শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Kaziranga National Park: ১২৪ টা প্ৰজাতিৰ ১,১২,০৬২ জলচৰ পক্ষী পোৱা গ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত

পক্ষীপ্ৰেমীক অধিক আকৰ্ষণৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । উদ্যানখনৰ পানবাৰী ৰেঞ্জত স্থাপন কৰা হৈছে যথেষ্ট সংখ্যক পক্ষীৰ আত্মগোপনৰ স্থান ।

Kaziranga National Park: ১২৪ টা প্ৰজাতিৰ ১,১২,০৬২ জলচৰ পক্ষী পোৱা গ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানImage Credit source: Anuwar Hazarika/NurPhoto via Getty Images
raj-saikia
Raj Saikia | Updated On: 04 Feb 2025 17:51 PM

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই তেখতৰ গীতত কৈছিল “কাজিৰঙাখনি অনন্য” । সঁচাকৈয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ বাবে গৌৰৱৰ থল । কিন্তু এটা কথা যে কেৱল এশিঙীয়া গঁড়, বাঘ বা আন বনৰীয়া জন্তুৰ বাবেই ই অনন্য হৈ পৰা নাই । কাজিৰঙাত বসতি লোৱা পক্ষীকূলো এই গৌৰৱৰ ভাগিদাৰ । থলুৱা আৰু পৰিভ্ৰমী পক্ষীৰ অন্যতম বিচৰণ থলী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা জলাশয় সমূহত ১.১২ লাখ জলচৰ পক্ষী পোৱা গৈছে শেহতীয়া পিয়লত । যিয়ে পক্ষীপ্ৰেমীসকলক আকৰ্ষিত কৰিছে ।

সোমবাৰে ১৩০০ বৰ্গ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উদ্যানখনে ইয়াৰ পক্ষীকূলক আমনি নকৰাকৈ ওচৰৰ পৰা চাব বিচৰা পক্ষীপ্ৰেমীৰ বাবে এক নতুন আকৰ্ষণ সংযুক্ত কৰে ।

পক্ষীপ্ৰেমীক অধিক আকৰ্ষণ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে সোমবাৰে কাজিৰঙা কৰ্তৃপক্ষই কয় যে তেওঁলোকে পানবাৰী সংৰক্ষিত বনাঞ্চলৰ কেইবাটাও স্থানত মৰাপাটেৰে চৰাইবোৰৰ বাবে আত্মগোপনৰ স্থান স্থাপন কৰিছে ।

সোমবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে কয়, “দৰ্শনাৰ্থীক কোনো বাধা নোহোৱাকৈ চৰাই পৰ্যবেক্ষণ কৰাৰ সুযোগ প্ৰদান কৰিবলৈ মাচান (প্লেটফৰ্ম)ৰ ওপৰত বিশেষভাৱে চৰাইৰ বাহ সৃষ্টি কৰা হৈছে, যাৰ ফলত তেওঁলোকে নিজৰ প্ৰাকৃতিক বাসস্থানত চৰাইবোৰক নিবিড়ভাৱে নিৰীক্ষণ কৰাৰ সুযোগ পাব । এই কৌশলগতভাৱে স্থাপন কৰা আত্মগোপন স্থানসমূহে চৰাই চোৱাৰ অভিজ্ঞতা বৃদ্ধি কৰিব, যাৰ ফলত অনুৰাগীসকলে মনোগ্ৰাহী ফটো তুলিব পাৰিব আৰু এই চৰাইবোৰৰ সৌন্দৰ্য উপভোগৰ সাক্ষী হ’ব পাৰিব ।”

ঘোষে কয় যে পক্ষী নিৰীক্ষণ স্থানসমূহে পৰ্যটকসকলক পাহাৰীয়া অৰণ্য, অসংখ্য প্ৰজাতিৰ পখিলা, হলক গিবন আৰু স্তন্যপায়ী প্ৰাণী চোৱাৰ অভিজ্ঞতা লাভ কৰাৰ সুযোগ প্ৰদান কৰিব । দায়িত্বশীল পৰ্যটনৰ ধাৰণাটোক প্ৰচাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

এসময়ত পক্ষী পৰ্যবেক্ষক আৰু প্ৰকৃতিপ্ৰেমীৰ অভয়াৰণ্য হিচাপে পৰিগণিত হোৱা পানবাৰী ২০০৯ চনৰ পৰা বন্ধ হৈ আছিল, ২০২২ চনত কিছু সময়ৰ বাবে মুকলি হৈছিল যদিও পিছত পুনৰ বন্ধ কৰি দিয়া হৈছিল । বনাঞ্চলখন পুনৰ মুকলি কৰি আন্তঃগাঁথনিৰ নতুন ৰূপ দিয়া হ’ল ।

২,৬১৩টা (২০২২ চনৰ লোকপিয়লত) এশিঙীয়া গঁড়ৰ সৈতে কাজিৰঙা ইয়াৰ আটাইতকৈ ডাঙৰ বসতিস্থল । কাজিৰঙাৰ পৰ্যটন অভিযান বিগ ফাইভ: গঁড়, এছিয়ান হাতী, ঢেকীয়াপতীয়া বাঘ, বনৰীয়া ম’হ আৰু দল হৰিণৰ ওপৰত কেন্দ্ৰিত হৈ আছিল । কিন্তু উদ্যানখনে ক্ৰমান্বয়ে ইয়াৰ পক্ষীৰ জনসংখ্যা আৰু নদীৰ ছাফাৰীৰ সুবিধা প্ৰক্ষেপণ কৰি দৰ্শনাৰ্থীসকলক নতুন অভিজ্ঞতা প্ৰদান কৰিছে ।

কৰ্তৃপক্ষই সোমবাৰে জনোৱা অনুসৰি, পানবাৰী বনাঞ্চল প্ৰায় ৩০০ প্ৰজাতিৰ চৰাইৰ বাবে বিখ্যাত । তাৰোপৰি ইয়াত আছে চাৰিশতাধিক পখিলাৰ প্ৰজাতি ।

পৰ্যটকসকলে ইয়াত স্তন্যপায়ী প্ৰাণীও প্ৰত্যক্ষ কৰিব পাৰে । হাতী, ঢেকীয়াপতীয়া বাঘ, দল হৰিণ, হুগৰি পহু, টুপীমূৰীয়া বান্দৰ, হলৌ বান্দৰ, বনৰৌ, কেটেলা পহুকে ধৰি বিভিন্ন জন্তু ইয়াত আছে ।

জানুৱাৰী মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যি পক্ষীৰ পিয়ল কৰিছিল, সেই অনুসৰি ১২৪ টা প্ৰজাতিৰ ১,১২,০৬২ জলচৰ পক্ষী পোৱা গৈছে । অন্ধ্ৰপ্ৰদেশৰ কোল্লাৰু হ্ৰদ (৬ লক্ষাধিক) আৰু গুজৰাটৰ নল সৰোবৰ (৩.৬২ লাখ) ৰ পিছতে স্থান পাইছে কাজিৰঙাই ।