Kati Bihu: কিয় পালন কৰা হয় কাতি বিহু? ইয়াৰ আঁৰত থকা পৰম্পৰাৰ বিষয়ে সবিশেষ জানক..
কাতি বিহুত নাথাকে উলহ-মালহ, নাথাকে ভোগ-প্ৰচুৰ্যও। সেয়েহে এই বিহুটিক কোৱা হয় কঙালী বুলি। তথাপিও অসমীয়াৰ প্ৰাণৰ কাতি বিহুটি তাৎপৰ্যহীন নহয়। ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎকালীয় এই কাতি বিহু যেন শৰতৰ হৰেই স্নিগ্ধ সমাহিত ৰূপত অৱিৰ্ভাৱ হয়।
কাতি বা কঙালী বিহু অসমৰ জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ । আহিন আৰু কাতিৰ দোমাহীৰ দিনটো অসমীয়া লোক সমাজে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে কাতি বিহু হিচাপে।ইয়াৰ সৈতে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি আৰু কেতবোৰ পৰম্পৰা ।চহা জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত কাতি বিহুত সেউজ ধাননি পথাৰত আকাশ বন্তি জ্বলাই কৃষকৰ সপোনৰ ধাননি ডৰাৰ শ্ৰীবৃদ্ধি কামনা কৰাৰ লগতে তুলসীৰ তলত বন্তি জ্বলাই সকলোৱে মংগল কামনা কৰে। অসমৰ বিভিন্ন ঠাইত ইয়াৰ নীতি-নিয়ম কিছু পৃথক যদিও সকলোৰে উদ্দেশ্য হ’ল শস্যৰ শ্ৰীবৃদ্ধি কামনা।
কাতি বিহুত নাথাকে উলহ-মালহ, নাথাকে ভোগ-প্ৰচুৰ্যও। সেয়েহে এই বিহুটিক কোৱা হয় কঙালী বুলি। তথাপিও অসমীয়াৰ প্ৰাণৰ কাতি বিহুটি তাৎপৰ্যহীন নহয়। ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎকালীয় এই কাতি বিহু যেন শৰতৰ হৰেই স্নিগ্ধ সমাহিত ৰূপত অৱিৰ্ভাৱ হয়। কাতি মাহত কৃযিজীৱী অসমীয়াৰ ভঁৰাল উদং হৈ আহে। কিন্তু এই শৰতৰ বতৰতে কৃষকৰ হেপাহৰ ধাননি ডৰাত ধানৰ থোকবোৰে বতাহত হালিবলৈ আৰম্ভ কৰে ৷ কোনোডৰা ধান আকৌ কলপক ধৰে ৷ এই সময়তে শস্য নষ্টকাৰী কীট-পতংগৰো উপদ্ৰৱ বেছি হয় পথাৰত ৷ পোক-পৰুৱা, চৰাই-চিৰিকটি, নিগনি-এন্দুৰৰ লগতে প্ৰাকৃতিক উপসৰ্গসমূহে লহপহকৈ বাঢ়ি অহা ধাননি ডৰাৰ যাতে অপকাৰ সাধিব নোৱাৰে, তাৰ বাবে খেতিয়ক সজাগ হৈ থাকে । শস্যৰ ৰক্ষাৰ বাবে বিধি-বিধান পালন কৰে ।
এই বিহুৰ দিনা মানুহে আকাশৰন্তি জ্বলায়। তুলসীৰ তলত নাম গায়। ভঁৰাল, ঢেঁকীশাল, ধোৱা চাং, ধাননি পথাৰ, গোহালি, হাঁহ-ছাগলীৰ গঁড়ালৰ সন্মুখত চাকি জ্বলাই। অকল বিহুৰ দিনাই নহয়, গোটেই কাতি মাহটোৱে গধূলি নাম -প্ৰসংগ কৰি কটোৱা হয়। প্ৰকৃতিৰ সদায় নিৰ্ভৰশীল খেতিয়কে সোণালী সপোন স্বৰুপ পথাৰৰ ধান নিতৰাৰ মংগলৰ কাৰণে পথাৰ-ভৰাঁল আৰু তুলসীৰ তলত চাকি জ্বলাই। পথাৰৰ লখিমীক ভৰাঁললৈ অহাৰ- বাট দেখুবাই আকাশ বন্তি জ্বলায়। এয়াই হৈছে কাতি বিহুৰ পৰম্পৰা। এই বিহুৰ দিনাই অসমীয়া প্ৰত্যেকৰে চোতালৰ আগত সুন্দৰ ভেটি বনাই তাত এজোপা তুলসী গছ ৰোৱে। তুলসীৰ লগতে ঠাই ভেদে তামোলৰ পুলি, নাৰিকলৰ পুলিও ৰোৱা হয়। গাঁও অঞ্চলৰ পথাৰবোৰত মাটিৰ চাকিৰ পৰিৱৰ্তে বহুতে অমিতা ফালি বা ঔটেঙা, নাৰিকলৰ বকলা ব্যৱহাৰ কৰিও চাকি জ্বলায় ।
সন্ধিয়া হোৱাৰ লগে লগে আৰম্ভ হয় বন্তি প্ৰজ্বলন । পথাৰত ওখকৈ বাঁহৰ গোজ পুতি মাটিৰ চাকি জ্বলাই শস্যৰ মংগল কামনা কৰে চহা অসমীয়াই । ভঁৰাল ঘৰত এটা দুনৰিত কেঁচা পিঠাগুৰি, কল, থুৰিয়া তামোল, এঘটি পানীসহ মাটিৰ চাকি জ্বলাই লখিমী আইলৈ বুলি উছৰ্গা কৰে । লক্ষী দেৱীৰ সন্তুষ্টিৰ বাবেই এনেদৰে কৃষকে এই নিয়ম পালন কৰে । ইয়াৰ উপৰিও ঘৰে ঘৰে গৈ প্ৰসাদ খোৱাৰ নিয়মো গাঁওবোৰত দেখা যায়।