Eviction drive: আজিয়ে শেষ দিন…কচুতলী ত্যাগ কৰিছে উচ্ছেদিত পৰিয়ালে, ক’ত যাব তেওঁলোক ?

বৰ্তমান উচ্ছেদিত পৰিয়ালসমূহে পশুধনকে ধৰি সা-সামগ্ৰী লৈ কচুতলী গাঁও ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে । কামৰূপ (মহানগৰ) জিলা কৰ্তৃপক্ষই এই লোকসকলক কচুতলি গাঁও খালী কৰাৰ বাবে ১৬ ছেপ্টেম্বৰ লৈকে সময়সীমা নিৰ্ধাৰণ কৰি দিছে। কচুতলী গাঁও ত্যাগ কৰাৰ বাবে আজিয়ে তেওঁলোকৰ শেষ দিন ।

Eviction drive: আজিয়ে শেষ দিন...কচুতলী ত্যাগ কৰিছে উচ্ছেদিত পৰিয়ালে, কত যাব তেওঁলোক ?

কচুতলী এৰিছে উচ্ছেদিত পৰিয়ালে

Published: 

16 Sep 2024 12:00 PM

সোমবাৰৰ পুৱাৰে পৰা কামৰূপ (মহানগৰ) জিলাৰ কচুতলী গাঁও ত্যাগ কৰিছে বৃহৎ সংখ্যক উচ্ছেদিত পৰিয়ালে । শেহতীয়াকৈ প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ সময়ত হিংসাত্মক পৰিস্থিতিৰ সাক্ষী হৈছিল সোণাপুৰৰ কচুতলী গাঁওখন । অভিযোগ উত্থাপন হৈছিল যে, কচুতলীৰ জনজাতীয় ভূমি একাংশ সন্দেহযুক্ত লোকে বেদখল কৰি বসতি স্থাপন কৰিছিল । ইয়াৰ পাছতে সেই স্থানত প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান । উচ্ছেদৰ সময়ৰ সৃষ্টি হৈছিল হিংসাত্মক পৰিস্থিতিৰ ।

বৰ্তমান উচ্ছেদিত এই পৰিয়ালসমূহে পশুধনকে ধৰি সা-সামগ্ৰী লৈ কচুতলী গাঁও ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে । দেওবাৰেও একাংশ পৰিয়ালে গাঁওখন ত্যাগ কৰাৰ পাছত সোমবাৰৰ পুৱাৰে পৰা উচ্ছেদিত বহু লোকে গাড়ীত সা-সামগ্ৰী লৈ অন্য স্থানলৈ বুলি গমন কৰাৰ  পৰিলক্ষিত হৈছে । প্ৰকৃততে এই লোকসকলে জনজাতীয় ভূমিত অবৈধভাৱে বসতি স্থাপন কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে । সূত্ৰ খবৰ অনুসৰি, কচুতলী ত্যাগ কৰা এই লোকসকলে এতিয়া দৰং, মৰিগাঁও, বৰপেটাৰ দৰে আন জিলালৈ যাবলৈ আৰম্ভ কৰিছে ।

উল্লেখ্য যে, কামৰূপ (মহানগৰ) জিলা কৰ্তৃপক্ষই এই লোকসকলক কচুতলি গাঁও খালী কৰাৰ বাবে ১৬ ছেপ্টেম্বৰ লৈকে সময়সীমা নিৰ্ধাৰণ কৰি দিছে। কচুতলী গাঁও ত্যাগ কৰাৰ বাবে আজিয়ে তেওঁলোকৰ শেষ দিন । এগৰাকী আৰক্ষীৰ বিষয়াই সদৰী কৰা মতে, “অবৈধভাৱে চৰকাৰী মাটি দখল কৰা” সকলক উচ্ছেদৰ জাননী দিয়া হৈছিল আৰু সময়সীমাৰ পিছত তাত থকাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও স্পষ্ট কৰি দিছে ।

মনকৰিবলগীয়া যে, যেতিয়া এই লোকসকলক উচ্ছেদ কৰা হৈছিল সেই সময়ত এক ভয়ংকৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল । অভিযোগ অনুসৰি, যোৱা ১২ ছেপ্টেম্বৰত একাংশ লোকে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল আৰু আৰক্ষীৰ জোৱানক লক্ষ্য কৰি শিলাবৰ্ষণ কৰাৰো অভিযোগ উত্থাপন হৈছিল । এই হিংসাত্মক ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে ২২ জন চৰকাৰী বিষয়া আৰু আৰক্ষী জোৱানকে ধৰি ৩৫ জনৰো অধিক লোক আহত হয়। আৰক্ষীয়ে গুলীচালনা কৰি ছত্ৰভংগ দিয়াবলৈ বাধ্য হৈছিল ।

সোণাপুৰৰ কচুতলীৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ১৯৫০ চনত গোপীনাথ বৰদলৈয়ে প্রথম কংগ্রেছৰ মুখ্যমন্ত্রী হোৱাৰ সময়ত জনজাতি বেল্ট আৰু ব্লক সম্পর্কীয় আইন আনিছিল আৰু তেতিয়াৰ পৰা এই বিশেষ অঞ্চলটো জনজাতীয় বেল্টৰ অধীন হৈ আছে । অঞ্চলটো বেদখল মুক্ত নোহোৱালৈকে উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয়, ‘আমি সন্দেহজনক লোকৰ বেদখলৰ পৰা জনজাতীয় বেল্ট আৰু ব্লকসমূহ মুক্ত কৰিম ।’

ইফালে, কচুতলীত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ সন্দৰ্ভত অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় যে, ৯ ছেপ্টেম্বৰৰ পৰা উচ্ছেদ শান্তিপূৰ্ণভাৱে অব্যাহত আছিল । কিন্তু আৰক্ষী জোৱানৰ ওপৰত হোৱা আক্ৰমণক এটা নিৰ্দিষ্ট শ্ৰেণীৰ ‘ষড়যন্ত্ৰ’ বুলি সন্দেহ প্ৰকাশ কৰিছিল জিপি সিঙে ।

১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...