হায় জীৱশ্ৰেষ্ঠ! চকু দুটা নষ্ট কৰি পেলালে, কোনোদিনে আৰু বনলৈ উভতিব নোৱাৰিব কলিয়াবৰৰ বাঘটো

কলিয়াবৰৰ একাংশ জীৱশ্ৰেষ্ঠৰ নিকৃষ্ঠ কাণ্ড। নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰি দুষ্প্ৰাপ্য প্ৰজাতিৰ এটা ঢেকীয়াপতিয়া বাঘক চিৰদিনৰ বাবে কণা কৰিলে একাংশই। যাৰ বাবে এতিয়া আৰু বাঘটো বনলৈ ঘূৰিব নোৱাৰে।

হায় জীৱশ্ৰেষ্ঠ! চকু দুটা নষ্ট কৰি পেলালে, কোনোদিনে আৰু বনলৈ উভতিব নোৱাৰিব কলিয়াবৰৰ বাঘটো

কলিয়াবৰ বাঘ

Published: 

21 Nov 2024 16:09 PM

অৱশেষত উদ্ধাৰ কৰা হ’ল কলিয়াবৰত একাংশ দুস্কৃতিকাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ঢেকীয়াপতিয়া বাঘটোক।  বুধবাৰে নিশা বন বিভাগৰলোকে বাঘটোক ট্ৰেংকুলাইজড কৰি লৈ আনে কাজিৰঙা বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ। জানিব পৰা মতে বুধবাৰে পুৱাৰ পৰা তপাহোলা-কেৰি বাকৰিৰ কলঙৰ পাৰত বাঘটোৱে আশ্ৰয় লৈ আছিল। প্ৰকাণ্ড বাঘটোক পিঞ্জৰাবন্ধ কৰিবলৈ বুধবাৰে দুপৰীয়াৰ পৰা বন বিভাগৰলোকে চেষ্টা কৰি আছিল যদিও সক্ষম হোৱা নাছিল। পৰৱৰ্তী সময়ত বন বিভাগৰ লোকৰ খেদা আৰু একাংশ নিকৃষ্ট মানুহৰ বিশৃংখল উন্মাদনাত বাঘটোৱে ভয় খাই কলং নৈত জঁপিয়াই পৰিছিল।

ইয়াৰ পাছত বাঘটোৱে নৈৰ ওচৰৰ জাৰণিত আশ্ৰয় লৈছিল।  আশ্ৰয় লোৱা বাঘটোক বন বিভাগ আৰু একাংশ স্থানীয়লোকে পহৰা দি নিশাৰ ভাগলৈ উদ্ধাৰ কৰে। কিন্তু তেতিয়ালৈকে বহু দেৰি হৈ গ’ল। কিয়নো কলং নৈৰ পাৰত আশ্ৰয় লোৱা বাঘটোত মানৱৰূপী একাংশ দানৱে চলাইছিল অত্যাচাৰ। একাংশই বাঘটোলৈ শিলগুটি, ইটা- চপৰা , গধুৰ সামগ্ৰী আদি দলিয়াই বন্যাল্লাল কৰিছিল। এই আক্ৰমণতেই গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছিল বাঘটো।

জানিব পৰা মতে মানুহৰ আক্ৰমণৰ ফলত বাঘটোৱে দুয়োটা চকু হেৰুৱাইছে। এটা চকু সম্পূৰ্ণ নষ্ট হৈ যোৱাৰ লগতে আন এটা চকু গুৰুতৰভাৱে আহত হয়। বাঘটোৰ দুয়োটা চকুৱে নষ্ট হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান বাঘটো চিকিৎসকৰ নিৰীক্ষণত আছে।ঘটনা সন্দৰ্ভত চিকিৎসক ভাস্কৰ চৌধুৰীয়ে জনাই যে, “আমি ৭ মান বজাত তাত উপস্থিত হৈ দেখিছিলো যে বাঘটোৰ অৱস্থা বেয়া। চকুৰে দেখা নাই। দুয়োটা চকু, মূৰত আঘাতৰ চিন আছিল। আমি তাক চিকিৎসা কৰিবলৈ পিঞ্জৰাবদ্ধ কৰা দৰকাৰ আছিল।  বাঘটো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আছিল বাবে মেডিচিন দি পিঞ্জৰাবন্ধ কৰিব পৰা অৱস্থা নাছিল। খুব সাৱধানে আমি নিশা দুষ্প্ৰাপ্য ঢেকীয়াপতিয়া বাঘটোক উদ্ধাৰ কৰিছিলো”।

চিকিৎসক গৰাকীয়ে কয় যে, বাঘটোৰ বাওঁফালৰ চকুটো সম্পূৰ্ণ নষ্ট হৈ গৈছে। নাকেৰে , চকুৰে তেজ ওলাই আছে। সম্পূৰ্ণ শৰীৰত আঘাত পাইছে। আঘাতৰ চিন দেখিলে গ’ম পোৱা যায় যে কোনো গধুৰ সামগ্ৰীৰে বাঘটোক আক্ৰমণ কৰিছিল। গতিকে এতিয়া আৰু বাঘটো পুনৰ বনলৈ উভতি যাব নোৱাৰিব। ইতিমধ্যে চিৰিয়াখানাৰ লগত কথা পতা গৈছে। স্বাস্থ্য ভাল হোৱাৰ পাছত বাঘটোক পুনৰ সংস্থাপন কৰাৰ ব্যৱস্থা কৰা হ’ব।

উল্লেখ্য যে, এই বাঘটোৱে দীৰ্ঘদিন ধৰি কলিয়াবৰৰ মিৰিভেটি, বৰভকতি, ঢেকিয়াল, কটীয়ৰী আৰু দেৱসত্ৰ আদিত আতংকৰ সৃষ্টি কৰিছিল। কিন্তু বন বিভাগে বাঘটোক উদ্ধাৰ কৰিব পৰা নাছিল। তাৰ মাজতে জীৱশ্ৰেষ্ঠ একাংশই নিকৃষ্ট মানসিকতাৰ পৰিচয় দি বাঘটোক চিৰদিনলৈ ঘূণীয়া কৰি পেলালে। যাৰ বাবে এতিয়া বাঘটো আৰু বনলৈ ঘূৰি যাব নোৱাৰে।

আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!