গুৱাহাটীত পুনৰ নাহৰফুটুকীৰ আক্ৰমণ, কামৰ পৰা পলায়ন শ্ৰমিকৰ দলৰ!

আজি পবিত্ৰ বৰদিন। ইয়াৰ মাজতে গুৱাহাটী সংঘটিত হৈছে ভয়ংকৰ ঘটনা। গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙত নাহৰফুটুকীৰ আক্ৰমণত আহত এজন শ্ৰমিক। কিন্তু ক’ৰ পৰা আকৌ গুৱাহাটীত আহিল নাহৰফুটুকী?

গুৱাহাটীত পুনৰ নাহৰফুটুকীৰ আক্ৰমণ, কামৰ পৰা পলায়ন শ্ৰমিকৰ দলৰ!

গুৱাহাটীত নাহৰফুটুকীৰ আতংক!

Updated On: 

25 Dec 2024 12:10 PM

কলিয়াবৰৰ পাছত এই গুৱাহাটীত বাঘৰ আতংক। উত্তৰ গুৱাহাটীত বাঘৰ আক্ৰমণত আহত এজন শ্ৰমিক। আহত শ্ৰমিকজন পশ্চিমবংগৰ উদয় ঘোষ। গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ শ্ৰমিক হিচাপে নিয়োজিত ঘোষ। নিৰ্মিয়মান উত্তৰ গুৱাহাটী দলঙত বাঘৰ আতংকই বিৰাজ কৰিছে। দলঙৰ ৪নং খুটাত বাঘ দেখি আতংকিত হৈ পৰে শ্ৰমিকসকল।

প্ৰথমে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ ৪নং খুঁটা প্ৰত্যক্ষ কৰিছিল এটা নাহৰফুটুকী। কাম কৰি থকাৰ পুৱা ৫ বজাত সংঘটিত হৈছিল এই ঘটনা। ব্ৰহ্মপুত্ৰৰে সাঁতুৰি অহা প্ৰত্যক্ষ কৰিছিল নাহৰফুটুকীটো। আহত শ্ৰমিক পশ্চিমবংগৰ উদয় ঘোষক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এতিয়া বাঘৰ সন্ত্ৰাসত আতংকিত শ্ৰমিকে বন্ধ ৰাখিছে নিৰ্মাণকাৰ্য।

ইয়াৰ মাজতে উত্তৰ গুৱাহাটী নিৰ্মীয়মান দলঙত দুটা নাহৰফুটুকী প্ৰত্যক্ষ কৰিছে ৰাইজে। বাঘ দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে শ্ৰমিকৰ দলে। ইয়াৰ পাছতে নাও লৈ দলঙৰ প্ৰতিটো খুঁটা পৰ্যবেক্ষণ বনকৰ্মীৰ দলে। মাছখোৱাৰ বালিচৰত আন এটা নাহৰফুটুকী থকাৰ সন্দেহ। আন এটা নাহৰফুটুকী সোণাৰাম উঃ মাঃ বিদ্যালয়ৰ সমীপতে আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে।

ইয়াৰ পাছতে আতংকিত হৈ পৰিছে শ্ৰমিকসকল। ইয়াকে লৈ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্য। বাঘ দেখি কামৰ পৰা পলায়ন কৰে শ্ৰমিকৰ দলে। বৰ্তমানো দলঙৰ এটা খুঁটাৰ কাষত অৱস্থান কৰি আছে বাঘটোৱে। ইয়াৰ পূৰ্বেও গুৱাহাটীত বাঘৰ মুকলি বিচৰণ প্ৰত্যক্ষ কৰা হৈছিল।

উল্লেখ্য যে, কিছুদিন পূৰ্বে কলিয়াবৰত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। ঢেকীয়াপতীয়া বাঘে প্ৰাণ ল’লে এজন শ্ৰমিকৰ। লোকজনৰ দেহৰ অংশ উদ্ধাৰ হৈছে অৰণ্যত। বাসুদেৱ কৰ্মকাৰ নামৰ লোকজনক ভক্ষণ কৰে বাঘে। সন্ধানহীন হৈ আছিল কলিয়াবৰ চাহ বাগিচাৰ বৰলাইনৰ বাসুদেৱ কৰ্মকাৰ। কলিয়াবৰ চাহ বাগিচাৰ সমিপতে বাসুদেৱ কৰ্মকাৰৰ সন্ধানত চলাইছিল অভিযান। ক্ষত-বিক্ষত অৱস্থাত পৰি থকা এটি কংকাল উদ্ধাৰ কৰা হয়।

 

কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...
পৃথিৱীৰ এই গাঁওখনত ১৮ ফেব্ৰুৱাৰীত পালন কৰা হয় বৰদিন...কিন্তু কিয় ?
খ্ৰীষ্টমাছত সৰ্বাধিক বিক্ৰী হয় এইবিধ কেক! GST কিমান জানেনে?
খাদ্য গ্ৰহণৰ পাছত কৰক এই কাম, কেতিয়াও নাবাঢ়ে ওজন!