Lachit Day: আজি লাচিত দিৱস, ৰাজ্যজুৰি স্মৰণ অসম বুৰঞ্জীৰ গৌৰৱময় অধ্যায়ৰ মহানায়কগৰাকীক

আজি ৰাজ্যত পালন কৰা হৈছে লাচিত দিৱস। আজিৰ লাচিত বৰফুকনৰ ৪০২ তম জন্মজয়ন্তী। লাচিত দিৱস হৈছে প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটোত সমগ্ৰ অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত পালন কৰা এক দিৱস। অসমত এই দিনটোত চৰকাৰি ভাৱে বন্ধৰ দিন হিচাপে পালন কৰা হয়। ২০২২ চনৰ লাচিত দিৱস অসম চৰকাৰৰ হস্তক্ষেপত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী হিচাপে বিশাল আয়োজনেৰে অসম তথা দিল্লীত উদযাপন কৰা হৈছিল।

Lachit Day: আজি লাচিত দিৱস, ৰাজ্যজুৰি স্মৰণ অসম বুৰঞ্জীৰ গৌৰৱময় অধ্যায়ৰ মহানায়কগৰাকীক

আজি লাচিত দিৱস

Updated On: 

24 Nov 2024 09:55 AM

বিংশ শতিকাৰ আৰম্ভণিৰ পৰাই উজনি অসমৰ কোনো-কোনো স্থানীয় লোকে ২৪ নৱেম্বৰৰ দিনটো মূলতঃ ঔপনিৱেশিক চৰকাৰৰ প্ৰব্ৰজন সমৰ্থক নীতিৰ প্ৰতিবাদত লাচিত দিৱস হিচাপে স্মৰণ কৰিবলৈ আৰম্ভ কৰে। ১৯৪৭ চনত, সূৰ্য কুমাৰ ভূঞাই লাচিত বৰফুকন এণ্ড হিজ টাইমছ গ্ৰন্থত মোগল সাম্ৰাজ্যৰ সৈতে আহোম সংঘাতৰ বুৰঞ্জী ৰাষ্ট্ৰবাদী দৃষ্টিকোণৰ পৰা লিখিছিল। বিংশ শতিকাৰ শেষৰ ফালে ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ আছাম (আলফা) — যিটো বিচ্ছিন্নতাবাদী সংগঠনে স্বাধীন আৰু সাৰ্বভৌম অসম গঠনৰ বাবে চেষ্টা কৰিছিল — বৰফুকনৰ চিত্ৰকল্পক উপ-জাতীয়তাবাদী অপপ্ৰচাৰৰ বাবে ব্যাপকভাৱে ব্যৱহাৰ কৰিছিল।

ৰাজ্যপাল শ্ৰীনিবাস কুমাৰ সিনহাৰ অধীনত প্ৰথমবাৰৰ বাবে অসম চৰকাৰে বৰফুকনৰ স্মৃতি যিকোনো প্ৰশংসনীয় পৰিসৰত সংগঠিত কৰিছিল। সিনহাই ১৯৯৮ চনত গৌহাটী বিশ্ববিদ্যালয়ত বাৰ্ষিক “লাচিত বৰফুকন সোঁৱৰণী বক্তৃতা” আৰম্ভ কৰিছিল আৰু নেচনেল ডিফেন্স একাডেমীৰ পৰা শ্ৰেষ্ঠ পাছ আউট কেডেটক লাচিতৰ নামেৰে এটা পদক প্ৰদান কৰিব পৰা যাব বুলি মন্ত্ৰালয়ত ঘোষণা কৰিছিল। সময়ৰ লগে লগে বৰফুকনক ভাৰতীয় সামৰিক নায়ক হিচাপে হিন্দু জাতীয়তাবাদী ব্যাকৰণৰ ভিতৰত নিজৰ কৰি লোৱা হ’ল; ২০০৪ চনত জয়ীতা শৰ্মাই লিখিছিল যে বৰফুকনক প্ৰাধান্য দিবলৈ সৰ্বাধিক চেষ্টা আলফাৰ বিপৰীতে অসম চৰকাৰেহে চেষ্টা কৰিছিল।

লাচিত দিৱস কি?

লাচিত দিৱস হৈছে প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটোত সমগ্ৰ অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত পালন কৰা এক দিৱস। অসমত এই দিনটোত চৰকাৰি ভাৱে বন্ধৰ দিন হিচাপে পালন কৰা হয়। ২০২২ চনৰ লাচিত দিৱস অসম চৰকাৰৰ হস্তক্ষেপত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী হিচাপে বিশাল আয়োজনেৰে অসম তথা দিল্লীত উদযাপন কৰা হৈছিল।

‘দেশতকৈ মোমাই ডাঙৰ নহয়’

লাচিত বৰফুকন আছিল আহোম ৰাজ্যৰ নৱমজন বৰফুকন (ফু-কন লুং)। ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে। লাচিত বৰফুকনৰ জন্ম গড়গাঁৱৰ ওচৰতে দিখৌ নৈৰ পাৰত। তেওঁৰ পিতৃৰ নাম মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম নাঙ লা চেঙ আইদেউ। সাঁচিপাতৰ ৰাজবুৰঞ্জীত মোমাই তামুলী বৰবৰুৱাৰ নাম লান ফিমা বৰবৰুৱা বুলি উল্লেখ আছে। তেওঁলোকৰ পূৰ্বপুৰুষ লুক ফিমা নামৰ ব্যক্তিজন ১২২৮ খ্ৰীষ্টাব্দত চাওলুঙ চৌকাফাৰ সহযাত্ৰী হিচাপে পাটকাই পাৰ হৈ অসমলৈ আহিছিল। সেইকাৰণে তেওঁলোকৰ ফৈদ বা বংশটোক লান ফিমা বুলিও জনা যায়। চাওফা চুডাংফাৰ সময়ত তাওচুলাই কোঁৱৰে চাওফাৰ বিৰুদ্ধে কৰা বিদ্ৰোহত এই লান ফিমা ফৈদৰ থাউমুঙ তামৰা নামৰ এজন বিষয়াই সহযোগ কৰা বাবে তামৰাৰ ভাতৃ ফু-কে ফিমাক লুক-খা-খুন খেললৈ পৰিবৰ্তন কৰা হৈছিল। স্বৰ্গদেউ প্ৰতাপ সিংহই এই ফু-কে ফিমাৰ নাতি লান টাই লুঙ তামুলীৰ পুত্ৰ ত্যিৰিঙ ফিচেঙ ওৰফে মোমাই তামুলীক বৰবৰুৱা পাতিছিল। মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰসকল হ’ল লালুকসোলা বৰফুকন, ভাৰধৰা বৰফুকন(লান ৰণ কপ), মৰঙ্গী বৰবৰুৱা(লান ব লিন), লাও ডেকা, দন্তকাড়ী। তেওঁৰ জীয়ৰীৰ নাম পাখৰী গাভৰু বা পাহী গাভৰু। মোমাই তামুলী বৰবৰুৱাৰ ভাতৃ আছিল বাদুলী ৰজাশহুৰ বৰফুকন। তেওঁৰ পুত্ৰ বাদুলী ডেকাফুকন। শৰাইঘাটৰ ৰণৰ পূৰ্বে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লাচিতক বৰফুকন পদবী দিয়াৰ পূৰ্বে তেওঁৰ বংশ বিচাৰ কৰি তেওঁলোকৰ পৰিয়ালটোক লুক খা খুন খেলপৰা পুনৰ পূৰ্বৰ মৰ্যদালৈ নিছিল।

শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনীৰ আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছ হুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল। সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশ্যি কৈছিল, “অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোক সুখেৰে ঘৰলৈ যোৱা।” কথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে। লগতে এই যুদ্ধত একেৰাতিতে গড় বান্ধিব নোৱাৰাৰ বাবে লাচিতে নিজৰ মোমায়েকৰ শিৰচ্ছেদ কৰিছিল আৰু কৈছিল-‘দেশতকৈ মোমাই ডাঙৰ নহয়’। মহাবীৰ লাচিত বৰফুকনে অসম আৰু অসমীয়াৰ জাতীয় স্বাভিমান ৰক্ষাৰ বাবে একে ৰাতিৰ ভিতৰতে সজোৱা গড়টোৰ নামেই মোমাইকটা গড় ।

ৰাজ্যত লাচিত দিৱস পালন

আজি ৰাজ্যত পালন কৰা হ’ব লাচিত দিৱস। আজিৰ লাচিত বৰফুকনৰ ৪০২ তম জন্মজয়ন্তী। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু আহোম জাতীয় গণমঞ্চ,অসমৰ যুটীয়া উদ্যোগত তথা ডিব্ৰুগড় জিলা প্ৰশাসন আৰু পথালিবামবাসী ৰাইজৰ সহযোগত মৰাণৰ পথালিবামত আয়োজিত ৪০২ সংখ্যক কেন্দ্ৰীয় লাচিত দিৱস উদযাপন । পানীতোলা গ্ৰাণ্ট মজলীয়া বিদ্যালয় খেলপথাৰত অনুষ্ঠিত এই দিৱসৰ । তথ্যনুসৰি, ১০ জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শিত হ’ব লাচিত দিৱসত । কছাৰী,মিছিং,টাই আহোম,সোণোৱাল কছাৰী,দেউৰী,আদিবাসীকে ১০ টা জনগোষ্ঠীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব । লাচিত বৰফুকনৰ বীৰত্বক লৈ এখন নাটকো কৰা মঞ্চস্থ হ’ব ।

প্ৰতিবছৰৰ দৰে এইবছৰো গুৱাহাটী লাচিত সংঘই উদযাপন কৰিব লাচিত দিৱস। দিনজোৰা কাৰ্যসূচীৰে চানমাৰিস্থিত লাচিত সংঘৰ কাৰ্যালয়ৰ বাকৰিত অনুষ্ঠিত কৰিছে এই দিৱস। আবেলি ২ বজাৰপৰা সদৌ গুৱাহাটী ভিত্তিত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত স্বর্গীয় কুমুদেশ্বৰ বুজৰবৰুৱা আৰু স্বৰ্গীয়া অঞ্জলি বুজবৰুৱা সোঁৱৰণী চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হ’ব। সন্ধিয়া ৫ বজাত বন্তি প্রজ্বলন আৰু ৬ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। সন্ধিয়া বন্তি প্ৰজ্বলনৰ লগতে সাংস্কৃতিক সন্ধিয়াৰো দিহা কৰিছে আয়োজক সমিতিয়ে। ইফালে ৰাজ্যৰ ভিন্ন স্থানত পালন লাচিত দিৱস।

 

কমি যায় মূল্য! ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে ?
পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক