মুকলি আকাশৰ তললৈ আহিব সাংবাদিক দিলোৱাৰ হুছেইন! দ্বিতীয়টো গোচৰত লাভ কৰিলে জামিন
১১১/২৫ নম্বৰৰ গোচৰত জামিন লাভ কৰিলে দিলোৱাৰ হুছেইনে । ২০ হাজাৰ টকাৰ বণ্ডৰ বিনিময়ত জামিন প্ৰদান কৰা হৈছে সাংবাদিকগৰাকীক । অৱশ্যে বেইল বণ্ড জমা দিব নোৱাৰাৰ বাবে নিশাটো কাৰাগাৰত থাকিব লাগিব মজুমদাৰ।

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন লাভ। CJM আদালতে জামিন প্ৰদান কৰিলে সাংবাদিকগৰাকীক। ১১১/২৫ নম্বৰৰ গোচৰত জামিন লাভ কৰিলে দিলোৱাৰ হুছেইনে । ২০ হাজাৰ টকাৰ বণ্ডৰ বিনিময়ত জামিন প্ৰদান কৰা হৈছে সাংবাদিকগৰাকীক । অৱশ্যে বেইল বণ্ড জমা দিব নোৱাৰাৰ বাবে নিশাটো কাৰাগাৰত থাকিব লাগিব মজুমদাৰ। কাইলৈহে মুকলি আকাশৰ তললৈ আহিব সাংবাদিকগৰাকী। দিলোৱাৰ হুছেইনৰ গ্ৰেপ্তাৰক লৈ উত্তপ্ত হৈ পৰিছে ৰাজ্য।
বৃহস্পতিবাৰে দ্বিতীয়বাৰলৈ গ্ৰেপ্তাৰ কৰা হৈছিল সাংবাদিকগৰাকীক। গ্ৰেপ্তাৰৰ পাছতেই লৈ যোৱা হৈছিল পাণবজাৰ থানালৈ। BNSৰ ৩২৯/৩২৪(৪)/৩৫১(৩) ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে দিলোৱাৰক। BNSৰ ৩০৯(৪)/১১৫ ধাৰা আৰোপ কৰা হৈছিল দিলোৱাৰৰ বিৰুদ্ধে।বৃহস্পতিবাৰে আন এটা গোচৰত সাংবাদিকগৰাকীৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বেংকৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ লৈ পলায়ন কৰাৰ অভিযোগ আছিল দিলোৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে।
তাৰ পাছত আজি দিলোৱাৰ হুছেইন মজুমদাৰৰ বাসগৃহত পাণবজাৰ আৰক্ষীয়ে চলাইছিল অভিযান৷ দিলোৱাৰ হুছেইনক লগত লৈ ঘোঁৰামৰাৰ প্ৰাগজ্যোতিষ হাউছিঙৰ ঘৰত এই অভিযান৷ দিলোৱাৰ হুছেইন মজুমদাৰৰ গণেশগুৰিৰ ব্যৱসায়িক প্ৰতিষ্ঠানতো আৰক্ষীয়ে চলায় অভিযান। ইফালে ডবকাত সাংবাদিকগৰাকীৰ নামত থকা এখন ডাম্পাৰ জব্দ কৰিছে আৰক্ষীয়ে।
সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘মোৰ বিৰুদ্ধে কোনোবাই কিবা লিখিছে সেইকাৰণে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই। তেওঁৰ বিৰুদ্ধে দুই-তিনিটা গোচৰ আছে বাবেহে গ্ৰেপ্তাৰ হৈছে। প’ৰ্টেলত কৰ্মৰত সকলক এতিয়ালৈ চৰকাৰেও সাংবাদিক বুলি স্বীকৃতি দিয়া নাই।’
উল্লেখ্য যে, ইয়াৰ পূৰ্বে প্ৰথমবাৰ মঙলবাৰে নিশা পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সাংবাদিকগৰাকীক। সাংবাদিকগৰাকীৰ মুক্তিৰ দাবী সংবাদকৰ্মীৰ লগতে একাংশ দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।ইয়াৰ বিৰোধীতাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত ৰাজ্যৰ প্ৰতিটো সংবাদ গোষ্ঠীৰ জ্যেষ্ঠ, কনিষ্ঠ সাংবাদিক একত্ৰিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰথমৱস্থাত ন্যায়ালয়ে জামিন আবেদন নাকচ কৰিলে সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ। তাৰ পাছত আৰক্ষীয়ে উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে জামিন প্ৰদান কৰিছে জ্যেষ্ঠ সাংবাদিকগৰাকীক।জানিব পৰা মতে, এপেক্স বেংকৰ কেলেংকাৰি সন্দৰ্ভত প্ৰশ্ন কৰিছিল দিলোৱাৰে। বেংকটোৰ MD ডম্বৰু শইকীয়াক প্ৰশ্ন কৰিছিল সাংবাদিকগৰাকীয়ে।