5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Kati Bihu Wishes: আজি কাতি বিহু, এইদৰে আপোনজনলৈ প্ৰেৰণ কৰক শুভেচ্ছা বাৰ্তা…

বিহু অসমীয়াৰ প্ৰাণৰ উৎসৱ যদিও অসমবাসীয়ে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত অনুষ্টুপীয়াকৈ পালন কৰে । ইয়াৰ সৈতে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি আৰু কেতবোৰ পৰম্পৰা ।এই বিহুৰ দিনা মানুহে আকাশৰন্তি জ্বলায়। তুলসীৰ তলত নাম গায়।

Kati Bihu Wishes: আজি কাতি বিহু, এইদৰে আপোনজনলৈ প্ৰেৰণ কৰক শুভেচ্ছা বাৰ্তা…
কাতি বিহুৰ শুভেচ্ছা
trishna-kalita
Trishna Kalita | Updated On: 17 Oct 2024 11:10 AM

অসমীয়াৰ প্ৰাণৰ উৎসৱ কাতি বা কঙালী বিহু।আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। বিহু অসমীয়াৰ প্ৰাণৰ উৎসৱ যদিও অসমবাসীয়ে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত অনুষ্টুপীয়াকৈ পালন কৰে । ইয়াৰ সৈতে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি আৰু কেতবোৰ পৰম্পৰা ।এই বিহুৰ দিনা মানুহে আকাশৰন্তি জ্বলায়। তুলসীৰ গূৰিত নাম গায়। ভঁৰাল, ঢেঁকীশাল, ধোৱা চাং, ধাননি পথাৰ, গোহালি, হাঁহ-ছাগলীৰ গঁড়ালৰ সন্মুখত চাকি জ্বলাই।

সামাজিক মাধ্যমযোগে ৰাজ্যবাসীক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লিখিছে- “আজি কাতি বিহু৷ আজিৰ এই দিনটোতে সন্ধিয়া পৰত শস্যৰ সুৰক্ষা আৰু কৃষক ৰাইজৰ মংগল কামনা কৰি তুলসী তলত বন্তি জ্বলোৱা পৰম্পৰা অসমৰ জনজীৱনৰ অভিন্ন লোকাচাৰ৷ কাতি বিহু উপলক্ষে অসমবাসীৰ মংগল কামনা কৰাৰ লগতে কৃষক-ৰাইজৰ সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে প্ৰাৰ্থনা জনালোঁ৷ কঙালীৰ আকাশ বন্তিৰ পোহৰেৰে উজলি উঠক আমাৰ সমাজ জীৱন৷ শস্য-শ্যামলা হৈ পৰক আমাৰ পথাৰ৷ নাশ হওক সমাজৰ অসূয়া-অমংগল সেয়াই কামনা কৰিলোঁ৷”

 

অসমবাসীক কাতি বিহুৰ শুভেচ্ছা জনাইছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেওঁ লিখিছে- “বাপতিসাহোন কাতি বিহুৰ ঐতিহ্য-পৰম্পৰা, আকাশবন্তিৰ পোহৰে ন আশাৰ সঞ্চাৰ কৰি অসমৰ সমাজ জীৱন উজলাই তোলে, তুলসী তলৰ বন্তিয়ে কঢ়িয়াই আনে পৱিত্ৰতা। কাতি বিহুৰ যুগ যুগৰ এই পৰম্পৰাসমূহেৰে চৌদিশ উদ্ভাসিত হৈ উঠক আৰু খেতিপথাৰসমূহ কীট-পতংগৰ আক্ৰমণৰপৰা সুৰক্ষিত হৈ নদন-বদন হৈ পৰক, কৃষিজীৱী ৰাইজৰ মংগল হওক, তাৰেই কামনা কৰিলোঁ।”

 

এই বিশেষ দিনটোত আপুনিও আপোনাৰ পৰিয়াল, বন্ধু অথবা প্ৰিয়জনলৈ পঠাব পাৰে এটি সমধুৰ বাৰ্তা। বছৰটো ভালদৰে যাবলৈ এইদৰে দিব পাৰে শুভেচ্ছা –

  • ‘তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে।’ কাতি বিহুৰ শুভেচ্ছা জনালো।
  • তুলসী তলৰ বন্তি গছিৰ পোহৰে জীৱনৰ অন্ধকাৰ নাশ কৰি পোহৰেৰে উজলাই তোলক আপোনাৰ জীৱন। কাতি বিহুৰ শুভেচ্ছা!
  • ধনে-ধানে উপচি পৰক আপোনাৰ ঘৰ। আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ কাতি বিহু শুভেচ্ছা জনালো।
  • তুলসীৰ তলৰ চাকিটিৰ দৰেই আন্ধাৰৰ মাজতে জিলিকি উঠক সকলোৰে জীৱন। কাতি বিহুৰ শুভেচ্ছা জনালো।
  • সোণোৱালী হওঁক সকলোৰে খেতি পথাৰ। আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ কাতি বিহুৰ শুভেচ্ছা।
  • ফচলৰে উপচি পৰক সকলোৰে ভঁৰাল।সকলোৰে জীৱনলৈ আহক সুখৰ বতৰা।কাতি বিহুৰ অলেখ শুভেচ্ছা।
  • কঙালী কাতিয়ে আনক ভোগৰ বতৰা।সকলোলৈ কাতি বিহুৰ শুভেচ্ছা থাকিল।
  • কঙালীৰ গৰ্ভতে অংকুৰিত হওক ভোগালীৰ বীজ। আপোনাৰ লগতে পৰিয়াললৈ কাতি বিহু শুভেচ্ছা।
  • কাতি বিহুৰ আকাশবন্তিৰ পোহৰে উজলাই তোলক কৃষিজীৱি ৰাইজৰ সপোন, উৰ্বৰা হৈ উঠক প্ৰতিখন খেতিপথাৰ আৰু ফচলেৰে ভৰি পৰক হেঁপাহৰ ভঁৰাল।
  • সোণগুটিৰে ভৰি পৰক কৃষিজীৱী অসমীয়াৰ পথাৰ, ধন-ধানেৰে উপচি পৰক ভঁৰাল। কাতি বিহুৰ আন্তৰিক শুভেচ্ছা।

Latest News