শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আকৌ মৃত্যুৰ কিৰিলি, নুমলীগড়ৰ লেটেকুজান চাহ বাগিচাত অবৈধ চুলাই সেৱন কৰি মৃত্যু দুজনৰ !

২০১৯ চনত গোলাঘাটৰ চাহ বাগিচাত সংঘটিত চুলাই ট্ৰেজেডীৰ কথা নিশ্চয় সকলোৰে মনত আছে। সেই জিলাৰে লেটেকুজান চাহ বাগিচাত শেহতীয়াকৈ পুনৰ অবৈধ চুলাই সেৱনৰ ফলত দুজন লোকৰ মৃত্যুৰ হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

আকৌ মৃত্যুৰ কিৰিলি, নুমলীগড়ৰ লেটেকুজান চাহ বাগিচাত অবৈধ চুলাই সেৱন কৰি মৃত্যু দুজনৰ !
manas-borah
Manas Borah | Updated On: 18 Mar 2025 09:29 AM

গোলাঘাটৰ এখন চাহ বাগিচাত আকৌ মৃত্যুৰ কিৰিলি ! ২০১৯ চনত গোলাঘাটৰ চাহ বাগিচাত সংঘটিত চুলাই ট্ৰেজেডীৰ কথা নিশ্চয় সকলোৰে মনত আছে। সেই জিলাৰে লেটেকুজান চাহ বাগিচাত শেহতীয়াকৈ পুনৰ অবৈধ চুলাই সেৱনৰ ফলত দুজন লোকৰ মৃত্যুৰ হোৱাৰ অভিযোগ উত্থাপন হৈছে । স্থানীয় লোকৰ অভিযোগ অনুসৰি, চাহ বাগিচাখনত শনিবাৰে এজন লোকৰ অবৈধ চুলাই সেৱন কৰাৰ ফলত মৃত্যু হোৱাৰ সমান্তৰালভাৱে দেওবাৰে একেটা কাৰণতে আন এজন লোকৰ মৃত্যু হয় । এই দুয়োজন লোকৰ অবৈধ চুলাই (দেশীয় সুৰা) সেৱন কৰাৰ ফলতে মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ।

সূত্ৰ খবৰ অনুসৰি, দেওবাৰে মৃত্যু হোৱা লোকজনৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে প্ৰশাসনে। সূত্ৰৰ পৰা জানিব পৰা মতে, নুমলীগড় অঞ্চলৰ লেটেকুজান চাহ বাগিচাৰ ৰাজেশ তেলেঙা আৰু শংকৰ তেলেঙা নামৰ এই দুজন ব্যক্তিৰ অবৈধ চুলাই সেৱনৰ ফলতে মৃত্যু হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ।

শনিবাৰে মৃত্যু হোৱা ৰাজেশৰ মৃতদেহ পৰিয়ালৰ ৰীতি-নীতি পালন কৰি শেষকৃত্য সম্পন্ন কৰা হৈছিল যদিও কবৰ খান্দি ৰাজেশৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰশাসনে প্ৰেৰণ কৰে বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে । ইফালে, দেওবাৰে শংকৰৰ মৃত্যুৰ কিছু সময়ৰ পিছতে শংকৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। “স্থানীয় লোক আৰু সংগঠনসমূহে অভিযোগ কৰিছে যে,তেওঁলোকৰ অবৈধ চুলাই সেৱন কৰি মৃত্যু হৈছে। আমি এই কথাটো অতি গুৰুত্বসহকাৰে লৈছো।” এই ঘটনাৰ সন্দৰ্ভত এইদৰে কয় এগৰাকী প্ৰশাসনৰ বিষয়াই ।

ইফালে, এই ঘটনাৰ সংঘটিত হোৱাৰ পিছতে অবৈধ চুলাই বিক্ৰী বন্ধ কৰাৰ লগতে এই অবৈধ বেহাৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে চাহ বাগিচাৰখনৰ লোকসকলে । তেওঁলোকে দাবী কৰে যে, অঞ্চলটোত দেশীয় সুৰা অবৈধভাৱে বিক্ৰী কৰা হৈছে । এই সুৰাৰ সহজ উপলব্ধতাৰ বাবে কিশোৰ-কিশোৰীসকলো মদ্যপানৰ বলি হৈছে। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে, বিগত সময়ত অবৈধ চুলাই সেৱনৰ বাবে অঞ্চলটোত কমেও ১০ জন লোকৰ মৃত্যু হৈছে। একে সময়তে স্থানীয় প্ৰশাসনে বিষয়টো গুৰুত্বসহকাৰে লৈছে বুলি জানিব পৰা গৈছে ।