স্বস্তিৰ নিশ্বাস! ট্ৰেংকুলাইজ কৰা হ’ল নগাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকীটো

আজি পুৱা নগাঁও চহৰৰ ঢাকাইপট্টিত পৰিলক্ষিত হৈছিল নাহৰফুটুকী।ঢাকাইপট্টিৰ এঘৰত আশ্ৰয় লৈছিল নাহৰফুটুকীটোৱে। এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ CCTvত দেখা গৈছিল বাঘটো। পুৱাই পথৰ মাজেৰে গৈ আশ্ৰয় লৈছিল এঘৰৰ চৌহদত। তাৰপিছতে বন বিভাগৰ লোকে ট্ৰেংকুলাইজড কৰে নাহৰফুটুকীটো।

স্বস্তিৰ নিশ্বাস! ট্ৰেংকুলাইজ কৰা হল নগাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকীটো

ট্ৰেংকুলাইজ কৰা হ'ল নগাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুকুটীক

Published: 

04 Jan 2025 14:10 PM

অৱশেষত ট্ৰেংকুলাইজড কৰা হ’ল নগাঁৱত সন্ত্ৰাস চলোৱা নাহৰফুটুকীটোক। নাহৰফুটুকীটোক ট্ৰেংকুলাইজ কৰে চিৰিয়াখনাৰ পৰা যোৱা এটা দলে। নগাঁৱৰ ভিন্ন স্থানত আতংকৰ সৃষ্টি কৰিছিল নাহৰফুটুকীটোৱে। আমোলাপট্টি, ঢাকাইপট্টীত বিচৰণ কৰিছিল নাহৰফুটুকীটোৱে। CCTVত আবদ্ধ হৈছিল নাহৰফুটুকীৰ বিচৰণৰ দৃশ্য। তাৰ পাছতে নাহৰফুটুকীৰ সন্ধানত অভিযান আৰম্ভ কৰিছিল বন বিভাগে।

আজি পুৱা নগাঁও চহৰৰ ঢাকাইপট্টিত পৰিলক্ষিত হৈছিল নাহৰফুটুকী।ঢাকাইপট্টিৰ এঘৰত আশ্ৰয় লৈছিল নাহৰফুটুকীটোৱে। এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ CCTvত দেখা গৈছিল বাঘটো। পুৱাই পথৰ মাজেৰে গৈ আশ্ৰয় লৈছিল এঘৰৰ চৌহদত। তাৰপিছতে বন বিভাগৰ লোকে ট্ৰেংকুলাইজড কৰে নাহৰফুটুকীটো। তাৰ পাছতে নাহৰফুটুকীটোক চাবলৈ  ভিৰ কৰে ৰাইজে। বিগত কেইবাদিনো ধৰি আতংকৰ  সৃষ্টি কৰি আছিল নাহৰফুটুকীটোৱে। ৰাজপথত মুকলি বিচৰণ কৰা নাহৰফুটুকীটোৰ বাবে আতংকিত হৈ পৰিছিল অঞ্চলবাসী ৰাইজ।এতিয়া নাহৰফুটুকীটোক ট্ৰেংকুলাইজড কৰাত স্বস্তিৰ নিশ্বাস লৈছে নগাঁওবাসীয়ে।

উল্লেখ্য যে বিগত কেইদিনমান ধৰি ৰাজ্যত বৃদ্ধি পাইছে বনৰজাৰ মুকলি বিচৰণ।কিছুদিন পূৰ্বে উত্তৰ গুৱাহাটীত বাঘৰ আক্ৰমণত আহতহৈছিল এজন শ্ৰমিক। আহত শ্ৰমিকজন  পশ্চিমবংগৰ উদয় ঘোষ। গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ শ্ৰমিক হিচাপে নিয়োজিত ঘোষ। দলঙৰ ৪নং খুটাত বাঘ দেখি আতংকিত হৈ পৰে শ্ৰমিকসকল।প্ৰথমে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ ৪নং খুঁটা প্ৰত্যক্ষ কৰিছিল এটা নাহৰফুটুকী। কাম কৰি থকাৰ পুৱা ৫ বজাত সংঘটিত হৈছিল এই ঘটনা। ব্ৰহ্মপুত্ৰৰে সাঁতুৰি অহা প্ৰত্যক্ষ কৰিছিল নাহৰফুটুকীটো। আহত শ্ৰমিক পশ্চিমবংগৰ উদয় ঘোষক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰ পাছতে আতংকিত হৈ পৰিছে শ্ৰমিকসকল। ইয়াকে লৈ অঞ্চলজুৰি সৃষ্টি হৈছিল চাঞ্চল্য।

তাৰ কিছুদিন পাছত কুমাৰপাৰাৰ আৱাসিক এলেকাত প্ৰত্যক্ষ কৰা হৈছিল এটা নাহৰফুটুকী। CCTVত আবদ্ধ হৈছিল নাহৰফুটুকীয়ে আশ্ৰয় লোৱা দৃশ্য। অৱশ্যে পাছত বন বিভাগে ট্ৰেংকুলাইজড কৰিবলৈ সফল হৈছিল নাহৰফুটুকীক। পূৰ্বেও মহানগৰীত দেখা গৈছে বাঘৰ মুক্ত বিচৰণ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে কলিয়াবৰত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। ঢেকীয়াপতীয়া বাঘে প্ৰাণ ল’লে এজন শ্ৰমিকৰ। লোকজনৰ দেহৰ অংশ উদ্ধাৰ হৈছে অৰণ্যত। বাসুদেৱ কৰ্মকাৰ নামৰ লোকজনক ভক্ষণ কৰে বাঘে। সন্ধানহীন হৈ আছিল কলিয়াবৰ চাহ বাগিচাৰ বৰলাইনৰ বাসুদেৱ কৰ্মকাৰ।কলিয়াবৰ চাহ বাগিচাৰ সমিপতে বাসুদেৱ কৰ্মকাৰৰ সন্ধানত চলাইছিল অভিযান। ক্ষত-বিক্ষত অৱস্থাত পৰি থকা এটি কংকাল উদ্ধাৰ কৰা হয়। এতিয়াও কলিয়াবৰত বাঘক লৈ আতংকিত হৈ আছে অঞ্চলবাসী।

ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!
শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...
সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে