5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ইহ সংসাৰৰ পৰা বিদায় মাগিলে কুলদা কুমাৰ ভট্টাচাৰ্যই, উজানবজাৰস্থিত ‘সূৰ্য’ত প্ৰবীণ অভিনেতা তথা পৰিচালকগৰাকীক শেষ শ্ৰদ্ধা জনালে গুণমুগ্ধই

আজি যশস্বী অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যৰ শেষযাত্ৰা। পুৱা হাস্পতালৰ পৰা বাসগৃহলৈ নিয়া হ’ল নশ্বৰদেহ। তাৰ পাছতেই অভিনেতাগৰাকীৰ শেষ ইচ্ছানুসৰিয়েই উজানবজাৰৰ সূৰ্যলৈ লৈ যোৱা হ'ল কুলদা ভট্টাচাৰ্যৰ নশ্বৰদেহ। বহু অনুৰাগীয়ে শেষ বিদায় জনালে প্ৰিয় শিল্পীগৰাকীক।

ইহ সংসাৰৰ পৰা বিদায় মাগিলে কুলদা কুমাৰ ভট্টাচাৰ্যই, উজানবজাৰস্থিত ‘সূৰ্য’ত প্ৰবীণ অভিনেতা তথা পৰিচালকগৰাকীক শেষ শ্ৰদ্ধা জনালে গুণমুগ্ধই
প্ৰবীণ অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যলৈ শেষ শ্ৰদ্ধা
trishna-kalita
Trishna Kalita | Updated On: 02 Nov 2024 11:51 AM

অসমৰ সাংস্কৃতিক জগতক সমৃদ্ধ কৰি গ’লগৈ কুলদা ভট্টাচাৰ্য। শুকুৰবাৰে নিশা প্ৰায় ৮-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অভিনেতা তথা পৰিচালকগৰাকীয়ে।  আজি যশস্বী অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যৰ শেষযাত্ৰা। পুৱা হাস্পতালৰ পৰা বাসগৃহলৈ নিয়া হ’ল নশ্বৰদেহ। তাৰ পাছতেই অভিনেতাগৰাকীৰ শেষ ইচ্ছানুসৰিয়েই উজানবজাৰৰ সূৰ্যলৈ লৈ যোৱা হ’ল কুলদা ভট্টাচাৰ্যৰ নশ্বৰদেহ। বহু অনুৰাগীয়ে শেষ বিদায় জনালে প্ৰিয় শিল্পীগৰাকীক।

দুপৰীয়া ১২ বজালৈ সূৰ্যত ভট্টাচাৰ্যৰ নশ্বৰদেহ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখোৱা হ’ব। ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ পিছতে ভট্টাচাৰ্যৰ নশ্বৰ দেহ ইলোৰা বিজ্ঞান মঞ্চই চমজি ল’ব। ইয়াৰ পাছত তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হ’ব গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ। দিনৰ প্ৰায় ১-৩০ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৰণোত্তৰ দেহদান কাৰ্যসূচী আৰম্ভ হ’ব। অবিবাহিত কুলদা কুমাৰ ভট্টাচাৰ্যই চিকিৎসা বিজ্ঞানৰ সহায়ৰ বাবে তেওঁৰ দেহ ইলোৰা বিজ্ঞান মঞ্চলৈ দান কৰি গৈছে। এই ইচ্ছা অনুসৰি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা নহয়।

১৯৩৩ চনৰ ১৮ আগষ্টত জন্ম হৈছিল কুলদা কুমাৰ ভট্টাচাৰ্যৰ ।মহানগৰীৰ পাণবজাৰৰ যশোৱন্ত ৰ’ড নিবাসী অধিবক্তা পিতৃ কালিপ্ৰসন্ন ভট্টাচাৰ্য আৰু মাতৃ কমলা দেৱীৰ তৃতীয় সন্তান কুলদা কুমাৰ ভট্টাচাৰ্য। তেওঁ ১৯৪৬ চনত মেট্ৰিকুলেচন পৰীক্ষা আৰু কটন কলেজৰ পৰা বি এ ডিগ্ৰী সমাপ্ত কৰে। পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত এম এ ডিগ্ৰী লাভ কৰে।
তেওঁ লণ্ডন আৰু জাৰ্মানীত মঞ্চকলা, অভিনয় আৰু টেলিভিছন বিষয়ত শিক্ষা গ্ৰহণ কৰিছিল।

‘শকুন্তলা’ ছবিৰ জৰিয়তে ১৯৬১ চনত অসমীয়া চলচ্চিত্ৰ জগতত খোজ পেলোৱা অভিনেতাগৰাকীয়ে ‘লটিঘটি’, ‘চিকমিক বিজুলী’, ‘প্ৰভাতী পখীৰ গান’, ‘ৰামধেনু’, ’দিকচৌ বনত পলাশ’, ‘ভিলেজ ৰকষ্টাৰ্ছ’ আদিকে ধৰি কেইবাখনো ছবিত অভিনয় কৰিছিল। দূৰদৰ্শনৰ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰাৰ উপৰিও ‘তেজাল ঘোঁৰা’ নামৰ এখন জনপ্ৰিয় ধাৰাবাহিকো তেওঁ পৰিচালনা কৰিছিল। তদুপৰি, তেওঁ কেইবাখনো তথ্যচিত্ৰও নিৰ্মাণ কৰিছিল।

শৈশৱৰ পৰাই নাটক আৰু আবৃত্তিৰ প্ৰতি থকা টানৰ বাবে মাত্ৰ ছয় বছৰ বয়সতে তেওঁ মঞ্চত ভৰি দিছিল। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰিত ৰেডিঅ’ নাট ‘পৰশুৰাম’ত অভিনয়ৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰিছিল শিল্পীগৰাকীয়ে। প্ৰখ্যাত নাট্যকাৰ ড॰ ভবেন্দ্ৰনাথ শইকীয়া, অৰুণ শৰ্মা, মহেন্দ্ৰ বৰঠাকুৰ আদিৰ সৈতে লগ লাগি তেওঁ ৰেডিঅ’ নাটক, ভ্ৰাম্যমাণ নাটকৰ ক্ষেত্ৰতো এক বিপ্লৱৰ সূচনা কৰিছিল। তেখেতে ৩৫ খনতকৈও অধিক তথ্যচিত্ৰ আৰু ছুটী ছবিও নিৰ্মাণ কৰিছিল।

Latest News