বাদুলী খোৰোং: কাৰ অভিশাপত বাদুলী হৈ শিলত ওলমি আছে লাখ লাখ নাৰী ?
এটা বিশেষ গুহা, যাক লৈ আছে অনেক জনবিশ্বাস । লাখ লাখ অভিশপ্ত নাৰীয়ে বাদুলী ৰূপে ইয়াত বাস কৰে বুলি বিশ্বস কৰে মানুহে । য;ত আছে শিৱ-পাৰ্ৱতীৰ শৈল মূৰ্তি । আহক জানো বাদুলী খোৰোঙৰ বিষয়ে-

বাদুলী খোৰোং
সমগাত মহাশিৱৰাত্ৰী । দেবাদিদেৱ মহাদেৱৰ আৰাধনাত মুখৰিত হ’ব সমগ্ৰ ৰাজ্য । মহাশিৱৰাত্ৰীৰ প্ৰাক ক্ষণত আমি আপোনালোকক জনাব বিচাৰিছোঁ অসমৰ এনে এক ক্ষেত্ৰৰ বিষয়ে য’ত শিৱৰাত্ৰীত অনুষ্ঠিত হয় ডাঙৰ মেলা । এই ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে পৌৰাণিক আখ্যানো । আহক তেতিয়া হ’লে এই কাহিনীৰ জৰিয়তে আজি যাওঁ নগাঁও জিলাৰ কন্দলী পাহাৰত অৱস্থিত বাদুলী খোৰোঙলৈ (বাদুলী খুৰুং) ।
বাদুলী খোৰোঙৰ কথা
নগাঁও চহৰৰ দক্ষিণ-পূব প্ৰান্তত কন্দলী পাহাৰত আছে এই বাদুলী খোৰোং । বাদুলী খোৰোং হৈছে এটা বিস্ময়কৰ গুহা, য’ত হাজাৰ-বিজাৰ বাদুলীয়ে বাস কৰে এটা গুহাৰ ভিতৰত । যুগ যুগ ধৰি এই গুহাটোৱে মানুহৰ মনত আশ্চৰ্যৰ সৃষ্টি কৰি আহিছে । জনবিশ্বাস মতে ঋষিৰ দ্বাৰা শাপগ্ৰস্তা হাজাৰ-হাজাৰ মহিলা এই গুহাটোত বাদুলী হৈ বাস কৰি আহিছে ।
স্থানীয় লোকে জনোৱা মতে, প্ৰাক্ বৈষ্ণৱ যুগত কন্দলীত আছিল এখন নাৰী ৰাজ্য । এই ৰাজ্যত ৰাজত্ব কৰিছিল ৰাণী প্ৰমিলাই । এই ৰাজ্যত বাস কৰিব পাৰিছিল কেৱল মহিলাই, য’ত নিষিদ্ধ আছিল পুৰুষৰ প্ৰৱেশ । কিন্তু মনৰ কৌতুহল দমন কৰিব নোৱাৰি এগৰাকী ঋষিয়ে এবাৰ প্ৰৱেশ কৰিছিল এই গুহাত । সেই গুহাত বা নাৰী ৰাজ্যত নাৰীসকল কিদৰে থাকে, তেওঁলোকে কি কৰে তাকে জানিবলৈ গুহাত প্ৰৱেশ কৰিছিল ঋষিগৰাকীয়ে । কিন্তু তেওঁ গুহাত প্ৰৱেশ কৰাৰ সময়তেই গুপ্তচৰৰ হাতত ধৰা পৰে ।
বাদুলী খোৰোং
ৰাণী প্ৰমিলাই ঋষিক কঠোৰ শাস্তি প্ৰদান কৰি শিলত ওলোমাই থয় । লাজে-অপমানে ক্ষোভিত হৈ ঋষিয়ে মহিলাসকলক অভিশাপ দিয়ে । তেওঁক যিদৰে ওলোমাই থোৱা হৈছিল, ঠিক তেনেকৈয়ে সেই ৰাজ্যৰ মহিলাসকলো বাদুলী হৈ সেই গুহাৰ ভিতৰতেই ওলমি থাকিব লাগিব বুলি ঋষিয়ে অভিশাপ দিয়ে । তেতিয়াৰ পৰাই সেই গুহাত হাজাৰ-বিজাৰল মহিলা বাদুলী হৈ শিলত ওলমি আছে বুলি জনবিশ্বাস আছে ।
স্থানীয় লোকে বিশ্বাস কৰে যে, ঋষিৰ অভিশাপৰ বাবেই গুহাৰ নিৰ্দিষ্ট পৰিসৰ অতিক্ৰম কৰি বাদুলীবোৰ কেতিয়াও দূৰলৈ নাযায় । এই গুহাৰ সৈতে আন এক লোক বিশ্বাসো জড়িত হৈ আছে । অঞ্চলটোত বাস কৰা তিৱা লোকসকলে বসন্ত উৎসৱৰ সময়ত নৃত্য পৰিৱেশনৰ বাবে গুহাৰ পৰা বস্ত্ৰ সংগ্ৰহ কৰে । উৎসৱৰ আগদিনা নৃত্যশিল্পীসকলে পূজা-পাতল কৰি তথা শৰাই আগবঢ়াই নৃত্যৰ বাবে গুহাৰ ওচৰত সাজ-পাৰ বিচাৰে । পিছদিনা তেওঁলোকে আগবঢ়োৱা শৰাইতেই বিচৰা পোচাকবোৰ লাভ কৰে । তাৰোপৰি বাদুলী খোৰোঙৰ পৰা তাঁতশালৰ শব্দ শুনাৰ লগতে খাদ্য ৰন্ধাৰ গোন্ধ পোৱা যায় বুলিও স্থানীয় লোকে কয় । এই স্থানৰ পৰা কোনো লোকে কিবা সামগ্ৰী চুৰি কৰিলে গুহাৰ বাদুলীয়ে চোৰৰ ঘৰত গৈ উপদ্ৰৱ চলায় বুলিও মানুহে বিশ্বাস কৰে ।
বাদুলী খোৰোং
বাদুলী খোৰোঙৰ প্ৰৱেশদ্বাৰৰ পৰা ৭ নং কক্ষত শিৱ-পাৰ্বতীৰ মূৰ্তি থকা এখন থান আছে । প্ৰায় দুই দশক ধৰি এই শিৱস্থানত শিৱৰাত্ৰীৰ সৈতে সংগতি ৰাখি বাদুলী মেলা অনুষ্ঠিত হৈ আহিছে । শিৱৰাত্ৰীত লোকাৰণ্যত পৰিণত হয় বাদুলী মেলাথলী । বাদুলী খোৰোঙৰ আশে-পাশে শৌচ-প্ৰস্ৰাৱ কৰা লোক বিভিন্ন বেমাৰ-আজাৰৰ সন্মুখীন হয় বুলিও লোক বিশ্বাস আছে ।
বাদুলী খোৰোঙৰ সৈতে জড়িত এই প্ৰবাদ সত্য নে কাল্পনিক সেয়া বৰ্তমানলৈকে ঠাৱৰ কৰিব পৰা নাই । কিন্তু এই গুহাই পৰ্যটকক আকৰ্ষিত কৰি আহিছে । এইবাৰ বাদুলী খোৰোঙত অনুষ্ঠিত হ’ব বাদুলী মেলাৰ ৰূপালী জয়ন্তী বৰ্ষ । অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব বাদুলী মেলা ।