সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন নাকচ আদালতৰ, থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ..

দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ গ্ৰেপ্তাৰ হোৱাৰ পাছতেই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়। ইয়াকে লৈ আজি সাংবাদিকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন নাকচ আদালতৰ, থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ..

মুকলি আকাশৰ তলত সাংবাদিক দিলোৱাৰ হুছেইন,

Published: 

26 Mar 2025 18:11 PM

ন্যায়ালয়ে জামিন আবেদন নাকচ কৰিলে সাংবাদিক  দিলোৱাৰ হুছেইন মজুমদাৰৰ। মঙলবাৰে নিশা পানবজাৰ আৰক্ষীয়ে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছত বুধবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল। কিন্তু CJM আদালতে জামিন নাকচ কৰে সাংবাদিকগৰাকীৰ। দিলোৱাৰ হুছেইনৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু কৰি ৰাখিছে আৰক্ষীয়ে।১১০/২৫ আৰু ১১১/২৫ নম্বৰত গোচৰ ৰুজু হৈছে দিলোৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে। আদালতত ৩ দিনৰ জিম্মাত বিচাৰিছে পাণবজাৰ আৰক্ষীয়ে।

উল্লেখ্য যে, এপেক্স বেংকৰ কেলেংকাৰী সন্দৰ্ভত প্ৰশ্ন কৰি থকাৰ সময়তে হুছেইনক আটক কৰে আৰক্ষীয়ে। আটকৰ পাছত বহু সময় পৰ্যন্ত কোনো গোচৰ ৰুজু কৰা নাছিল যদিও পৰৱৰ্তী সময়ত হুচেইনৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু কৰে। সাংবাদিক গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছতে সৰ্বত্ৰে ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াৰ বিৰোধিতা কৰি বিভিন্নজনে ইয়াৰ বিৰোধিতা কৰি সামাজিক মাধ্যমত কৰে।

ইয়াৰ পাছতে আজি পানবজাৰ আৰক্ষী থানাৰ সন্মুখত একাংশ সাংবাদিকে দিলোৱাৰ হুছেইন মজুমদাৰৰ মুক্তিৰ দাবী তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কেৱল সাংবাদিকে নহয়, বিভিন্ন দল-সংগঠন, ব্যক্তি-বিশেষ আদিয়েও চৰকাৰ তথা প্ৰশাসনক সমালোচনা কৰি বিনা চৰ্তে মুক্তিৰ দাবী জনায়। ইয়াৰোপৰি আৰক্ষী তথা প্ৰশাসনৰ স্থিতিৰ ওপৰতো একাংশই প্ৰশ্ন কৰে। প্ৰতিবাদী সাংবাদিকসকলে কয় যে, কোনো কাৰণ নোহোৱাকৈ, দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ যোৱাৰ বাবে দিলোৱাৰ হুছেইনক জেলত ভৰাই থোৱা হ’ল।

সাংবাদিক গৰাকীক গ্ৰেপ্তাৰ কৰা ঘটনাত গুৱাহাটী প্ৰেছ ক্লাবেও প্ৰতিক্ৰিয়া আগবঢ়ায়। প্ৰেছ ক্লাবে এই ঘটনাক তীব্ৰ গৰিহনা প্ৰদান কৰে। অভিযোগ অনুসৰি অসম কো অপাৰেটিভ এপেক্স বেংকত অসম জাতীয় পৰিষদৰ জাতীয় যুৱ বাহিনীৰ প্ৰতিবাদ কাৰ্যসূচীৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক, জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ থানালৈ ফোনযোগে মাতি নি আবদ্ধ কৰি ৰাখে । পাছত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

এই ঘটনাক গৰিহনা প্ৰদান কৰে অসম জাতীয় পৰিষদেও। দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই সংবাদ বিবৃতিযোগে কয় যে,অসমত এতিয়া দুৰ্নীতিমুক্ত পৰিৱেশ বিৰাজ কৰিছে আৰু সেয়ে ৰাজ্যত এতিয়া প্ৰতিবাদ নহয় বুলি অসম বিধানসভাত অলপতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা এটা স্পষ্ট মিথ্যাচাৰ । সাংবাদিকগৰাকীয়ে দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল । কিন্তু তেখেতক আটক কৰি ভয় খুৱাব খোজাটোৱে প্ৰমাণ কৰে যে প্ৰতিবাদ হ’বলৈ দিয়া হোৱা নাই, দুৰ্নীতিৰ বাতৰি প্ৰচাৰ কৰিবলৈ দিয়া হোৱা নাই ।

ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...
শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...
Hanuman Chalisa: হনুমান চালিছা কেতিয়া আৰু কেনেকৈ পাঠ কৰিব লাগে?
Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়?