চৰম সিদ্ধান্ত বিধায়ক মানৱ ডেকাৰ ভাতৃ কল্যাণ ডেকাৰ…

বিধায়ক মানৱ ডেকাৰ ভাতৃ কল্যাণ ডেকাই চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ খবৰ লাভ কৰা গৈছে । আত্মহননৰ দৰে চৰম পন্থা বাছি লোৱা বিধায়কৰ ভাতৃয়ে দীৰ্ঘদিন ধৰি মানসিক স্বাস্থ্যৰ সমস্যাত ভুগি আছিল বুলি জানিব পৰা গৈছে ।

চৰম সিদ্ধান্ত বিধায়ক মানৱ ডেকাৰ ভাতৃ কল্যাণ ডেকাৰ...

মানৱ ডেকাৰ ভাতৃ কল্যান ডেকা

Updated On: 

13 Oct 2024 12:00 PM

লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ভাতৃ কল্যাণ ডেকাই চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ খবৰ লাভ কৰা গৈছে । আত্মহননৰ দৰে চৰম পন্থা বাছি লোৱা বিধায়কৰ ভাতৃয়ে দীৰ্ঘদিন ধৰি মানসিক স্বাস্থ্যৰ সমস্যাত ভুগি আছিল বুলি জানিব পৰা গৈছে । সূত্ৰ খবৰ অনুসৰি, কল্যাণ ডেকা মানসিক স্বাস্থ্যৰ সমস্যাৰ বাবে চিকিৎসকৰ তত্বাৱধানত আছিল বুলি জানিব পৰা গৈছে ।

সূত্ৰই জানিবলৈ দিয়া অনুসৰি, শনিবাৰে নিশা এই ঘটনাটো সংঘটিত হয় । মানৱ ডেকাৰ ভাতৃয়ে কিছু দিনৰ পৰা মনৰ হতাশাত ভুগি আছিল আৰু তাৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিছিল । উল্লেখ্য যে, লখিমপুৰৰ বিধায়ক গৰাকীৰ ভাতৃয়ে অসম সচিবালয়ত চাকৰি কৰিছিল।

ইফালে, ভাতৃৰ এই সিদ্ধান্তকলৈ শোক প্ৰকাশ কৰিছে বিধায়ক মানৱ ডেকাই । ইণ্ডিয়া টুডে এন ইৰ সৈতে হোৱা কথা-বতৰাত বিধায়ক মানৱ ডেকাই জানিবলৈ দিয়ে যে, তেওঁ ভাতৃ কল্যাণ ডেকাই বৰ্তমান কাৰাগাৰত থকা ডাঃ সংগীতা দত্তৰ অধীনত চিকিৎসা সেৱা গ্ৰহণ কৰিছিল । উল্লেখ্য যে, শিশু নিৰ্যাতনৰ সৈতে জড়িত এটা বিচাৰধীন গোচৰত বৰ্তমান কাৰাগাৰত আছে ডাঃ সংগীতা দত্ত ।

মানৱ ডেকাই সদৰী কৰিছে যে, কাৰাগাৰলৈ যোৱাৰ পূৰ্বে তেওঁ ভাতৃয়ে মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তৰ তত্বাৱধানত চিকিৎসা গ্ৰহণ কৰিছিল । ডেকাই কয় যে, ডাঃ সংগীতা দত্তক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পাছত তেওঁ ভাতৃ মানৱ ডেকাৰ মানসিক অৱস্থা বেয়ালৈ গতি কৰিলে আৰু শেষত তেওঁৰ ভাতৃ কল্যাণে মনৰ সমস্যা চম্ভালিব নোৱাৰিলে বুলি সদৰী কৰিছে বিধায়ক মানৱ ডেকাই।

খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দুপৰ টেঙাই, জানক কি কি আছে উপকাৰী গুণ...
দিল্লীত কিয় উপলব্ধ নহয় কেৰাচিন?
৮২৩ বছৰ পাছত বিৰল সংযোগ! কিয় মুছলিম সকলৰ বাবে বিশেষ জানুৱাৰী মাহটো...