহৰলৈ আহিব।

 

 

ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত হ'ব, জানক কিয় পুৱা সোনকালে শুই উঠিব লাগে...
Exit mobile version