কন্ট্ৰেক্ট ফাৰ্মিঙৰ জৰিয়তে ৰাজ্যৰ বজাৰ দখল বহিৰাগত কোম্পানীৰ, কেনেদৰে লোকচানৰ সন্মুখীন হৈছে থলুৱা ?

যোৱা ২২ জানুৱাৰী তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পালে থাইলেণ্ডৰ বৃহৎ পুঁজিপতি গোষ্ঠী চি পি গ্ৰুপৰ সৈতে আলোচনাত মিলিত হৈছিল । এই আলোচনাৰ জৰিয়তে অসমত গাহৰি আৰু কুকুৰা পালনৰ ব্যৱসায়ত বিনিয়োগ বহিৰাগত কোম্পানীক বিনিয়োগ কৰাব বিচৰা বুলি উল্লেখ কৰি এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে ৰাইজৰ দলে।

কন্ট্ৰেক্ট ফাৰ্মিঙৰ জৰিয়তে ৰাজ্যৰ বজাৰ দখল বহিৰাগত কোম্পানীৰ, কেনেদৰে লোকচানৰ সন্মুখীন হৈছে থলুৱা ?

প্ৰতীকী ফটো

Published: 

28 Jan 2025 16:31 PM

কন্ট্ৰেক্ট ফাৰ্মিঙৰ জৰিয়তে থলুৱা গাহৰি পালকৰ বজাৰখনত এতিয়া বহিৰাগত কোম্পানীয়ে গ্ৰাস কৰিছে । এই অভিযোগ উত্থাপন কৰিছে ৰাইজে দলে । ৰাইজৰ দলে অভিযোগ কৰিছে যে, অসমৰ থলুৱা মানুহৰ এই ব্যৱসায়টো চৰকাৰে বহুজাতিক কোম্পানীৰ হাতত গতাই দি অসমৰ থলুৱা পশু পালকসকলক বিনা বেতনৰ বনুৱা কৰিব খুজিছে । এই কাৰ্য সম্পূৰ্ণৰূপে বিৰোধীতা কৰা বুলিও উল্লেখ কৰিছে ৰাইজৰ দলে ।

উল্লেখ্য যে, যোৱা ২২ জানুৱাৰী তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পালে থাইলেণ্ডৰ বৃহৎ পুঁজিপতি গোষ্ঠী চি পি গ্ৰুপৰ সৈতে আলোচনাত মিলিত হৈছিল । এই আলোচনাৰ জৰিয়তে অসমত গাহৰি আৰু কুকুৰা পালনৰ ব্যৱসায়ত বিনিয়োগ বহিৰাগত কোম্পানীক বিনিয়োগ কৰাব বিচৰা বুলি উল্লেখ কৰি এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে ৰাইজৰ দলে। আজি ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত সম্পাদক দেবাংগ সৌৰভ গগৈ, মেডিয়া পেনেলিষ্ট সোণেশ্বৰ পাটোৱাৰী আৰু জাতীয় যুৱ বাহিনীৰ কাৰ্যকৰী সভাপতি সৌৰভ বৰাই এখন সংবাদমেল সম্বোধন কৰে । উক্ত সংবাদমেলত এই অভিযোগ উত্থাপন কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে ।

থলুৱা গাহৰি পালকসকলৰ প্ৰধান সমস্যা কি ?

সম্পাদক দেবাংগ সৌৰভ গগৈয়ে কয় যে, ‘বিগত সময়ছোৱাত সদৌ অসম গাহৰি পালক সন্থাকে ধৰি অসমৰ সৰু সৰু গাহৰি পালক সকলৰ সৈতে গাঁৱে ভূঞে সাক্ষাৎ কৰিছিলো । এই সাক্ষাতৰ সময়ত আমি অনুভৱ কৰিছোঁ যে, অসমৰ ১০ লাখ গাহৰি পালকে বিভিন্ন সমস্যাৰ মাজেৰে যুদ্ধ কৰি কোনোমতে তেওঁলোকৰ ব্যৱসায় আগুৱাই নি আজি এটা পৰ্যায়ত উপনীত হৈছে।’

কিন্তু এফালে আফ্ৰিকান চুৱাইন ফিভাৰৰ ধ্বংসলীলা আৰু আনফালে বহি:ৰাজ্য যেনে পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থানৰ পৰা বৈধ-অবৈধভাৱে কিছুমান ডাঙৰ ডাঙৰ দালালৰ পৃষ্ঠপোষকতাত গাহৰি আনি বজাৰ ভৰাই পেলোৱাৰ ফলত থলুৱা গাহৰি পালকসকলে বজাৰ দখলৰ বাবে যথেষ্ট কষ্ট কৰিব লগীয়া হৈছে বুলি কয় সম্পাদক দেবাংগ সৌৰভ গগৈয়ে ।

তেওঁ অভিযোগ কৰে যে, অসমৰ গাহৰি পালকসকলে গাহৰি পালনৰ ক্ষেত্ৰত In Breeding ৰ সমস্যা সমাধানৰ বাবে দীৰ্ঘদিন ধৰি বহি:ৰাষ্ট্ৰৰ পৰা উন্নত সঁচ আনি অসমৰ গাহৰিৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ বাবে দাবী জনাই আহিছিল । কিন্তু উন্নত সঁচৰ পৰিবৰ্তে বহি:ৰাষ্ট্ৰৰ কোম্পানী আনি তেওঁলোকৰ জৰিয়তে বিনিয়োগ কৰাই গোটেই সম্ভাৱনাময় উদ্যোগটোকে বহিৰাগত পুঁজিপতিক গতাই দিব বিচৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সম্পাদকগৰাকীয়ে ।

কেনেদৰে লোকচানৰ সন্মুখীন হৈছে থলুৱা ব্ৰইলাৰ পালকসকল ?

ব্ৰইলাৰ কুকুৰাৰ কন্ট্ৰেক্ট ফাৰ্মিঙৰ ১৫০০ টা ব্ৰইলাৰ পুহিব পৰা এখন ফাৰ্মৰ উদাহৰণ দি দেবাংগ সৌৰভ গগৈয়ে আয়-ব্যয়ৰ তালিকা দেখুৱাই কয় যে, এজন ব্ৰইলাৰ পালকে সঁচা অৰ্থত মাহৰ শেষত আঠ হাজাৰতকৈও অধিক টকা লোকচানহে কৰিব লগা হয়। ১৫০০ ব্ৰইলাৰ ৰখা ঘৰটো তৈয়াৰ কৰা, পানীৰ ব্যৱস্থা কৰা বিদ্যুতৰ ব্যৱস্থা কৰাৰ পৰা ফাৰ্মখন সাজু হৈ উঠালৈ প্ৰায় ৩ লাখ ৭৭ হাজাৰ ৫০০ টকা খৰছ হয়।

পালকজনে ৪০/ ৪৫ দিন ব্ৰইলাৰ পুহিব লাগিব। ভুছিৰ পৰা আদি কৰি প্ৰতি মাহত ব্যয় হয় ২২,২৭৫ টকা। ফিক্সড এছেটৰ ক্ষেত্ৰত অৱক্ষয় প্ৰায় ১০,৪৮৬ টকা। সৰ্বমুঠ মাহিলী খৰছ ৩২,৭৬১ টকা। কিন্তু ইমান খৰছৰ পিছতো ব্ৰইলাৰ অতি ভাল ধৰণে উৎপাদন কৰিলে তেওঁলোকে পায় প্ৰতি কেজিত ৮.৫০ টকা, যিটোৰ সম্ভাৱনা অতি কম। তেওঁ দেখুৱাই দিয়ে যে, এনেদৰে এজন কন্ট্ৰেক্ট ফাৰ্মাৰে প্ৰতিমাহে ৮,৬৫৫ টকাৰ লোকচান কৰে।

তেওঁ কয় যে, নিজৰ মাটিত নিজৰ টকাৰে উৎপাদন কৰিও, নিজে কষ্ট কৰিও, নিজে লোকচান কৰিও কোম্পানীৰ বহতীয়া হৈ থাকিব লগীয়া হৈছে অসমৰ ব্ৰইলাৰ পালকসকল। অথচ সেইখিনি ব্ৰইলাৰকে বিক্ৰী কৰি কোম্পানীয়ে চাৰিওফালৰ পৰা লাভ উপাৰ্জন কৰি আহিছে। তেওঁলোকে পোৱালীও বেচিছে, দানাও বেচিছে, দৰবো বেচিছে। তেওঁ কয়, ‘একেটা ঘটনাই হ’বলৈ ওলাইছে গাহৰি পালকৰ সৈতে।’

লগতে তেওঁ উত্থাপন কৰা দাবী সমূহ হৈছে

১)গাহৰি পালক সকলৰ সহায় হোৱাকৈ বহিঃৰাষ্ট্ৰৰ পৰা উন্নত সঁচৰ ব্যৱস্থা কৰি বিজ্ঞানসন্মত পদ্ধতিৰে যোগানৰ ব্যৱস্থা কৰক যাতে গাহৰি পালক সকলে পুনৰ কম দিনৰ ভিতৰতে In breeding ৰ সমস্যাত ভুগিব নালাগে।

২)গাহৰি পালক সকলক কম মূল্যত দানা যোগানৰ ব্যৱস্থা কৰক। দানা প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় চয়া, মাকৈ আদি খেতি অসমৰ সম্ভৱনাপূৰ্ণ অঞ্চলত খেতিয়ক সকলক উৎসাহিত কৰি খেতি কৰাৰ ব্যৱস্থা কৰক, যাৰ ফলত থলুৱা উদ্যোগীয়ে কম খৰছত দানা উৎপাদন কৰি আমদানিকৃত দানাতকৈ কম বজাৰ মূল্যত বিক্ৰী কৰিব পাৰিব। ইয়াৰ ফলত গাহৰি পালকসকলৰ লগতে কৃষক সকলো উপকৃত হ’ব।

৩)চৰকাৰী উদ্যোগত গাহৰিৰ বীমাৰ ব্যৱস্থা কৰক, যাতে পালক সকলে বেংকৰ পৰা সহজেই ঋণ ল’ব পাৰে।

৪)ব্ৰইলাৰ কন্ট্ৰেক্ট ফাৰ্মিঙৰ সৈতে জড়িত কোম্পানীসমূহক নিয়ন্ত্ৰণ কৰি ব্ৰইলাৰ পালকসকলক এটা নূন্যতম Growing Charge দিয়াটো বাধ্যতামূলক কৰক।

দাঁতৰ সমস্যা দূৰ কৰিব পৰা ঘৰুৱা উপায়সমূহৰ বিষয়ে জানক
কাইলৈৰ পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন, ভট্টদেৱ সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন ব্যস্ততা
সৰস্বতী পূজালৈ মাজত মাঁথো ৩টা দিন, মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল
প্ৰতিদিনে যদি দুটা বগৰী খাই, তেন্তে কি হয় জানেনে?