জোনমণি ৰাভাৰ মৃত্যুৰ তথ্য-প্ৰমাণ নষ্ট কৰাৰ অভিযোগ! ৭ গৰাকী আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা | jonmoni rabha dead case Departmental Inquiry to 6 police men assam police Assam news - Assam Tv9

জোনমণি ৰাভাৰ মৃত্যুৰ তথ্য-প্ৰমাণ নষ্ট কৰাৰ অভিযোগ! ৭ গৰাকী আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা

Updated On: 

22 Sep 2024 18:23 PM

অসমৰ আৰক্ষীৰ মহিলা উপ- পৰিদৰ্শক জোনমণি ৰাভাৰ ২০২৩ চনৰ ১৬ মে'ৰ পুৱতি নিশা এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। কন্টেইনাৰ ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলত জখলাবন্ধাৰ সৰুভগীয়াত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল।

জোনমণি ৰাভাৰ মৃত্যুৰ তথ্য-প্ৰমাণ নষ্ট কৰাৰ অভিযোগ! ৭ গৰাকী আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা

জোনমণি ৰাভা

Follow Us On

পুনৰ চৰ্চালৈ আহিছে আৰক্ষী উপ-পৰিদৰ্শন জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা।  এইগৰাকী আৰক্ষী বিষয়াৰ মৃত্যুৰ তদন্তই লৈছে নতুন মোৰ। এই ঘটনাৰ তদন্ত কৰি থকা চিবিআইয়ে অসম আৰক্ষীৰ ৭ গৰাকী আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা কৰিছে। কৰ্তব্যত গাফিলতি, তথ্য- প্ৰমাণ নষ্ট কৰাৰ অভিযোগৰ ভিত্তিত এই কেইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা হৈছে।  এই সন্দৰ্ভত চিবিআইয়ে অসম আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰিছে। ইয়াৰ পূৰ্বে আৰক্ষীয়ে বৰ্খাস্ত কৰিছে চন্দ্ৰ বৰা আৰু আনাৰুল ইছলাম নামৰ ২ গৃহৰক্ষী জোৱানক।

চিবিআইয়ে তদন্তৰ নিৰ্দেশ জাৰি কৰা আৰক্ষী বিষয়া কেইগৰাকী হ’ল- জখলাবন্ধাৰ অচি পৱন কলিতা, হয়বৰগাঁৱৰ আই চি আভাজ্যোতি ৰাভা, নগাঁৱৰ টিএছআই উৎপল বৈশ্য, জখলাবন্ধাৰ উপ- পৰিদৰ্শক জাকাৰিয়া চৌধুৰী, মৰিকলঙৰ উপ- পৰিদৰ্শক মনোজ বৰুৱা, কনিষ্টবল ৰেৱ বৰুৱা আৰু মজিবুৰ ৰহমান।

উল্লেখ্য যে, অসমৰ আৰক্ষীৰ মহিলা উপ- পৰিদৰ্শক জোনমণি ৰাভাৰ ২০২৩ চনৰ ১৬ মে’ৰ পুৱতি নিশা এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। কন্টেইনাৰ ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলত জখলাবন্ধাৰ সৰুভগীয়াত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল।  দুৰ্ঘটনাৰ সময়ত জোনমণি ৰাভাই  AS 01 EN 7273 নম্বৰৰ নিজা গাড়ীখনেৰে উজনি অসমলৈ গৈ আছিল ।  সেই সময়তে বিপৰীত দিশৰ পৰা আহি থকা UP 78UT 4518 নম্বৰৰ কন্টেইনাৰ ট্ৰাকখনৰ লগত সংঘৰ্ষ হৈছিল জোনমণিৰ বাহনৰ।

এয়া এক পথ দুৰ্ঘটনা হ’লেও এই মৃত্যুক লৈ বহু ৰহস্যৰ সৃষ্টি হৈছিল। যাৰ বাবে প্ৰথমে চিআইডি আৰু পাছলৈ এই মৃত্যুৰ তদন্ত কৰিছিল চিবিআইয়ে। উল্লেখ্য যে, জোনমণিৰ পৰিয়ালৰ লোকে এয়া এক হত্যাকাণ্ড বুলি দাবী কৰি আহিছে । নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেৰ নামো লৈছিল জোনমণিৰ মাতৃয়ে। আনকি লীনা দলেৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছিল মাতৃয়ে। পৰৱৰ্তী সময়ত লীনা দলেক নগাঁলৰ পৰা বদলি কৰা গৈছিল। জোনমণিৰ মাতৃয়ে অভিযোগ কৰিছিল যে দুৰ্ঘটনা হোৱা নিশা লীনা দলেৰ নেতৃত্বত অহা এটা দলে জোনমণিৰ ঘৰৰ পৰা ৪ লাখ টকা লৈ গৈছিল।

এই ঘটনাত কেইবাগৰাকী আৰক্ষী বিষয়াৰ নাম সাঙোৰ খোৱাৰ লগতে তেওঁলোকৰ কু- কাণ্ডৰ কথা পোহৰলৈ আহিছিল। নগাঁৱত ইমান দিনে এইসকল আৰক্ষীয়ে বহু অবৈধ বেহা চলোৱাৰো অভিযোগ উত্থাপন হৈছিল। জোনমণিৰ মৃত্যুয়ে ধনৰ খকত একাংশ আৰক্ষী বিষয়াই কিদৰে তললৈ নামিব পাৰে সেয়া পোহৰলৈ আনিছিল। জোনমণিৰ মৃত্যুৰ পাছতে পোহৰলৈ আহিছিল যে কেনেদৰে এগৰাকী আৰক্ষী বিষয়াই চৰকাৰী চাকৰিত যোগদান কৰাৰ কেইমানমান পাছতেই গঢ়িছিল সম্পত্তিৰ পাহাৰ।

১ বছৰৰো অধিককাল ধৰি চলা তদন্তৰ পাছত এইবাৰ এই তদন্তই এক নতুন মোৰ লৈছে। তদন্ত ঘোষণা কৰা আৰক্ষী বিষয়া কেইগৰাকীৰ বিৰুদ্ধে পূৰ্বৰে পৰা বহু অভিযোগ উত্থাপন হৈ আহিছে। গতিকে এইকেইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে কৰা তদন্তত কি তথ্য পোহৰলৈ আহে সেয়া হ’ব লক্ষণীয়। কি কাৰণে তথ্য প্ৰমাণ নষ্ট কৰা হ’ল, আৰক্ষী সকলে কি বেহা চলাই আছিল, এয়া হত্যা নে দুৰ্ঘটনা ,সকলো তদন্তৰ অন্তত পোহৰলৈ আহিব।

ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত হ'ব, জানক কিয় পুৱা সোনকালে শুই উঠিব লাগে...
Exit mobile version