শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

উমৰাংছুৰ কয়লা খনিৰ ভিতৰত ৩ শ্ৰমিকৰ মৃত্যুৰ সন্দেহ, এতিয়াও আৱদ্ধ বহুতো…

এতিয়াও উমৰাংছুৰ কয়লা খনিৰ ভিতৰত আৱদ্ধ হৈ আছে কেইবাজন শ্ৰমিক। বৰ্তমান এই লোকসকলৰ উদ্ধাৰ অভিযান চলি আছে। ইয়াৰ মাজতে খবৰ আহিছে যে কয়লা খনিৰ ভিতৰত ৩ শ্ৰমিকৰ মৃত্যুৰ সন্দেহ কৰা হৈছে।

উমৰাংছুৰ কয়লা খনিৰ ভিতৰত ৩ শ্ৰমিকৰ মৃত্যুৰ সন্দেহ, এতিয়াও আৱদ্ধ বহুতো…
উমৰাংছImage Credit source: local source
barasha-sarma
Barasha Sarma | Updated On: 07 Jan 2025 12:09 PM

মঙলবাৰে পুৱাই আহিছে এক বেয়া খবৰ। উমৰাংছুৰ কয়লাখনিত আৱদ্ধ হৈ থকা ৩ শ্ৰমিকৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। এই ৩ শ্ৰমিক কেইজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। ড্ৰোনেৰ দ্বাৰা পানীত উপঙি থকা দেখা গৈছে শ্ৰমিককেইজনক। এতিয়াও কয়লাখনিৰ ভিতৰত কেইবাজনলোক আৱদ্ধ হৈ আছে । আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰাৰ বাবে ইতিমধ্যে উদ্ধাৰকাৰী দলে তীব্ৰতৰ কৰি তুলিছে উদ্ধাৰ অভিযান। জানিব পৰা মতে ১৫ ৰ পৰা ২০ জন শ্ৰমিক কয়লা খনিৰ ভিতৰত আৱদ্ধ হৈ পৰিছিল। এই ঘটনাই সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইয়াৰ বিপৰীতে সূত্ৰ অনুসৰি জানিব পৰা মতে কেইজনমান শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দল। লগে লগে এই শ্ৰমিক কেইজনক হাস্পাতাললৈ প্ৰেৰণ কৰা হয় আৰু বৰ্তমান তেওঁলোকৰ চিকিৎসা চলি আছে।  কয়লাখনিটোত এছ ডি আৰ এফ, সেনা আৰু এন ডি আৰ এফে মিলি উদ্ধাৰ অভিযান চলাই আছে।

উল্লেখ্য যে, সোমবাৰে ডিমা হাচাওৰ অন্তৰ্গত উমৰাংছুত তিনিকিলোৰ এটা কয়লা কুৱেৰীত ১৫ৰ পৰা ২০ জনকৈ শ্ৰমিক আৱদ্ধ হৈ পৰিছিল। হঠাতে কুৱেৰীটো পানীৰে ভৰি পৰাৰ ফলত শ্ৰমিক কেইজন আৱদ্ধ হৈ পৰে। তেতিয়াৰ পৰা কুৱেৰীটোত শ্ৰমিকৰ উদ্ধাৰ অভিযান অব্যাহত আছে। কুৱেৰীটোত আৱদ্ধ হৈ পৰা শ্ৰমিকসকল আছিল- নেপালৰ গংগা বাহাদুৰ শ্ৰেঠ, দৰঙৰ হুচেইন আলি,জাকিৰ হুচেইন, মুস্তাফা আলি, কোকৰাঝাৰৰ ছাৰ্পা বৰ্মন, খুচি মোহন ৰায়, পশ্চিমবংগৰ জলপাইগুৰিৰ সঞ্জিত সৰকাৰ, ডিমা হাচাওৰ লিদান মাগাৰ, শোণিতপিৰৰ পানবাৰীৰ শৰত গয়াৰী। উমৰাংছৰ অসম কুৱেৰীৰ ১৯ নম্বৰ ব্লকত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, কালি পুৱা প্ৰায় ৭ বজাত খনিৰ ভিতৰত প্ৰৱেশ কৰিছিল শ্ৰমিক কেইজন আৰু তাৰ কিছু সময় পাছতেই কুৱেৰীটো পানীৰে ভৰি পৰে। এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমৰ জৰিয়তে শৰ্মাই লিখে যে- “উমৰাংছ’ৰ পৰা চিন্তনীয় সংবাদ লাভ কৰিছোঁ যে কয়লাখনিত কিছু বনুৱা আবদ্ধ হৈ পৰিছে। সঠিক সংখ্যা আৰু অৱস্থাৰ বিষয়ে এতিয়াও কোনো সুনিশ্চিত তথ্য অহা নাই। জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক তথা সতীর্থ মন্ত্রী শ্ৰীকৌশিক ৰায় ইতিমধ্যে উক্ত স্থানলৈ ৰাওনা হৈছে”।

লগতে শৰ্মাই লিখে যে-” সকলোৰে সুৰক্ষাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি চলিত উদ্ধাৰ অভিযানত সেনাৰ সহায়ৰ বাবে অনুৰোধ জনাইছোঁ। ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী (এছ ডি আৰ এফ) আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীও এই প্ৰচেষ্টাত সহায় কৰিবলৈ ঘটনাস্থলীলৈ গৈ আছে”।

 

 

ইয়াৰ মাজতে খবৰ আহিছে যে, কয়লাখনিৰ ভিতৰত পানী ১০০ ফুটলৈ বৃদ্ধি পাইছে। এই সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখে যে- “উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ হৈ থকা বনুৱাসকলক উদ্ধাৰ অভিযানত সহায় কৰিবলৈ নৌসেনাৰ ডীপ ডাইভাৰক মোতায়েন কৰা হৈছে। নিয়োজিত দলটোৱে কৰা মূল্যায়ন অনুসৰি খনিটোৰ ভিতৰৰ পানী প্ৰায় ১০০ ফুটলৈ বৃদ্ধি পাইছে। বিশাখাপট্টনমৰ পৰা বিমানেৰে অহা উদ্ধাৰকাৰীসকল অতি সোনকালে উক্ত স্থান পোৱাৰ সম্ভাৱনা আছে”।

Latest News