‘গৌৰৱ’ময় হোৱাৰ দিশে যোৰহাটঃ তপন গগৈক বহু পিছলৈ ঠেলি জয়ৰ দিশত গৌৰৱ গগৈ

গত ১৯ৰ নিৰ্বাচনত জয়েৰে সমষ্টিটোৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱা তপন গগৈক লক্ষাধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰাৰ দিশত আগবাঢ়িছে গৌৰৱ গগৈয়ে। এক কথাত এতি্যা মাত্ৰ আনুষ্ঠানিক ঘোষণাহে বাকী আছে। লোকসভাত বিৰোধী দলৰ উপ-নেতা গৌৰৱ গগৈয়ে এইপৰ্যন্ত ৭,০৬,০৩৮টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে লাভ কৰিছে ৫,৬৮,৯২৮টা ভোট।

‘গৌৰৱ’ময় হোৱাৰ দিশে যোৰহাটঃ তপন গগৈক বহু পিছলৈ ঠেলি জয়ৰ দিশত গৌৰৱ গগৈ

নিশ্চিত জয়ৰ দিশে আগবাঢ়িছে গৌৰৱ গগৈ

Updated On: 

04 Jun 2024 16:15 PM

আজি ঘোষিত হ’ব দেশৰ ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ ফলাফল। দিল্লীৰ মচনদ দখলৰ বাবে এইপৰ্যন্ত হোৱা ভোটগণনাত তুমুল প্ৰতিদ্বন্দিতা দেখিবলৈ পোৱা গৈছে বৰ্তমানৰ শাসকীয় NDA আৰু INDIA জোঁটৰ মাজত। ইফালে ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিলৈয়ো দৃষ্টি নিবদ্ধ ৰাজ্যবাসীৰ। তাৰ মাজতে ফলাফল প্ৰায় সমুখলৈ আহিছে ৰাজ্যৰ আটাইতকৈ চৰ্চিত সমষ্টি যোৰহাটৰ ফলাফল। যোৰহাটত বিজেপি প্ৰাৰ্থী তপন গগৈক পৰাস্ত কৰাৰ দিশে আগবাঢ়িছে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ।

গত ১৯ৰ নিৰ্বাচনত জয়েৰে সমষ্টিটোৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱা তপন গগৈক লক্ষাধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰাৰ দিশত আগবাঢ়িছে গৌৰৱ গগৈয়ে। এক কথাত এতি্যা মাত্ৰ আনুষ্ঠানিক ঘোষণাহে বাকী আছে। লোকসভাত বিৰোধী দলৰ উপ-নেতা গৌৰৱ গগৈয়ে এইপৰ্যন্ত ৭,০৬,০৩৮টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে লাভ কৰিছে ৫,৬৮,৯২৮টা ভোট।

ভোটগণনা চলি থকাৰ সময়তে নিশ্চিত জয়ৰ দিশত আগবাঢ়ি থকা গৌৰৱ গগৈয়ে সাংবাদিকৰ সৈতে বাৰ্তালাপৰ সময়ত এক বিশেষ মন্তব্য কৰে। জয়ৰ দিশত আগবাঢ়ি থকাৰ সময়তে গৌৰৱ গগৈয়ে ‘যোৰহাটত অহংকাৰৰ পৰাজয় আৰু গণতন্ত্ৰৰ জয়’ হোৱা বুলি মন্তব্য কৰে।

উল্লেখ্য যে, কংগ্ৰেছে নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পূৰ্বেই গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বুলি খবৰ প্ৰকাশ পাইছিল আৰু তেতিয়াৰ পৰাই যোৰহাট সমষ্টিক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছিল। আনহাতে প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছতে বৃদ্ধি পায় কুচ-কাৱাজ।

ইফালে গৌৰৱ গগৈক পৰাস্ত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা দেখা গৈছিল বিজেপিক। ৰাজ্যিক বিজেপিৰ বহুকেইগৰাকী ৰথী-মহাৰথী সমষ্টিটোত ব্যাপক প্ৰচাৰত নামি পৰিছিল। সমষ্টিটোত বৃদ্ধি পোৱা এনে ৰাজনৈতিক কুচ-কাৱাজৰ বাবে আকৰ্ষণীয় হৈ পৰিছিল সমষ্টিটোৰ ৰাজনৈতিক দৃশ্যপট।

ৰাষ্ট্ৰীয় পৰ্যায়তো যোৰহাট সমষ্টি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। অৱশ্যে বিজেপিৰ সকলো প্ৰস্তুতি ব্যৰ্থ কৰি বিজয় সাব্যস্ত কৰাৰ দিশত অগ্ৰসৰ হৈছে গৌৰৱ গগৈ। কংগ্ৰেছ-বিজেপিৰ এই দুই প্ৰাৰ্থীৰ বিপৰীতে সমষ্টিটোত একম সনাতন ভাৰত দলৰ প্ৰাৰ্থী অৰুণ চন্দ্ৰ সন্দিকৈয়ে ৮৪৪২ টা ভোট আৰু নিৰ্দলীয় প্ৰাৰ্থী ৰাজ কুমাৰ দুৱাৰাই ৭৭১৪ টা ভোট লাভ কৰে। আনহাতে ন’টাৰ জৰিয়তে মতদান কৰে ১৩৪৬০ জন ভোটাৰে।

আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!