ঘনিষ্ঠতা বৃদ্ধি! অসম জাতীয় পৰিষদত যোগদান কৰিব নেকি প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰই?
এনে পৰিস্থিতিত জাতীয় পৰিষদেও নিজৰ শক্তি বৃদ্ধি কৰাৰ চেষ্টা কৰিছে। ইতিমধ্যে কেইবাগৰাকী বিজেপি নেতাই জাতীয় পৰিষদত যোগদান কৰিব বুলি চৰ্চা হৈ আহিছে। এতিয়া অপেক্ষা মাঁথো সময়লৈ, সময়ে ক'ব কোন কোন নেতাই ঢাপলি মেলে জাতীয় পৰিষদলৈ।
ৰাজ্যৰ ৰাজনীতিত হঠাৎ চৰ্চালৈ আহিছে প্ৰফুল্ল মহন্তৰ নাম। মহন্ত পৰিয়ালৰ ঘৰলৈ আহ- যহ চলিছে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ নেতাৰ। মহন্ত পৰিয়ালক লৈ যেন এক অঘোষিত যুঁজ আৰম্ভ হৈছে দল দুটাৰ মাজত। কিছুদিন পূৰ্বে মহন্তৰ বাসগৃহত উপস্থিত হৈছিল কংগ্ৰেছ নেতা তথা সাংসদ ৰকিবুল হুচেইন। এই সময়চোৱাত তেওঁ প্ৰফুল্ল কুমাৰ মহন্ত আৰু তেওঁৰ পুত্ৰ শ্যামন্ত কুমাৰ মহন্তৰ সৈতে বৈঠকত মিলিত হয়।
কংগ্ৰেছ নেতাৰ পাছতেই এইবাৰ মহন্ত পৰিয়ালৰ লগত ঘনিষ্ঠতা বৃদ্ধিৰ চেষ্টা অসম জাতীয় পৰিষদৰ। বুধবাৰে জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা মহন্তৰ পৰিয়ালত উপস্থিত হয়। প্ৰায় ২ ঘন্টা সময় ধৰি তেওঁলোকৰ মাজত আলোচনা হয়। ইতিমধ্যে মহন্তক সাক্ষাৎ কৰাৰ ফটো লুৰিণ জ্যোতিয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। তেওঁ কৈছে যে, প্ৰফুল্ল কুমাৰ মহন্তক কৰা সাক্ষাৎ ৰাজনৈতিক নহয়। কেৱল মাত্ৰ তেওঁৰ স্বাস্থ্যৰ বুজ ল’বলৈহে বাসগৃহত উপস্থিত হৈছিল।
গগৈয়ে ছ’চিয়েল মিডিয়াত লিখে- “আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ঐতিহাসিক অসম আন্দোলনৰ নেতা প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াক তেখেতৰ বাসভৱনত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়াৰ সৈতে সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লওঁ৷ সাক্ষাৎকালত তেখেতক আপোচবিহীন স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠাৰ হকে আমি চলাই নিয়া সংগ্ৰামখনৰ বিষয়ে অৱগত কৰাওঁ৷ তেখেতেও দিহা-পৰামৰ্শ আৰু আশীৰ্বাদেৰে আমাক বাধিত কৰে৷ মহন্ত ডাঙৰীয়াৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ “৷
জানিব পৰা মতে এই বৈঠকৰ সময়চোৱাত প্ৰফুল্ল মহন্তই অসম জাতীয় পৰিষদক শক্তিশালী কৰি তুলিবলৈ পৰামৰ্শ দিয়ে। এই সাক্ষাতৰ পাছতেই প্ৰশ্ন হৈছে, অসম জাতীয় পৰিষদত যোগদান কৰিব নেকি প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰই? অৱশ্যে এই প্ৰশ্ন নসাৎ কৰে গগৈয়ে। লুৰিণ জ্যোতিয়ে কোনো ৰাজনৈতিক মন্তব্য প্ৰদান নকৰিলেও এই সাক্ষাতে যথেষ্ঠ প্ৰশ্নৰ অৱকাশ আনিছে। কিয়নো ৰাজ্যৰ ৰাজনীতিত প্ৰায় অপ্ৰাসংগিক হৈ পৰিছে মহন্ত পৰিয়াল।
২০২১ চনত অগপৰ দুৰ্গ স্বৰূপ বঢ়মপুৰ সমষ্টিটো বিজেপিক এৰি দিছিল। কিন্তু তাৰ পাছতো বিজেপিয়ে মহন্ত পৰিয়ালক ৰাজনৈতিক সংস্থাপন নিদিলে। জানিব পৰা মতে এই সমষ্টিৰ পৰা বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত নামিব পাৰে মহন্তৰ পুত্ৰ। ইতিমধ্যে ইয়াৰ বাবে কংগ্ৰেছে প্ৰস্তাৱ আগবঢ়াইছে।
খবৰ অনুসৰি মহন্তৰ পুত্ৰই যোগদান কৰাৰ সম্ভাৱণা নাই কংগ্ৰেছত। এটা আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰতিষ্ঠাপৰ পুত্ৰই কংগ্ৰেছলৈ গ’লে যে প্ৰশ্নৰ মাজত সোমাই পৰিব সেয়া নিশ্চিত। সেয়ে অসম জাতীয় পৰিষদত যোগদান কৰিব পাৰে মহন্তৰ পুত্ৰই। অৱশ্যে এই ক্ষেত্ৰত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনকলৈ টঙালি বান্ধিছে প্ৰতিটো দলেই। এনে পৰিস্থিতিত জাতীয় পৰিষদেও নিজৰ শক্তি বৃদ্ধি কৰাৰ চেষ্টা কৰিছে। ইতিমধ্যে কেইবাগৰাকী বিজেপি নেতাই জাতীয় পৰিষদত যোগদান কৰিব বুলি চৰ্চা হৈ আহিছে। এতিয়া অপেক্ষা মাঁথো সময়লৈ, সময়ে ক’ব কোন কোন নেতাই ঢাপলি মেলে জাতীয় পৰিষদলৈ।