Rongali Bihu: ৰঙালী বিহুত পিন্ধা পুৰুষ-মহিলাসকলৰ সাজপাৰ আৰু আ-অলংকাৰৰ বিষয়ে জানো আহক
ৰঙালী বিহুত অসমীয়া জীয়ৰী-বোৱাৰীয়ে সাজ-পোছাকৰ ওপৰতো গুৰুত্ব দিয়ে। কেৱল মহিলাই নহয়, পুৰুষেও বিহুত বিশেষ পোছাক পৰিধান কৰে। ৰঙালী বিহুত পিন্ধা পুৰুষ-মহিলাসকলৰ সাজপাৰ আৰু আ-অলংকাৰৰ বিষয়ে জানো আহক

চ’তে আনিছে ব’হাগৰ বতৰা। ঢোল আৰু পেঁপাৰ মাতত এতিয়া এক উখল মাখল সমগ্র ৰাজ্যৰ পৰিৱেশ। এতিয়া ৰাজ্যজুৰি ৰঙালী বিহুক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি। প্ৰান্তে প্ৰান্তে চলিছে বিহুনাচ আৰু ঢোল বাদনৰ কৰ্মশালা। ইফালে বিহুত এজোৰ নতুন কাপোৰ পিন্ধিবলৈ দোকানতো ভিৰ কৰিছে সকলোৱে। ৰঙালী বিহুত অসমীয়া জীয়ৰী-বোৱাৰীয়ে সাজ-পোছাকৰ ওপৰতো গুৰুত্ব দিয়ে। কেৱল মহিলাই নহয়, পুৰুষেও বিহুত বিশেষ পোছাক পৰিধান কৰে। ৰঙালী বিহুত পিন্ধা পুৰুষ-মহিলাসকলৰ সাজপাৰ আৰু আ-অলংকাৰৰ বিষয়ে জানো আহক
ব’হাগ বিহু বা ৰঙালী বিহু বসন্ত কালৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ। ৰঙালী বিহুক যৌৱনৰ উৎসৱ বুলি কোৱা হয়। এই উৎসৱত ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিচাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে।
বিহুৰ সাজপাৰ আৰু আ-অলংকাৰ
বিহুৰ সাজ পোচাকবোৰ পৰিপূৰ্ণ অসমীয়া কৃষ্টি আৰু আত্মনিৰ্ভৰশীলতাৰ পৰিচায়ক। অসমত থলুৱাভাবে উৎপাদন হোৱা ৰেচম বিশেষকৈ মুগা সূতা এক অপৰিহাৰ্য অংগ। বিহুত নাচনীয়ে মুগাৰ সাজ পৰিধান কৰে আৰু ঢ়ুলীয়াসকলে বা পুৰুষসকলে কপাহী চুৰীয়া (ধুতি) পৰিধান কৰে। পুৰুষৰ দেহৰ উৰ্ধাংশ হাত কটা চোলা বা কামিজ পিন্ধে। ইয়াৰ লগতে বিহু নৃত্য কৰিবলৈ পুৰুষসকলে মূৰত গামোচা বান্ধে আৰু কঁকালত টঙালি মেৰিয়াই লয়। লগতে তেওঁলোকে হাতৰ মণিবন্ধত হাঁচতি বা ৰুমাল বান্ধে।
অলংকাৰৰ ক্ষেত্ৰত মহিলা বা নাচনীসকলে ডিঙিত জোনবিৰি, ঢোলবিৰি, জাপিপতীয়া অলংকাৰ পিন্ধে। হাতত গাম খাৰু আৰু কাণত কেৰু মণি থুৰীয়া পিন্ধে। আজিকালি মহিলাসকলে মুগাৰ সলনি টচৰ মেখেলা-চাদৰ পিন্ধাও দেখা যায়। কাপোৰযোৰৰ লগতে দীঘল হাতৰ ৰঙা ব্লাউজ পিন্ধে। নাচনীয়ে খোপাত কপৌ ফুল আৰু হাতত জেতুকাৰ ৰং লগায়। ওঠত বৰহমঠুৰিৰ পাত দি ৰঙীন বোল দিয়ে। কঁকালৰ খোচনিত হাঁচতিত এখন ডবুৱা কটাৰি বান্ধি লয়।