শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কলিয়াবৰত ভয়ংকৰ ঘটনা, আত্মসহায়ক গোটৰ মহিলাৰ নিৰ্যাতন সহিব নোৱাৰি যুৱকৰ চৰমপন্থা!

প্ৰেমৰ বাবে এজন যুৱকে শেষ কৰিবলগা হ'ল নিজৰ জীৱন। কেৱল যুৱকজনেই নহয় চৰমপন্থাৰ অপচেষ্টা প্ৰেমিকাৰো। নিৰ্যাতন সহিব নোৱাৰি এই সিদ্ধান্ত লোৱাৰ অভিযোগ যুৱকজনৰ পৰিয়ালৰ লোকৰ। কিন্তু কাৰ বাবে প্ৰেমিক যুগলে বাছি ল'লে এনে পন্থা? সবিশেষ এই প্ৰতিবেদনত জানো আহক।

কলিয়াবৰত ভয়ংকৰ ঘটনা, আত্মসহায়ক গোটৰ মহিলাৰ নিৰ্যাতন সহিব নোৱাৰি যুৱকৰ চৰমপন্থা!
কলিয়াবৰত যুৱকৰ চৰমপন্থা!Image Credit source: social media
trishna-kalita
Trishna Kalita | Published: 18 Feb 2025 18:33 PM

প্ৰেম এক চিৰন্তন সত্য। প্ৰেমে নামানে কোনো বয়স, কোনে জাতিৰ সীমা। প্ৰেম নিস্বাৰ্থ, প্ৰেমে দিয়ে নতুন জীৱন, আনে প্ৰচুৰ সম্ভাৱনা। আৰু যে ক’ত কিমান আছে প্ৰেমৰ সংজ্ঞা। কিন্তু এই প্ৰেমৰ বাবে যেতিয়া কোনোবা এজনে জীৱন ত্যাগ কৰিবলগা হয়, সেয়া কি বাৰু? তেনে এক ঘটনা সংঘটিত হৈছে এই ৰাজ্যত। প্ৰেমত পৰা বাবে চৰমপন্থা ল’বলগা হ’ল এগৰাকী প্ৰেমিকে।

এই ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ বৰবালিটুপত। প্ৰেমৰ বাবে এজন যুৱকে শেষ কৰিবলগা হ’ল নিজৰ জীৱন। কেৱল যুৱকজনেই নহয় চৰমপন্থাৰ অপচেষ্টা প্ৰেমিকাৰো। নিৰ্যাতন সহিব নোৱাৰি এই সিদ্ধান্ত লোৱাৰ অভিযোগ যুৱকজনৰ পৰিয়ালৰ লোকৰ। কিন্তু কাৰ বাবে প্ৰেমিক যুগলে বাছি ল’লে এনে পন্থা? সবিশেষ এই প্ৰতিবেদনত জানো আহক।

জানিব পৰা মতে, বৰবালিটুপৰ মুকেশ বৰ্মন আৰু একেখনৰ গাঁৱৰে এগৰাকী কিশোৰীৰ মাজত আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক। সেই সূত্ৰে ৬ ফেব্ৰুৱাৰীত কিশোৰীগৰাকীক ঘৰলৈ পলুৱাই আনিছিল মুকেশে। কথা আছিল দুয়ো একেলগে এখন সুখৰ সংসাৰ গঢ়াৰ। একেলগে হাঁহি-কান্দোন, সুখ-দুখৰ মাজৰে জীৱন কটোৱাৰ। কিন্তু প্ৰেমৰ কৰুণ পৰিণতি। দুয়োৰে সম্পৰ্কৰ মাজত অভিশাপ হৈ আহিল এজাক মহিলা। থান-বান হৈ গ’ল সকলো। প্ৰেমিকাৰ অকলে এৰি চিৰ দিনলৈ গুচি গ’লগৈ মুকেশ।

ছোৱালীজনী পলুৱাই অনাৰ পাছত দুয়োখন ঘৰে বিবাহত সন্মতি প্ৰকাশ কৰে। কিন্তু তাতেও আছিল এটা সমস্যা। মুকেশ বৰ্মনে পলুৱাই অনা ছোৱালীজনী আছিল নাবালিকা। যাব বাবে বিবাহ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। তাৰ পাছত সমস্যাৰ সমাধান বিচাৰি আদালতৰ দুৱাৰত উপস্থিত হয় দুয়োটা পৰিয়াল। কিশোৰীগৰাকীৰ উপযুক্ত বয়স নোহোৱাৰ বাবে বিয়া পতাতো সম্ভৱ নহয়। ইয়াকে লৈ দুয়োটা পৰিয়ালৰ মাজত কৰা হয় এক চুক্তি। কিশোৰীগৰাকীৰ উপযুক্ত বয়স হ’লেই বিবাহ সম্পন্ন কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ হয় দুয়োটা পৰিয়াল।

কিন্তু ইয়াৰ পাছতে সংঘটিত হয় অথন্তৰ। দেওবাৰে সন্ধিয়া মুকেশ বৰ্মনৰ ঘৰত উপস্থিত হয় আত্মসহায়ক গোটৰ দুই মহিলাৰ নেতৃত্বত ১৯-২০জনীয়া এটা মহিলাৰ দল। সেই সময়তে মুকেশ আৰু কিশোৰীগৰাকীক একেলগে দেখা পায়  মহিলাসকলে। দুয়োৰে বিবাহৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে মহিলাসকলে।  মহিলাৰ দলটোৱে মুকেশ আৰু প্ৰেমিকাক ফাঁচী দিয়াৰ লগতে পিতৃ-মাতৃকো জে’ললৈ পঠিয়াম বুলি ভয় ভাবুকি দিয়াৰ অভিযোগ পৰিয়ালৰ লোকৰ। ইয়াৰ পাছতে বিহপান কৰে দুই প্ৰেমিকযুগলে। লগে লগে দুয়োকে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।কিন্তু উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ নিয়াৰ পথতে মৃত্যু হয় প্ৰেমিক মুকেশ বৰ্মনৰ।

পৰিয়ালৰ অভিযোগ অনুসৰি মহিলাসকলৰ ভাবুকিৰ বাবে এই সিদ্ধান্ত লয় দুয়োৱে। ইফালে  তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ জীৱন মৃত্যুৰে যুঁজি আছে কিশোৰী প্ৰেমিকা। সোমবাৰে বিয়লি মুকেশ বৰ্মনৰ মৃতদেহ ঘৰ আহি পোৱাৰ পাছত গাঁওখনত সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। ঘটনা সন্দৰ্ভত শিৱস্থান উপ-আৰক্ষী চকীত আত্মসহায়ক গোটৰ মহিলাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মুকেশ বৰ্মনৰ পৰিয়ালে।