Karishma Nath: আকৌ ভাইৰেল কৰিশ্মা নাথ! সামাজিক মাধ্যমত কৰিশ্মাৰ নাগাৰা নামক লৈ কিয় চলিছে চৰ্চা?

ৰাইজৰ মৰমৰ কৰিশ্মা আকৌ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। কৰিশ্মাৰ লগত ভাইৰেল হৈ পৰিছে এগৰাকী মহিলা। য'ত কৰিশ্মাৰ ‘পে পে পে…’ত কৰিশ্মাৰ কাষত বিশেষ নৃত্য কৰা দেখা গৈছে মহিলাগৰাকীক। যি হৈ পৰিছে এতিয়া সামাজিক মাধ্যমৰ এটা চৰ্চিত বিষয়।

Karishma Nath: আকৌ ভাইৰেল কৰিশ্মা নাথ! সামাজিক মাধ্যমত কৰিশ্মাৰ নাগাৰা নামক লৈ কিয় চলিছে চৰ্চা?

আকৌ ভাইৰেল কৰিশ্মা নাথ!

Updated On: 

09 Nov 2024 13:09 PM

আকৌ চৰ্চাত কৰিশ্মা নাথ। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কৰিশ্মা নাথৰ এটা বিশেষ ভিডিঅ’। কিন্তু এইবাৰ কেৱল কৰিশ্মা নহয়, এইবাৰ কৰিশ্মাৰ লগত ভাইৰেল হৈ পৰিছে এগৰাকী মহিলা। নাগাৰা নামৰ যোগেদি ৰাইজৰ মাজলৈ আহিছিল কৰিশ্মা। সেই কৰিশ্মাক চাবলৈ প্ৰত্যেকটো অনুষ্ঠানতে দেখা যায় ৰাইজৰ ভিৰ। কৰিশ্মা নাথৰ আছে নাগাৰা নাম পৰিৱেশনৰ বিশেষ শৈলী। যাৰ বাবে কৰিশ্মাক নাগাৰা নাম চাবলৈ আজিও হিল-দল ভাঙি আহে ৰাইজ।

‘পে পে পে…’ ৰ জৰিয়তে কৰিশ্মা ছ’চিয়েল মিডিয়াত নিশাটোৰ ভিতৰতে হৈ পৰিছিল জনপ্ৰিয়। নাগাৰা নামৰ নিজস্ব শৈলীৰ সকলোকে কৰিছিল মন্ত্ৰমুগ্ধ। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ সকলোকে কৰিছিল আপ্লুত। কৰিশ্মাই গোৱা নাগাৰা নাম ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই ষ্টাৰত পৰিণত হৈছিল এইগৰাকী কৰিশ্মা নাথ। ছ’চিয়েল মিডিয়াই নহয়, টিভি-বাতৰি কাকততো বিশেষভাৱে স্থান লাভ কৰিলে কৰিশ্মা নাথে। সাক্ষাৎকাৰ দি তৎ নোপোৱা হৈছিল এইগৰাকী যুৱতীয়ে।

কৰিশ্মা নাথ বুলি ক’লেই সকলোৰে মুখলৈ আহে মিছিকীয়া হাঁহিৰে সকলো মাজত নাম প্ৰদৰ্শন কৰা মৰম লগা ছোৱালীজনীৰ বিষয়ে। নাগাৰা নাম প্ৰদৰ্শন কৰি অসমবাসীৰ মন জয় কৰিছে কৰিশ্মা নাথে। শদিয়াৰ পৰা ধুবুৰীলৈ আজিও কৰিশ্মা নাথৰ নাগাৰা নাম চাবলৈ হাবাথুৰি খাই ৰাইজে। বেণ্ডপাৰ্টি, বিহু আৰু কি কি যে নাই কৰিশ্মা নাথৰ নাগাৰা নামত। ৰাইজৰ আকৰ্ষিক কৰিব পৰাকৈ কৰিশ্মাৰ আছে বিশেষ কৌশল। নামৰ মাজত কৰিশ্মাই দেখাই বিশেষ ভংগীমা। যিবোৰ হয়তো ৰাইজে বেলেগ নাম দলত বিচাৰি নাপায়। সেয়েহে ৰাইজৰ মাজত অতিকৈ জনপ্ৰিয় কৰিশ্মা নাথৰ নাগাৰা নাম।

পিছে ৰাইজৰ মৰমৰ কৰিশ্মা আকৌ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। কৰিশ্মাৰ লগত ভাইৰেল হৈ পৰিছে এগৰাকী মহিলা। য’ত কৰিশ্মাৰ ‘পে পে পে…’ত কৰিশ্মাৰ কাষত বিশেষ নৃত্য কৰা দেখা গৈছে মহিলাগৰাকীক। যি হৈ পৰিছে এতিয়া সামাজিক মাধ্যমৰ এটা চৰ্চিত বিষয়। কিন্তু সেই ভিডিঅ’ চাই বহুত বহুত মন্তব্য প্ৰদান কৰিছে। সামাজিক মাধ্যমত সকলোৱে একেমুখে কৰিশ্মাৰ বিৰোধ কৰা দেখা গৈছে। এই সন্দৰ্ভত অভিনেতা তথা সমাজকৰ্মী বৈকুণ্ঠপ্ৰিন্সে কি কৈছে শুনক-

 

এই ভিডিঅ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে বহুজনে। তাত বিভিন্ন জনৰ বিভিন্ন কমেণ্ট। কিছুমানে যদি দোষাৰূপ কৰিছে কমিটিক আন কোনোবাই আকৌ কৈছে ভুল ৰাইজৰ। কোনোবাই কৈছে – “আচলতে ইয়াৰ বাবে অকল কৰিশ্মা নাথেই দোষী নহয়, লগতে তেওঁক মতা সংস্কৃতিবান কৰ্মীসকলও।” এজনে কৈছে- “জানি শুনিও কমিটিবোৰে তেওঁক কিয় নাম গাব মাতে, তাতকৈ চাৰ্কাচ মাতিব লাগে।” এজনৰ মতে- “এই ধৰণৰ নৃত্য বিহাৰত খুবেই জনপ্ৰিয়।” এজনে আকৌ কমেণ্টত কৈছে- দোষ বাইদেউজনীৰ নহয়, উপস্থিত ৰাইজৰ হে।”

এতিয়া প্ৰশ্ন এইটোৱেই যে সচাঁকৈ অসমীয়া সংস্কৃতিক বিপথে পৰিচালিত কৰিছে নেকি কৰিশ্মা নাথে? নাগাৰা নামক বিকৃত কৰিছে নেকি কৰিশ্মাই? সময়ে সময়ে সামাজিক মাধ্যমত এইদৰে ভাইৰেল হৈ পৰে কৰিশ্মা। যাক লৈ সৃষ্টি হয় বিতৰ্কৰ। একাংশ লোকে সামাজিক মাধ্যমত কৰে বিভিন্ন কটু মন্তব্য। কিন্তু এই সকলোবোৰ সামৰি আজিও যেন ৰাইজৰ মাজত অতিকৈ জনপ্ৰিয় হৈ আছে কৰিশ্মা নাথৰ নাগাৰা নাম।

 

১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...