মাঘৰ দোমাহিত এইবাৰ হাজোৰ মাধৱ মন্দিৰত অনুষ্ঠিত নহয় বুলবুলি চৰাইৰ যুঁজ…

Magh bihu 2025: মাঘ বিহুলৈ মাজত মাত্ৰ কেইটামান ক্ষণ। প্ৰতিটো বিহুৰে নিজা নিজা বৈশিষ্ট থাকে। মাঘ বিহুৰ সময়ত বছৰ বছৰ ধৰি বিভিন্ন খেল অনুষ্ঠিত কৰি অহা হৈছে, ইয়াৰ ভিতৰত বুলবুলি চৰাইৰ যুঁজ অন্যতম।

মাঘৰ দোমাহিত এইবাৰ হাজোৰ মাধৱ মন্দিৰত অনুষ্ঠিত নহয় বুলবুলি চৰাইৰ যুঁজ...

মাঘ বিহু

Published: 

12 Jan 2025 21:39 PM

এইবাৰ মাঘৰ দোমাহিত হাজোৰ মাধৱ মন্দিৰত অনুষ্ঠিত নহয় ঐতিহাসিক বুলবুলি চৰাইৰ যুঁজ। ন্যায়ালয়ৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই মন্দিৰ কৰ্তৃপক্ষই কিছুদিন পূৰ্বে এই যুঁজ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল যদিও শেহতীয়াকৈ এই সিদ্ধান্ত বাতিল কৰে। এই সন্দৰ্ভত মন্দিৰ কৰ্তৃপক্ষই কয় যে, এইবাৰ হাজোত অনুষ্ঠিত নহয় বুলবুলি চৰাইৰ যুঁজ। এই যুঁজত ন্যায়ালয়ে নিষেধাজ্ঞা জাৰি কৰিছে। এই সন্দৰ্ভত মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা গোচৰ তৰিছে যদিও ইয়াৰ সমাধান হোৱা নাই। সেয়ে এইবাৰ বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হোৱাৰ কোনো সম্ভাৱনা নাই।

মন্দিৰ কৰ্তৃপক্ষই লগতে কয় যে, যোৱা বছৰ অসম চৰকাৰৰ এছ অ’ পিৰ ভিত্তিত ৯ বছৰ পাছত এই যুঁজ অনুষ্ঠিত হৈছিল। কিন্তু এইবাৰ চৰকাৰে কোনো এছ অ’ পি জাৰি কৰা নাই। ইয়াৰ লগতে তেওঁলোকে কয় যে, ন্যায়ালয়ৰ এই সিদ্ধান্তত আমি দুখ পাইছো। এয়া হাজোবাসীৰ আবেগত এক ডাঙৰ আঘাত। কিন্তু আমি ইয়াৰ বিৰুদ্ধে ন্যায়িক যুঁজ কৰি যাম।

উল্লেখ্য যে, বুলবুলি চৰাইৰ যুঁজৰ সৈতে হাজোৰ ঐতিহ্য জড়িত হৈ আছে। ৰজা প্ৰমত্ত সিংহৰ দিনৰ পৰা হাজোৰ মাধৱ মন্দিৰত মাঘৰ দোমাহিত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰি অহা হৈছিল যদিও ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছত কিছু বছৰ পূৰ্বৰ পৰা  এই যুঁজ অনুষ্ঠিত হোৱা নাই । কিন্তু যোৱা বছৰ ৰাজ্যিক কেবিনেটে এক এছ অ’ পি জাৰি কৰি ৰাজ্যত মাঘৰ বিহুৰ সময়ত বুলবুলি চৰাইৰ যুঁজ আৰু ম’হ যুঁজ অনুষ্ঠিত কৰাৰ অনুমতি দিছিল। ইয়াৰ ভিত্তিতেই যোৱা বছৰ ৰাজ্যত অনুষ্ঠিত হৈছিল বুলবুলি চৰাই আৰু ম’হ যুঁজ।

কিন্তু ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই পেটা (People for the Ethical Treatment of Animals ) নামৰ এটা স্বেচ্ছাচাৰী সংগঠনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। পেটাই ন্যায়ালয়ত দাখিল কৰিছিল ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজক লৈ তেওঁলোকে কৰা তদন্ত। পেটাৰ তথ্যৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰুৱাৰ বিচাৰপীঠে ১৭ জানুৱাৰীত ৰায় প্ৰদান কৰি ৰাজ্যিক কেবিনেটৰ এছ অ’ পি খাৰিজ কৰাৰ লগতে ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰে।

উল্লেখ্য যে, পেটাই তেওঁলোকৰ আবেদনত তথ্য প্ৰমাণ সহকাৰে দেখুৱাইছিল যে কেনেকৈ যুঁজৰ বাবে বুলবুলি চৰাইক নিচাযুক্ত দ্ৰব্য খুৱাই, কেইবাদিনো খাবলৈ নিদি যুঁজ কৰিবলৈ বাধ্য কৰায়। ইয়াৰ বিপৰীতে ম’হবোৰক কেনেকৈ আতংকিত কৰি আঘাতপ্ৰাপ্ত হোৱাৰ পাছত যুঁজিবলৈ বাধ্য কৰায় । এই সকলোবোৰ তথ্য প্ৰমাণৰ পাছত ন্যায়ালয়ে ৰাজ্যত সম্পূৰ্ণৰূপে ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজত নিষেধাজ্ঞা জাৰি কৰিছিল।

 

অন্য খবৰ পঢ়কঃ ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ ম’হ যুঁজ আৰু বুলবুলি চৰাই যুঁজ, ন্যায়ালয়ৰ নিৰ্দেশ…

ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!
কোনসকল লোকে মধুৰিআম খাব নালাগে?
মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...
বিশ্বৰ ৫খন দেশ, য'ত ব্যাপক ৰূপত প্ৰচলিত হয় হিন্দী ভাষা