Assam: মৰ্মান্তিক! ৰহস্যজনক অৱস্থাত যুৱ সাংবাদিক অৰ্ণৱ কুমাৰ ৰয়ৰ মৃতদেহ উদ্ধাৰ... | journalist arnab kr rai passed away dead body found guwahati assam Assam news - Assam Tv9

Assam: মৰ্মান্তিক! ৰহস্যজনক অৱস্থাত যুৱ সাংবাদিক অৰ্ণৱ কুমাৰ ৰয়ৰ মৃতদেহ উদ্ধাৰ…

Assam: এগৰাকী যুৱ সাংবাদিকৰ অকাল মৃত্যু। সোমবাৰে অৰ্ণৱ কুমাৰ ৰয় নামৰ এজন সাংবাদিকে চৰম পন্থা গ্ৰহণ কৰে। গুৱাহাটীস্থিত ভাড়াঘৰত তেওঁৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয়।

Assam: মৰ্মান্তিক! ৰহস্যজনক অৱস্থাত যুৱ সাংবাদিক অৰ্ণৱ কুমাৰ ৰয়ৰ মৃতদেহ উদ্ধাৰ...

অৰ্ণৱ

Published: 

22 Oct 2024 06:53 AM

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। অকালতে মৃত্যুক সাৱতি ল’লে এগৰাকী যুৱ সাংবাদিকে। ২১ অক্টোবৰে সন্ধিয়াৰ ভাগত গুৱাহাটীৰ এটা ভাড়াঘৰত যুৱ সাংবাদিক অৰ্ণৱ কুমাৰ ৰয়ৰ মৃতদেহ উদ্ধাৰ হয়। জানিব পৰা মতে ভাড়াঘৰৰ কোঠাত এইজন যুৱকে চৰম পন্থা বাছি লৈছে। এই ঘটনাই অৰ্ণৱৰ পৰিয়ালৰ লগতে তেওঁৰ বন্ধু- বৰ্গক জোকাৰি গৈছে। অতি অমায়িক, শান্ত স্বভাৱৰ লৰা অৰ্ণৱ কুমাৰ ৰয়ৰ মৃত্যুৱে অসমৰ সংবাদ জগতত এক প্ৰকাৰ শোকৰ ছা পেলাইছে।

জানিব পৰা মতে, গুৱাহাটীৰ হাতীগাঁৱৰ শেৱালি পথৰ এটা ভাড়াঘৰত অৰ্ণৱে বাস কৰিছিল। কিন্তু এই ঘৰটোতেই কালি অৰ্ণৱৰ নশ্বৰ দেহ উদ্ধাৰ হয়। চাফ- চিকুনকৈ ৰখা অৰ্ণৱৰ ৰুমটোত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। অৱশ্যে কি কাৰণে অৰ্ণৱে আত্মহত্যা কৰিছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।

গুৱাহাটীস্থিতি এটা ব্যক্তিগত চেনেলৰ সংবাদ মাধ্যমত কৰ্মৰত আছিল অৰ্ণৱ। অন্য দিনাৰ দৰে কালিও তেওঁ অফিচলৈ আহিছিল আৰু নিজৰ দায়িত্ব সম্পূৰ্ণ কৰি সন্ধিয়া হাতীগাঁৱত থকা ভাড়াঘৰলৈ উভতিছিল। কিন্তু তাৰ পাছতেই অৰ্ণৱে আত্মহত্যা কৰি এই পৃথৱীৰ পৰা চিৰ বিদায় লয়।

অৰ্ণৱৰ সহকৰ্মীসকলে জনোৱা অনুসৰি, কালি দিনটো অতি সাধাৰণভাৱে আছিল অৰ্ণৱ। কেৱল কালিয়েই নহয়, অৰ্ণৱ আছিল হাঁহিমুখীয়া, ফূৰ্তিবাজ ল’ৰা। তেওঁৰ এই সিদ্ধান্ত কোনোৱে মানি ল’ব পৰা নাই। একাংশৰ মতে প্ৰেমজনিত কাৰণত অৰ্ণৱে চৰম পন্থা গ্ৰহণ কৰিছে। অৱশ্যে এয়া মাত্ৰ অনুমানহে।

ঘটনাৰ পাছতেই আৰক্ষী উপস্থিত হৈ অৰ্ণৱৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।  মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে জানিব পৰা যাব কেনেকৈ অৰ্ণৱৰ মৃত্যু হ’ল। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। তদন্তৰ অন্ততহে জানিব পৰা যাব কিয় আত্মহত্যাৰ দৰে চৰম পন্থা গ্ৰহণ কৰিলে অৰ্ণৱে।

প্ৰয়োজন নহয় ডিজেল, বিদ্যুতৰ! পানীৰে ট্ৰেইন চলিব দেশত...
ছাল, চুলিৰ বাবে উপকাৰী চাউলৰ পানী! এনেদৰে কৰক ব্যৱহাৰ...
তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পালে কেনেকুৱা লক্ষণে দেখা দিয়ে ? জানক...
লাই আৰু গাহৰি মাংসৰ আঞ্জা আপোনাৰ প্ৰিয় নে ? কেনেকৈ ৰান্ধিব জানক...