Assam CM Hindu row: মুছলমান-খ্ৰীষ্টান নহয় ! হিন্দুৰ শত্ৰু এইসকল লোক; হিমন্ত বিশ্ব শৰ্মাই দিলে চিনাকী

মুছলমান বা খ্ৰীষ্টানসকল হিন্দুৰ বাবে ভাবুকি নহয় । হিন্দুক দুৰ্বল কৰাসকল নিজৰ মাজতে আছে । বাওঁপন্থী আৰু উদাৰসকল হিন্দুৰ বাবে ডাঙৰ বিপদ বুলি উল্লেখ কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

Assam CM Hindu row: মুছলমান-খ্ৰীষ্টান নহয় ! হিন্দুৰ শত্ৰু এইসকল লোক; হিমন্ত বিশ্ব শৰ্মাই দিলে চিনাকী

ফাইল ফটো

Published: 

03 Mar 2025 14:32 PM

হিন্দুৰ শত্ৰু কোন? ভাৰতত মুছলমানসকল হিন্দুৰ শত্ৰু নেকি? হিন্দু ধৰ্মক দুৰ্বল কৰিছে কোনে? হিন্দু ধৰ্মৰ কথা ক’বলৈ গৈ দেওবাৰে বাওঁপন্থী আৰু উদাৰপন্থীসকলৰ বিৰুদ্ধে সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । কলকাতাত বিবেকানন্দ সেৱা সন্মান অনুষ্ঠাত অংশগ্ৰহণ কৰি গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । হিন্দু সম্প্ৰদায়ক দুৰ্বল কৰি তোলাত বাওঁ আৰু উদাৰপন্থীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি অভিযোগ তোলে ডঃ শৰ্মাই ।

মুখ্যমন্ত্ৰীয়ে কয়, “মুছলমান বা খ্ৰীষ্টানসকল হিন্দুৰ বাবে ভাবুকি নহয় । হিন্দুক দুৰ্বল কৰাসকল নিজৰ মাজতে আছে ।” বাওঁপন্থী আৰু উদাৰসকল হিন্দুৰ বাবে ডাঙৰ বিপদ বুলি উল্লেখ কৰে ডঃ শৰ্মাই ।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক কটাক্ষ কৰি ডঃ শৰ্মাই কয় যে বংগত হিন্দুসকলক দুৰ্বল কৰাটো বাওঁপন্থী আৰু উদাৰবাদীসকলৰ পৰা আয়ত্ব কৰিছে মমতা বেনাৰ্জীয়ে । তেওঁ লগতে কয় যে ভাৰতৰ সভ্যতা পাঁচ সহস্ৰাধিক বছৰ পুৰণি আৰু ই ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পৰা আৰম্ভ হোৱা নাছিল ।

ভাৰত এখন “স্বাভাৱিকভাৱে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ” আৰু ইয়াক কোনেও সহনশীলতা আৰু ভাতৃত্ববোধৰ গুণ শিকোৱাৰ প্ৰয়োজন নাই বুলি ডঃ শৰ্মাই তেওঁৰ ভাষণত কয় । নিজৰ এক্স হেণ্ডেলত ভাষণৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত চোকা আক্ৰমণ চলাই কয় যে মোগল সম্ৰাট ঔৰংজেবে যেনেকৈ “হিন্দু ধৰ্ম শেষ কৰিব নোৱাৰিলে” তেনেকৈ তেওঁলোকেও “হিন্দু ধৰ্ম শেষ” কৰিব নোৱাৰে ।

অসমত হিন্দুৰ সংখ্যা ৫৮ শতাংশলৈ অৱনমিত হৈছে, বংগত এই সংখ্যা সম্ভৱতঃ ৬৫ শতাংশ হ’ব বুলি কয় ডঃ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ দৃঢ়তাৰে কয় যে হিন্দু সভ্যতা অব্যাহত থাকিব আৰু জিলিকি উঠিব । শৰ্মাই কয় যে নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰিত্বৰ অধীনত ভাৰত সকলো ক্ষেত্ৰতে জিলিকি উঠিছে । তেওঁ কয় যে ৰাম মন্দিৰ ৫০০ বছৰৰ পাছত নিৰ্মাণ কৰা হৈছে । (বৰ্তমানৰ) ৱাকফ আইনখন বাতিলৰ সময় আহি পৰিছে ।

ইতিমধ্যে ট্ৰিপল তালাক বিলুপ্ত হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে দেশত ইউনিফৰ্ম চিভিল কোডৰ কাৰ্যকৰী হোৱাও দেখা গৈছে । তেওঁ দাবী কৰে যে মোদী ক্ষমতালৈ অহাৰ পিছত ভাৰতৰ পুনৰুত্থান আৰম্ভ হৈছিল, দেশখন অৰ্থনীতি, বিত্তৰ পৰা আৰম্ভ কৰি বিজ্ঞানলৈকে সকলো ক্ষেত্ৰতে আগবাঢ়িছে ।

শৰ্মাই লগতে কয় যে স্বাধীনতাৰ পিছত পাকিস্তান ইছলামিক গণৰাজ্যত পৰিণত হ’ল, কিন্তু ভাৰতবৰ্ষই ধৰ্মনিৰপেক্ষ দেশ হিচাপে আগবাঢ়িল । কাৰণ ইয়াৰ হাজাৰ হাজাৰ বছৰ পুৰণি সভ্যতাই সকলো সময়তে এনেদৰেই জীয়াই আহিছে । কেইবাটাও সভ্যতা আহিল আৰু গ’ল যদিও হিন্দু সভ্যতা অক্ষত অৱস্থাত আছে বুলিও তেওঁ উল্লেখ কৰে ।

ইফালে মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্যক তীক্ষ্ণ সমালোচনা তৃণমূল কংগ্ৰেছৰ নেতা কুণাল ঘোষৰ । ‘‘হিমন্ত বিশ্ব শৰ্মাই আজে বাজে কথা কৈছে । তেওঁৰ দলে হিন্দু, মুছলমান, খ্ৰীষ্টান ৰাজনীতি কৰে । কিন্তু এয়া বংগ । ইয়াত হিন্দু, মুছলমান, খ্ৰীষ্টান সকলো মমতা বেনাৰ্জীৰ সমৰ্থক । সমগ্ৰ বংগই তেওঁক সমৰ্থন কৰে, কাৰণ ইয়াত উন্নয়নৰ আঁচনিবোৰত কোনো ধৰ্মৰ নাম নাই ।” ঘোষে সংবাদ সংস্থা এএনআইক কয় ।

ভুলতো বেগত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আৰ্থিক সমস্যাই...
মূৰত টুপী, হাতত কেমেৰা, সন্মুখত সিংহ... বিশ্ব বন্যপ্ৰাণী দিৱসত বিশেষ ৰূপত প্ৰধানমন্ত্ৰী মোদী
Holi 2025: ফাকুৱা বা হোলী উৎসৱ কিয় পালন কৰা হয় জানক
কিদৰে পাালন কৰিব লাগে ৰমজানৰ ৰোজা? জানক সবিশেষ