5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

এইবাৰৰ স্থান যোৰহাট: বিদ্যালয়তে সহপাঠীৰ বৰ্বৰ আক্ৰমণত গুৰুতৰভাৱে আহত একাদশ শ্ৰেণীৰ ছাত্ৰ

শ্ৰেণীকোঠাৰ পৰা ডিঙিত ধৰি স্কুলৰ বাৰাণ্ডালৈ উলিয়াই আনে ছাত্ৰজনক। তাৰ পিছতেই ছাত্ৰজনক আক্ৰমণৰ লক্ষ্য কৰি লয় ছাত্ৰৰ দলটোৱে। প্ৰায় ৮জন ছাত্ৰই মিলি কেচি, খাৰু আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰে একাদশ শ্ৰেণীৰ ছাত্ৰজনক। উদণ্ড ছাত্ৰৰ দলটোৰ আক্ৰমণত বাৰাণ্ডাতে ঢলি পৰে একাদশ শ্ৰেণীৰ ছাত্ৰজন।

এইবাৰৰ স্থান যোৰহাট: বিদ্যালয়তে সহপাঠীৰ বৰ্বৰ আক্ৰমণত গুৰুতৰভাৱে আহত একাদশ শ্ৰেণীৰ ছাত্ৰ
যোৰহাটৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়
trishna-kalita
Trishna Kalita | Published: 25 Sep 2024 14:36 PM

দৰঙৰ ঘটনাৰ চাঞ্চল্য মাৰ নাযাওতেই যোৰহাটত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এইবাৰ মাৰপিটৰ ঘটনাত ৰক্তাক্ত হৈ পৰিল যোৰহাটৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগন। একাদশ শ্ৰেণীৰ ছাত্ৰ দেৱজিৎ বণিয়াক চোকা অস্ত্ৰৰে আক্ৰমণ সহপাঠীৰ। বিদ্যালয়ৰ ভিতৰতে দেৱজিৎ বণিয়াক আক্ৰমণ একাংশ ছাত্ৰৰ। আক্ৰমণত গুৰুতৰভাৱে আহত দেৱজিৎ বণিয়া। আহত ছাত্ৰজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বিজয় হাজৰিকা নামৰ এজন ছাত্ৰক।

এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত । প্ৰতিদিনৰ দৰে বিদ্যালয়খনলৈ আহিছিল ছাত্ৰ-ছাত্ৰীসকল। প্ৰাৰ্থনা কৰিবলৈ কিছু সময় থকা অৱস্থাতে হঠাৎ হুৱাদুৱা লাগিল বিদ্যালয়খনত। চিঞৰ-বাখৰ হ’বলৈ ধৰাত প্ৰকৃততে কি হৈছে সেই কথাৰ উমান ল’বলৈ যোৱাৰ সময়তে দেখা গ’ল তেজেৰে লুটুৰি-পুতুৰি অৱস্থাত একাদশ শ্ৰেণীৰ ছাত্ৰজনক।

ঘটনা অনুসৰি পুৱা স্কুললৈ আহি শ্ৰেণীকোঠাত বেগটো থৈ কেইজনমান ছাত্ৰৰ সৈতে ওলাই গৈছিল ভুক্তভোগী ছাত্ৰজন। প্ৰথমে স্কুলৰ বাহিৰত আক্ৰমণকাৰী ছাত্ৰৰ দলটোৰে সংঘাত হয় ছাত্ৰজনৰ সৈতে আন কেইজনমান ছাত্ৰৰ। উদণ্ড ছাত্ৰৰ দলটোৱে স্কুলৰ বাহিৰতে প্ৰহাৰ কৰে ভুক্তভোগী ছাত্ৰজনৰ লগত যোৱা কেইজনমান ছাত্ৰক। তেতিয়াই সেই স্থানৰ পৰা আঁতৰি আহি শ্ৰেণীকোঠাত বহি আছিল দুৰ্ভগীয়া ছাত্ৰজন। কিন্তু বাহিৰত মাৰপিট কৰিয়েই ক্ষান্ত নাথাকি স্কুলৰ ভিতৰলৈ সোমাই আহে উদণ্ড ছাত্ৰৰ দলটো।

শ্ৰেণীকোঠাৰ পৰা ডিঙিত ধৰি স্কুলৰ বাৰাণ্ডালৈ উলিয়াই আনে ছাত্ৰজনক। তাৰ পিছতেই ছাত্ৰজনক আক্ৰমণৰ লক্ষ্য কৰি লয় ছাত্ৰৰ দলটোৱে। প্ৰায় ৮জন ছাত্ৰই মিলি কেচি, খাৰু আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰে একাদশ শ্ৰেণীৰ ছাত্ৰজনক। উদণ্ড ছাত্ৰৰ দলটোৰ আক্ৰমণত বাৰাণ্ডাতে ঢলি পৰে একাদশ শ্ৰেণীৰ ছাত্ৰজন। ছাত্ৰজনক মাৰপিট কৰিয়েই পলায়ন কৰে ছাত্ৰৰ দলটোৱে।

অতি সংকটজনক অৱস্থাত ছাত্ৰজনক ভৰ্তি কৰোৱা হয় হাস্পতালত। মূৰত ২৫ টাকৈ চিলাই পৰিছে একাদশ শ্ৰেণীৰ ছাত্ৰজনৰ। ইতিমধ্যে ঘটনাত জড়িত এজন ছাত্ৰক আটক কৰিছে আৰক্ষীয়ে। সমগ্ৰ ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

উল্লেখ্য যে, ২৩ ছেপ্টেম্বৰত দৰঙৰ পদুম পুখুৰী হাইস্কুলত সংঘটিত হৈছিল এনেই এক অনাকাংক্ষিত ঘটনা। ৪ ছাত্ৰৰ প্ৰহাৰত মৃত্যু হৈছিল নৱম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকাৰ। ইতিমধ্যে এই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে এজন ছাত্ৰই। বৰ্তমানলৈ আৰক্ষীয়ে এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰাৰ লগতে আন ৩ জনক আটক কৰি সোধা- পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে বিদ্যালয়খনৰ আন কৰ্মচাৰীসকলকো জেৰা চলাইছে আৰক্ষীয়ে।

Latest News