প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাবলৈ কিদৰে কৰিব আবেদন ?
আপুনি বাৰু প্ৰধানমন্ত্ৰী আৱাস গৃহ নামৰ চৰকাৰী আঁচনিখনৰ বিষয়ে শুনিছেনে ? এই আঁচনিৰ অধীনত দৰিদ্ৰ লোকক চৰকাৰে গৃহ নিৰ্মাণৰ বাবে যোগান ধৰে প্ৰয়োজনীয় পুঁজি । এই আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব পাৰি জানি লওক...
দেশৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰা তথা তেওঁলোকক নিৰাপদে বাস কৰাৰ সুবিধা দিবলৈ বৰ্তমানৰ চৰকাৰে আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী আৱাস যোজনা । ২০১৫ চনত আৰম্ভ কৰা হৈছিল এই আঁচনিখন । বহুতেই এই যোজনাৰ অধীনত সুবিধা গ্ৰহণ কৰি একোটা ঘৰ লাভ কৰিবলৈ সক্ষম হৈছে । কিন্তু একাংশ লোকে এতিয়াও ইয়াৰ সুবিধা গ্ৰহণৰ পৰা বঞ্চিত হব লগা হৈছে । সেইসকলে কেনেকৈ এই আঁচনিৰ সুবিধা ল’ব পাৰিব, এই আঁচনিখন প্ৰকৃততে কেনেকুৱা সেই সন্দৰ্ভত সবিশেষ জানিবলৈ চাওক এই প্ৰতিবেদন ।
প্ৰধানমন্ত্ৰী আৱাস যোজনা-
দৰিদ্ৰ লোকক গৃহ নিৰ্মাণত সহায় আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এখন আঁচনি হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা । এই আঁচনিক দুভাগত বিভক্ত কৰা হৈছে । গাঁও অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ (PMAY-G) আৰু চহৰ বা নগৰাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰ (PMAY-U) ।
এই যোজনাৰ লক্ষ্য হৈছে বস্তি অঞ্চল নিৰ্মূল কৰা, দৰিদ্ৰ শ্ৰেণীৰ বাবে গৃহ আৱন্টন আৰু ব্যক্তিগত গৃহ নিৰ্মাণত ৰাজসাহায্য প্ৰদান কৰা । চলিত বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনা ২০২৫ ৰ জৰিয়তে চৰকাৰে ইতিমধ্যে সুবিধা লাভৰ পৰা বঞ্চিত হোৱা হিতাধিকাৰীসকলক আঁচনিত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য বান্ধি লৈছে । প্ৰায় ২.৯ কোটি গৃহ নিৰ্মাণৰ লক্ষ্য লৈছে চৰকাৰে ।
প্ৰধানমন্ত্ৰী আৱাস গৃহ লাভ কৰিবলৈ যোগ্যতা
এটা পৰিয়ালত যদি স্বামী-স্ত্ৰী আৰু অবিবাহিত সন্তান থাকে তেওঁলোক এই আঁচনিৰ হিতাধিকাৰী হ’ব পাৰে ।
বাৰ্ষিক আয়ৰ ওপৰত ভিত্তি কৰি আঁচনিৰ সুবিধা লাভ কৰিব । উদাহৰণ স্বৰূপে চহৰাঞ্চলত আঁচনি লাভ কৰা পৰিয়ালৰ বাৰ্ষিক আয় সৰ্বাধিক ৩ লাখ টকা হ’ব লাগিব ।
বাধ্যতামূলক- হিতাধিকাৰীয়ে স্বচ্ছ ভাৰত অভিযান বা এম জি এনৰেগাৰ পৰা ১২,০০০/- টকাত শৌচাগাৰ আৰু এম জি এনৰেগাৰ অধীনত ৯৫ দিনৰ বাবে ১৭২৯০ টকা অদক্ষ মজুৰি লাভ কৰা হ’ব লাগিব ।
শৌচাগাৰ বাদ দি পৰিষ্কাৰ-পৰিচ্ছন্নভাৱে ৰন্ধা-বঢ়াৰ বাবে থকা ঠাইখিনিকে ধৰি ন্যূনতম ঘৰটোৰ আকাৰ ২৫ মিটাৰ
কেঁচা ঘৰত বাস কৰা সকলো পৰিয়ালকে অন্তৰ্ভুক্ত কৰা হৈছে
- এইসকলে নাপাব সুবিধা-
- মটৰচালিত দুচকীয়া, তিনিচকীয়া, চাৰিচকীয়া বাহন বা মটৰচালিত মাছ ধৰা নাও, মেকানাইজড তিনি বা চাৰিচকীয়া কৃষি সঁজুলি থকা পৰিয়ালে নাপাব সুবিধা
- চৰকাৰী কৰ্মচাৰী, আয়কৰদাতা, প্ৰতিমাহে ১৫ হাজাৰ টকা উপাৰ্জন কৰা যিকোনো পৰিয়ালে সুবিধা লাভ নকৰিব
- সৰ্বাধিক ৫০,০০০ টকাতকৈ অধিক সীমাৰ কিষাণ ক্ৰেডিট কাৰ্ড থকা পৰিয়ালেও নাপায় এই গৃহ
- ফ্ৰীজ, লেণ্ডলাইন ফোন আদি থকা যিকোনো পৰিয়ালকো বাদ দিয়া হৈছে আঁচনিৰ পৰা
ঘৰ নিৰ্মাণ
- প্ৰথম কিস্তি মুকলি হোৱাৰ পৰা ১৮ মাহত ঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব লাগিব ।
- এটা ঘৰৰ বাবদ সাহায্য – ১.৩০ লাখ টকা গ্ৰাম্যাঞ্চলত আৰু ২ লাখ টকা চহৰাঞ্চলত দিয়া হয় ।
- হিতাধিকাৰীক তিনিটা কিস্তিত পুঁজি মুকলি কৰি দিয়া হ’ব ।
- হিতাধিকাৰীসকলে নিজেই নিৰ্মাণ কৰিব এই ঘৰসমূহ । কোনো ঠিকাদাৰক নিয়োগ কৰিবলৈ দিয়া নহয় ।
প্ৰয়োজনীয় নথি-পত্ৰ
- ঘৰৰ মুৰব্বী ফটো
- পৰিয়ালৰ সকলো সদস্যৰ ভোটাৰ কাৰ্ড আৰু মোবাইল নম্বৰ
- ঘৰৰ মুৰব্বীৰ বেংক পাছবুক
কেনেকৈ আবেদন কৰিব
- গ্ৰাম্যাঞ্চলৰ লোকসকলে গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰ সৈতে যোগাযোগ কৰি প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰে ।
- চহৰাঞ্চলৰ লোকসকলে প্ৰ-পত্ৰসমূহ পৌৰ নিগমৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰে ।
- প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৱেব চাইট www.pmayassam.in তো প্ৰ-পত্ৰ উপলব্ধ ।
- PMAY ৰ মোবাইল এপৰ জৰিয়তেও প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰে ।
২০১৬ চনৰ পৰা PMAY-G আঁচনিৰ অধীনত অসম চৰকাৰে ২২,২৩,৪৩৫ টা পকীঘৰ নিৰ্মাণৰ লক্ষ্য ৰাখিছিল । ইতিমধ্যে ইয়াৰ ভিতৰত ২১,২২,৭৭২ টা ঘৰৰ বাবে অনুমোদন লাভ কৰা হৈছে । বৰ্তমানলৈকে ১৯,১৭,৪৪১ টা ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে । অসমত যোৱা তিনি বছৰৰ ভিতৰত ১৫,১৩,১৩৩ টা ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে ।