প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাবলৈ কিদৰে কৰিব আবেদন ?

আপুনি বাৰু প্ৰধানমন্ত্ৰী আৱাস গৃহ নামৰ চৰকাৰী আঁচনিখনৰ বিষয়ে শুনিছেনে ? এই আঁচনিৰ অধীনত দৰিদ্ৰ লোকক চৰকাৰে গৃহ নিৰ্মাণৰ বাবে যোগান ধৰে প্ৰয়োজনীয় পুঁজি । এই আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব পাৰি জানি লওক...

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাবলৈ কিদৰে কৰিব আবেদন ?

প্ৰধানমন্ত্ৰী আৱাস যোজনা

Published: 

09 Jan 2025 12:41 PM

দেশৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰা তথা তেওঁলোকক নিৰাপদে বাস কৰাৰ সুবিধা দিবলৈ বৰ্তমানৰ চৰকাৰে আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী আৱাস যোজনা । ২০১৫ চনত আৰম্ভ কৰা হৈছিল এই আঁচনিখন । বহুতেই এই যোজনাৰ অধীনত সুবিধা গ্ৰহণ কৰি একোটা ঘৰ লাভ কৰিবলৈ সক্ষম হৈছে । কিন্তু একাংশ লোকে এতিয়াও ইয়াৰ সুবিধা গ্ৰহণৰ পৰা বঞ্চিত হব লগা হৈছে । সেইসকলে কেনেকৈ এই আঁচনিৰ সুবিধা ল’ব পাৰিব, এই আঁচনিখন প্ৰকৃততে কেনেকুৱা সেই সন্দৰ্ভত সবিশেষ জানিবলৈ চাওক এই প্ৰতিবেদন ।

প্ৰধানমন্ত্ৰী আৱাস যোজনা-

দৰিদ্ৰ লোকক গৃহ নিৰ্মাণত সহায় আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এখন আঁচনি হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা । এই আঁচনিক দুভাগত বিভক্ত কৰা হৈছে । গাঁও অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ (PMAY-G) আৰু চহৰ বা নগৰাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰ (PMAY-U) ।

এই যোজনাৰ লক্ষ্য হৈছে বস্তি অঞ্চল নিৰ্মূল কৰা, দৰিদ্ৰ শ্ৰেণীৰ বাবে গৃহ আৱন্টন আৰু ব্যক্তিগত গৃহ নিৰ্মাণত ৰাজসাহায্য প্ৰদান কৰা । চলিত বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনা ২০২৫ ৰ জৰিয়তে চৰকাৰে ইতিমধ্যে সুবিধা লাভৰ পৰা বঞ্চিত হোৱা হিতাধিকাৰীসকলক আঁচনিত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য বান্ধি লৈছে । প্ৰায় ২.৯ কোটি গৃহ নিৰ্মাণৰ লক্ষ্য লৈছে চৰকাৰে ।

প্ৰধানমন্ত্ৰী আৱাস গৃহ লাভ কৰিবলৈ যোগ্যতা

এটা পৰিয়ালত যদি স্বামী-স্ত্ৰী আৰু অবিবাহিত সন্তান থাকে তেওঁলোক এই আঁচনিৰ হিতাধিকাৰী হ’ব পাৰে ।

বাৰ্ষিক আয়ৰ ওপৰত ভিত্তি কৰি আঁচনিৰ সুবিধা লাভ কৰিব । উদাহৰণ স্বৰূপে চহৰাঞ্চলত আঁচনি লাভ কৰা পৰিয়ালৰ বাৰ্ষিক আয় সৰ্বাধিক ৩ লাখ টকা হ’ব লাগিব ।

বাধ্যতামূলক- হিতাধিকাৰীয়ে স্বচ্ছ ভাৰত অভিযান বা এম জি এনৰেগাৰ পৰা ১২,০০০/- টকাত শৌচাগাৰ আৰু এম জি এনৰেগাৰ অধীনত ৯৫ দিনৰ বাবে ১৭২৯০ টকা অদক্ষ মজুৰি লাভ কৰা হ’ব লাগিব ।

শৌচাগাৰ বাদ দি পৰিষ্কাৰ-পৰিচ্ছন্নভাৱে ৰন্ধা-বঢ়াৰ বাবে থকা ঠাইখিনিকে ধৰি ন্যূনতম ঘৰটোৰ আকাৰ ২৫ মিটাৰ
কেঁচা ঘৰত বাস কৰা সকলো পৰিয়ালকে অন্তৰ্ভুক্ত কৰা হৈছে

  • এইসকলে নাপাব সুবিধা-
  • মটৰচালিত দুচকীয়া, তিনিচকীয়া, চাৰিচকীয়া বাহন বা মটৰচালিত মাছ ধৰা নাও, মেকানাইজড তিনি বা চাৰিচকীয়া কৃষি সঁজুলি থকা পৰিয়ালে নাপাব সুবিধা
  • চৰকাৰী কৰ্মচাৰী, আয়কৰদাতা, প্ৰতিমাহে ১৫ হাজাৰ টকা উপাৰ্জন কৰা যিকোনো পৰিয়ালে সুবিধা লাভ নকৰিব
  • সৰ্বাধিক ৫০,০০০ টকাতকৈ অধিক সীমাৰ কিষাণ ক্ৰেডিট কাৰ্ড থকা পৰিয়ালেও নাপায় এই গৃহ
  • ফ্ৰীজ, লেণ্ডলাইন ফোন আদি থকা যিকোনো পৰিয়ালকো বাদ দিয়া হৈছে আঁচনিৰ পৰা

ঘৰ নিৰ্মাণ

  • প্ৰথম কিস্তি মুকলি হোৱাৰ পৰা ১৮ মাহত ঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব লাগিব ।
  • এটা ঘৰৰ বাবদ সাহায্য – ১.৩০ লাখ টকা গ্ৰাম্যাঞ্চলত আৰু ২ লাখ টকা চহৰাঞ্চলত দিয়া হয় ।
  • হিতাধিকাৰীক তিনিটা কিস্তিত পুঁজি মুকলি কৰি দিয়া হ’ব ।
  • হিতাধিকাৰীসকলে নিজেই নিৰ্মাণ কৰিব এই ঘৰসমূহ । কোনো ঠিকাদাৰক নিয়োগ কৰিবলৈ দিয়া নহয় ।

প্ৰয়োজনীয় নথি-পত্ৰ

  • ঘৰৰ মুৰব্বী ফটো
  • পৰিয়ালৰ সকলো সদস্যৰ ভোটাৰ কাৰ্ড আৰু মোবাইল নম্বৰ
  • ঘৰৰ মুৰব্বীৰ বেংক পাছবুক

কেনেকৈ আবেদন কৰিব

  • গ্ৰাম্যাঞ্চলৰ লোকসকলে গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰ সৈতে যোগাযোগ কৰি প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰে ।
  • চহৰাঞ্চলৰ লোকসকলে প্ৰ-পত্ৰসমূহ পৌৰ নিগমৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰে ।
  • প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৱেব চাইট www.pmayassam.in তো প্ৰ-পত্ৰ উপলব্ধ ।
  • PMAY ৰ মোবাইল এপৰ জৰিয়তেও প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰে ।

২০১৬ চনৰ পৰা PMAY-G আঁচনিৰ অধীনত অসম চৰকাৰে ২২,২৩,৪৩৫ টা পকীঘৰ নিৰ্মাণৰ লক্ষ্য ৰাখিছিল । ইতিমধ্যে ইয়াৰ ভিতৰত ২১,২২,৭৭২ টা ঘৰৰ বাবে অনুমোদন লাভ কৰা হৈছে । বৰ্তমানলৈকে ১৯,১৭,৪৪১ টা ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে । অসমত যোৱা তিনি বছৰৰ ভিতৰত ১৫,১৩,১৩৩ টা ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে ।

শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ
চকুৰ বাবে উপকাৰী গাজৰ, জানক কি কি বেমাৰত সহায় কৰে গাজৰে
পাকঘৰত হাতৰ পৰা বাৰে বাৰে পৰি যায় নেকি এইসমূহ সামগ্ৰী? সাৱধান...
ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?