উদণ্ড ছাত্ৰৰ সন্ত্ৰাস! গুৱাহাটীৰ বিদ্যালয়ে বিদ্যালয়ে চলিছে শিক্ষাৰ্থীৰ তালাচী
ছিপাঝাৰৰ বিদ্যালয়ত শিক্ষার্থীক আক্ৰমণৰ ঘটনাৰ পাছতে তৎপৰ হৈছে শিক্ষা বিভাগ। কামৰূপ মহানগৰৰ বিদ্যালয়সমূহত স্কুল পৰিদৰ্শক দীপিকা চৌধুৰীৰ নিৰ্দেশনা মতে চলিছে তালাচী। বিদ্যালয়ত প্ৰৱেশৰ পূৰ্বে তন্নতন্নকৈ চোৱা হৈছে শিক্ষাৰ্থীৰ বেগ। কোনো শিক্ষার্থীয়ে বিদ্যালয়লৈ নিব নোৱাৰিব অস্ত্র-শস্ত্ৰ।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ অনুশাসনহীনতাক লৈ কঠোৰ হৈছে কামৰূপ মহানগৰ জিলা শিক্ষা বিভাগ। একাংশ উদণ্ড শিক্ষাৰ্থীয়ে শৈক্ষিক পৰিবেশ বিনষ্ট কৰি আহিছিল বহু বিদ্যালয়ত। যাৰ বাবে সংঘটিত হৈ আহিছে বহু অনাকাংশিত ঘটনা। বিশেষকৈ দৰং আৰু যোৰহাটৰ সংঘটিত ঘটনাৰ পিছতে তৎপৰ হৈছে কামৰূপ মহানগৰ বিদ্যালয়ৰ পৰিদৰ্শক।বিদ্যালয়ত সংঘটিত এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে কামৰূপ মহানগৰ প্ৰশাসনে। বিদ্যালয়ৰ প্ৰৱেশৰ সময়তে প্ৰতিজন শিক্ষাৰ্থীক তালাচী কৰিবলৈ বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ নিৰ্দেশনা জাৰি কৰিছে বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে। তাৰ পাছতে আজিৰে পৰা মহানগৰীৰ বিদ্যালয়ত চলিছে শিক্ষাৰ্থীৰ তালাচী
ছিপাঝাৰৰ বিদ্যালয়ত শিক্ষার্থীক আক্ৰমণৰ ঘটনাৰ পাছতে তৎপৰ হৈছে শিক্ষা বিভাগ। কামৰূপ মহানগৰৰ বিদ্যালয়সমূহত স্কুল পৰিদৰ্শক দীপিকা চৌধুৰীৰ নিৰ্দেশনা মতে চলিছে তালাচী।বিদ্যালয়ত প্ৰৱেশৰ পূৰ্বে তন্নতন্নকৈ চোৱা হৈছে শিক্ষাৰ্থীৰ বেগ। কোনো শিক্ষার্থীয়ে বিদ্যালয়লৈ নিব নোৱাৰিব অস্ত্র-শস্ত্ৰ। শিক্ষার্থীয়ে লগত নিব নোৱাৰিব ছুৰী-খুকুৰিজাতীয় চোকা অস্ত্র। নিষিদ্ধ সামগ্ৰী উদ্ধাৰ হ’লে অভিভাৱকক অৱগত কৰাৰ নিৰ্দেশ অৱগত কৰিব লাগিব স্কুলসমূহৰ পৰিদৰ্শককো। ব্যক্তিগত খণ্ডৰ বিদ্যালয়তো প্রযোজ্য হ’ব এই নির্দেশনা।
তালাচীৰ সময়ত যদি শিক্ষাৰ্থীৰ বেগত বা জেপত কোনো চোকা অস্ত্ৰ, অখাদ্য বা মাদকদ্ৰব্য আদি উদ্ধাৰ হয় তেন্তে বিদ্যালয় কৰ্তৃপক্ষই তেনে সামগ্ৰী লগে লগে জব্দ কৰাৰ লগতে সেই শিক্ষাৰ্থীজনৰ অভিভাৱকক তৎকালীনভাৱে এই বিষয়ে অৱগত কৰিব লাগিব। তদুপৰি এই সন্দৰ্ভত তথ্যসহ সঠিক প্ৰতিলিপি বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ প্ৰেৰণ কৰিব লাগিব।
উল্লেখ্য যে শেহতীয়াকৈ যোৱা ২৩ ছেপ্টেম্বৰত দৰং জিলাৰ পদুম পুখুৰী হাইস্কুলত সংঘটিত হৈছিল এক অনাকাংক্ষিত ঘটনা। বিদ্যালয়ৰ ভিতৰতে ৪ ছাত্ৰৰ প্ৰহাৰত মৃত্যু হৈছিল এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰৰ। এই ঘটনাৰ পাছতে সমগ্ৰ ৰাজ্যতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল। ঘটনাৰ পিছতে স্থানীয় আৰক্ষীয়ে ছাত্ৰজনৰ হত্যাত জড়িত থকাৰ অভিযোগত এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰাৰ লগতে ৩ জনক আটক কৰিছিল।
এই ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই যোৰহাটৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে একাংশ সহপাঠীয়ে। এই আক্ৰমণত গুৰুতৰভাৱে আহত ছাত্ৰজন সম্প্ৰতি স্থানীয় এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে এগৰাকী ছাত্ৰক। এই দুই ঘটনাৰ পূৰ্বে শিৱসাগৰত এগৰাকী ছাত্ৰৰ দ্বাৰা শিক্ষক হত্যাৰ ঘটনায়ো ৰাজ্য জোকাৰি তুলিছিল।