Googleয়েও বুজিলে ৰাইজৰ দুৰ্দশা! অন্তৰ্ধান হ’ল ৰাজ্যৰ এটা নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথ!

যোৰহাটৰ পৰা জাঁজীলৈকে নিৰ্মাণ চলি থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথচোৱা নোহোৱা হৈ পৰিল Googleৰ পথ নিৰ্দেশনাৰ পৰা । যোৰহাটৰ পৰা শিৱসাগৰলৈ নিৰ্মাণ চলি থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ অৱস্থা তথৈবচ হৈ পৰাৰ পিছত বৰ্তমান Google য়েও সলনি কৰিলে পথ নিৰ্দেশনা । 

Googleয়েও বুজিলে ৰাইজৰ দুৰ্দশা! অন্তৰ্ধান হল ৰাজ্যৰ এটা নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথ!

Google Mapৰ পৰা অন্তৰ্ধান হ'ল ৰাজ্যৰ এটা নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথ!

Published: 

04 Oct 2024 18:18 PM

হঠাৎ নোহোৱা হ’ল এটা ৰাষ্ট্ৰীয় ঘাইপথ৷ Google Mapৰ পৰা নোহোৱা হ’ল নিৰ্মীয়মান ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ৷ যোৰহাটৰ পৰা জাঁজীলৈ গুগুলে সলালে পথ নিৰ্দেশনা৷ যোৰহাট- মৰিয়নী-আমগুৰিহৈ জাঁজীলৈ পথ নিৰ্দেশনা গুগুল মেপত৷ ৰঙা চিহ্নৰে চিহ্নিত কৰিলে যোৰহাটৰ পৰা জাঁজীলৈ বিধ্বস্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা৷

যোৰহাটৰ মাজেৰে যোৱা বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত হাৰ মানিলে Googleয়ে । গুগল মেপেও বিচাৰি নোপোৱা হৈছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ। যোৰহাটৰ পৰা জাঁজীলৈকে নিৰ্মাণ চলি থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথচোৱা নোহোৱা হৈ পৰিল Googleৰ পথ নিৰ্দেশনাৰ পৰা । যোৰহাটৰ পৰা শিৱসাগৰলৈ নিৰ্মাণ চলি থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ অৱস্থা তথৈবচ হৈ পৰাৰ পিছত বৰ্তমান Google য়েও সলনি কৰিলে পথ নিৰ্দেশনা ।

যোৰহাটৰ পৰা উজনি অসমলৈ যোৱাৰ বাবে মূল মেৰুদণ্ড স্বৰূপ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সলনি যোৰহাটৰ পৰা মৰিয়নি হৈ আমগুৰিয়েদি জাঁজী , শিৱসাগৰ তথা উজনি অসমৰ অন্যান্য ঠাইলৈ যাবলৈ শেহতীয়াকৈ পথ নিৰ্দেশনা দিছে Googleয়ে । বৰষূণৰ সময়চোৱাত যোৰহাটৰ পৰা টীয়কলৈকে নিৰ্মীয়মান এই পথ চোৱা অতিক্ৰম কৰোতে প্ৰায় দুঘন্টা সময়ৰ প্ৰয়োজন হোৱাটো স্বাভাৱিক ঘটনাত পৰিণত হৈছিল । এই পথেৰে যাতায়ত কৰা লোকসকলৰ লগতে শেহতীয়াকৈ Google য়েও ৰাইজৰ দূৰ্দশা উপলব্ধি কৰি ৰাইজৰ সুবিধাৰ বাবে যোৰহাটৰ পৰা উজনিলৈ যাবলৈ পৃথক পথৰ নিৰ্দেশনা দাঙি ধৰা বুলি মত ব্যক্ত কৰিছে জনসাধাৰণে ।

এতিয়া সকলোৰে মনত ডাঙৰ প্ৰশ্ন, Google য়ে বুজি পালেও একাংশ চৰকাৰী বিষয়াই জনসাধাৰণৰ দূৰ্দশাৰ কথা কেতিয়াকৈ উপলব্ধি কৰিব? কাৰণ NHIDCL কৰ্তৃপক্ষই যুদ্ধকালীন তৎপৰতাৰে পথচোৱা নিৰ্মাণৰ কাম আগবঢ়াই নিছে যদিও ইয়াত বাধা হৈ দেখা দিছে ৰাজ্য চৰকাৰৰ একাংশ চৰকাৰী বিভাগৰ মাজত থকা সমন্বয়হীনতা । কাৰণ এই পথ নিৰ্মাণৰ বাবে অতিকৈ প্ৰয়োজনীয় বালি , মাটি আদি যোগানৰ ক্ষেত্ৰত চৰকাৰী ফাইলৰ কামকাজৰ বাবে হোৱা বিলম্বৰ ফলত পথ নিৰ্মাণত ব্যাপক প্ৰভাৱ পৰিছে ।

উল্লেখ্য যে, বিগত ৮ বছৰ ধৰি নিৰ্মাণ কাৰ্য চলি থকা লুন্ঠনস্থলীলৈ পৰিণত হোৱা যোৰহাটৰ পৰা জাঁজীলৈকে ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ দূৰাৱস্থাৰ বাবে গুগুলমেপত এতিয়া এই পথচোৱাৰ পৰিৱৰ্তে বেলেগ পথৰ নিৰ্দেশনা দিয়া হৈছে । ইয়াৰ বাবে সাধাৰণ লোকে ধন্যবাদ দিছে Googleক ।

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...