মাঘ বিহু কেতিয়া? জানক এই বিহুৰ ইতিহাস, পৰম্পৰা আদি সকলো
বিহু অসমৰ জাতীয় উৎসৱ। বিহুৰ লগতে জড়িত হৈ আছে প্ৰতিগৰাকী অসমীয়াৰ অস্তিত্ব। বছৰত তিনিটাকৈ বিহু পালন কৰা হয় আৰু প্ৰতিটো বিহুৰে আছে নিজা নিজা বৈশিষ্ট তথা তাৎপৰ্য।
হেঁপাহৰ মাঘ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। বিহু বুলি কলেই অসমীয়াৰ গাত নাইকীয়া হয়। যিমানে সময়ে ব্যস্ত কৰি নাৰখক কিয়, যান্ত্ৰিক জীৱনৰ ধামখুমীয়াত যিমানেই সোমাই নপৰক কিয় বিহু বুলি ক’লে প্ৰতিগৰাকী অসমীয়াই মনত কৰে আপোনজনক, ঢাপলি মেলে গাঁৱলৈ। চহৰৰ ৰঙীণ জীৱনে সুখ দিলেও ভোগালীৰ ভোগ বিচাৰি প্ৰায় প্ৰতিগৰাকী লোকেই যেন যায় গাঁৱলৈ। বিহু বুলি ক’লেই অসমীয়াৰ ব্যস্ততা। শস্য চপোৱাৰ পাছত এই সময়চোৱাত সকলোৰে ভঁৰাল ভৰি থাকে। অতি চহকীভাৱে এই বিহু পালন কৰা হয়, যাৰ বাবে ইয়াক ভোগালী বিহু বুলিও কোৱা হয়।
তাৰিখ
প্ৰতিবছৰে অসমীয়াই অতি উলহ মালহেৰে মাঘ বিহু পালন কৰে। এইবাৰ ১৩ জানুৱাৰীত উৰুকা আৰু ১৪ জানুৱাৰীত মেজি জ্বলোৱা পৰ্ব পালন কৰা হ’ব। লগতে ১৫ জানুৱাৰীত আৰম্ভ হ’ব মাঘৰ মাহ ।
বিহু অসমৰ জাতীয় উৎসৱ। বিহুৰ লগতে জড়িত হৈ আছে প্ৰতিগৰাকী অসমীয়াৰ অস্তিত্ব। বছৰত তিনিটাকৈ বিহু পালন কৰা হয় আৰু প্ৰতিটো বিহুৰে আছে নিজা নিজা বৈশিষ্ট তথা তাৎপৰ্য। অৱশ্যে সময়ৰ সোঁতত বিহুৰ পৰম্পৰা সলনি নোহোৱা নহয়। এটা সময় আছিল, যেতিয়া গছৰ তলত বিহু পাতিছিল, ঘৰে ঘৰে হুঁচৰি গাইছিল। সেই বিহু এতিয়া হ’লগৈ মঞ্চ বিহু। মাঘ বিহুৰ ক্ষেত্ৰতো একেই, সময়ে সময়ে এই বিহুৰ পৰম্পৰা বা নীতি নিয়ম সলনি হৈছে। পিছে বহুৰো আছে এক অনন্য ইতিহাস।
ইতিহাস
বিহুক লৈ বহু গৱেষণা হৈছে। কোৱা হয়, মংগোলীয়সকলে বিহু উৎসৱৰ আৰম্ভণি কৰিছিল। আহোমসকল অহাৰ আগৰে পৰা চুতীয়াসকলে ৰাজত্ব কৰা উজনি অসমৰ শদিয়াৰ ফালে থকা চুতীয়া ৰাজ্যত বিহুৰ আৰম্ভণি হৈছিল। পৰৱৰ্তী সময়ত আহোমসকলে বিহুক নতুন ৰূপ দি ৰাইজৰ মাজলৈ উলিয়াই আনিছিল। স্বৰ্গদেউ ৰুদ্ৰ সিংহই বিহুক জাতীয় উৎসৱৰ মৰ্যদা দিছিল আৰু ৰংঘৰৰ বাকৰিত বিহু পাতিছিল। আনকি ব্ৰিটিছ লেখক উইলিয়ামছ ৰবিনছনে বিহুক অসমৰ প্ৰধান উৎসৱ হিচাপে উল্লেখ কৰি গৈছে। তেওঁ সেই কথা ‘এ ডেছক্ৰেটিভ একাউণ্ট অফ আছাম গ্ৰন্থত’উল্লেখ কৰিছে।
কিন্তু ব্ৰিটিছ অহাৰ পাছৰে পৰা বিহুলৈ নামি আহিছিল অশনি সংকেত। সামাজিক সমস্যাই বিহুত অনিশ্চিয়তাৰ মাজলৈ ঠেলি দিছিল। একাংশই বিহুত বিজতৰীয়া কৰিবলৈও কুণ্ঠবোধ কৰা নাছিল। আনকি অৰুণোদয়, অসম বান্ধৱ আদি কাকততেই বিহুক লৈ বিৰোধিতা তুলিছিল। অসম বান্ধৱ নামৰ কাকতখনে বিহুৰ সলনি দুৰ্গা পূজাক জাতীয় উৎসৱ হিচাপে স্বীকৃতি দিয়াৰ দাবী কৰিছিল। কেৱল ইমানেই নহয়, ব্ৰিটিছৰ দিনত বিহুক নিষিদ্ধ কৰাৰো দাবী উঠিছিল।
১৮২৯ চনত হলিৰাম ঢেকিয়াল ফুকনে বিহুক তুলাধুনা দি জাতীয় জীৱনৰ পৰা বিদায় দিয়াৰ চেষ্টা কৰিছিল। ১৮৮৯ চনত প্ৰথম ইংৰাজী অভিধান প্ৰণেতা বুধিনন্দ্ৰ নাথ ভট্টাচাৰ্যই বিহুক নটৰিয়াছ আখ্যা দি প্ৰৱন্ধ লিখিছিল। নেশ্যনেল গাৰ্ডিয়ান কাকতত লিখা সেই প্ৰবন্ধৰ নাম আছিল দ্যা আছামিজ বিহু। কেৱল এয়াই নহয়, সময়ে সময়ে বিহুৰ বিৰুদ্ধে একাংশই ষড়যন্ত্ৰ ৰচি আহিছে। কিন্তু স্বাধীনতাৰ পাছত পুনৰ বৃদ্ধি হয় বিহুৰ প্ৰতি মানুহৰ আন্তৰিকতা আৰু আজিও বিহু মানুহে উলহ মালহেৰে পালন কৰি আহিছে।
পৰম্পৰা
বিহু বছৰত তিনিবাৰকৈ পালন কৰা হয়। পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বা মাঘ বিহু পালন কৰা হয়। এই বিহুৰ সময়ত কৃষিজীৱি অসমীয়া ধান চপাই ভঁৰাল উপচাই থয়, যাৰ বাবে ইয়াক ভোগালী বিহু বুলি কোৱা হয়। এই বিহুত খোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। প্ৰায় সকলোৰে ঘৰত পিঠা, দৈ, সান্দহ, নানা প্ৰকাৰৰ লাড়ু, আখৈ আদি বনোৱা হয়।
পুহ আৰু মাঘ মাহৰ সংক্ৰান্তি তথা দোমাহীৰ আগদিনা উৰুকা উদ্যাপন কৰা হয়। ডেকাহঁতে নৰা কাটি পথাৰত ভেলাঘৰ সাজে আৰু উৰুকাৰ নিশা গোটেই ৰাতি উজাগৰে থাকি মাছে, মঙহে ভোজ খাই আনন্দ কৰে। সমান্তৰালকৈ প্ৰতিগৰাকী অসমীয়াই ঘৰত উৰুকাৰ দিনা লগে ভাগে এসাঁজ খায়। উৰুকাৰ নিশা গাঁৱৰ ডেকাসকলে মানুহৰ বাৰীৰ পৰা খৰি, শাক-পাচলি আদি চুৰ কৰি আনে। ইয়াৰোপৰি কিছুমান ঠাইত জপনা, ঢেঁকী আদি চুৰ কৰাৰ পৰম্পৰাও আছে।
মেজিৰ পৰম্পৰা
উৰুকাৰ পাছদিনাই হয় মেজি জ্বলোৱা পৰ্ব। ডেকাহঁতে পুৱাই উঠি প্ৰথমে ভেলাঘৰ আৰু পাছত মেজি জ্বলাই নাম কীৰ্তন কৰে। মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদিৰে অগ্নিক সেৱা কৰা হয়। মেজি কিছুমান ঠাইত নৰা, কলপাত আদিৰে প্ৰস্তুত কৰাৰ বিপৰীতে কিছুমানে কাঠেৰে সজা হয়। তাৰ পাছতেই মেজিৰ তলত সেৱা কৰি সকলোৱে আশীৰ্বাদ লয়। মেজি জ্বলাৰ পাছত আধা পোৰা বাঁহ আনি কিছুমানে শাক-পাচলিৰ বাৰীত থৈ দিয়ে। বিশ্বাস কৰা হয় যে ছাই আৰু আধা পোৰা বাঁহে পথাৰ আৰু বাগিচাৰ উৰ্বৰতা বৃদ্ধি কৰে।
খেল-ধেমালি
মাঘ বিহুক লৈ বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত হয়। ইয়াৰ ভিতৰত বুলবুলি চৰাইৰ যুঁজ, ম’হ যুঁজ, কণী যুঁজ আদি অন্যতম। হাজোৰ হয়গ্ৰীৱ মাধৱ দেৱালয় বুলবুলি চৰাইৰ যুঁজৰ বাবে অন্যতম। ইয়াৰোপৰি এই বিহুৰ সময়ত ম’হ যুজ, কণী যুঁজ আদি অনুষ্ঠিত হয়। ইয়াৰোপৰি কিছুমান ঠাইত কড়ি খেল, নাওখেল আদি অনুষ্ঠিত হোৱাও দেখা যায়।
সময়ৰ সোঁতত বিহুৰ কিছু কিছু পৰম্পৰা নোহোৱা হৈ গ’লেও বিহুৰ প্ৰতি অসমীয়াৰ প্ৰীতি আজিও কম হোৱা নাই। সেয়ে হয়তো বিহু বুলি ক’লেই আপোনপাহৰা হৈ যায় অসমীয়া, বিহু বুলি ক’লেই মনত কৰে গাঁৱখনক, আৰু বিহু বুলি ক’লেই ল’ব খোজে মাটিৰ গোন্ধ…