Maya Gogoi Case: বাংগালুৰু আৰক্ষীৰ জালত অসমৰ মায়া গগৈ প্ৰাণনাশী কাণ্ডৰ মূল অভিযুক্ত
বাংগালুৰুত হত্যাৰ বলি হোৱা মায়া গগৈ নামৰ এগৰাকী অসমীয়া যুৱতীৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক আজি গ্ৰেপাত কৰিছে বাংগালুৰু আৰক্ষীয়ে। ধৃত মূল অভিযুক্ত আৰৱ হানয় নামৰ যুৱকজন যোৱা ছয়মাহ ধৰি মায়াৰ সৈতে সম্পৰ্কত আছিল বুলি জানিব পৰা গৈছে।
বাংগালুৰুত এগৰাকী অসমীয়া যুৱতীৰ হত্যাকাণ্ডই শেহতীয়াকৈ জোকাৰিছিল দেশ। ইন্দিৰা নগৰৰ এটা চাৰ্ভিচ এপাৰ্টমেণ্টত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ। নিহত যুৱকগৰাকীক গুৱাহাটীৰ মায়া গগৈ বুলি চিনাক্ত কৰা হৈছিল। মায়া গগৈৰ মৃতদেহ উদ্ধাৰৰ পিছতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছিল আৰু মায়াৰ সৈতে সম্পৰ্কত থকা আৰৱ হানয় নামৰ এজন যুৱক এই হত্যাকাণ্ডৰ মূল অভিযুক্ত বুলি অভিযোগ উত্থাপন হৈছিল। মঙলবাৰে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল যদিও পলাতক অৱস্থাত আছিল অভিযুক্ত আৰৱ।
মৃতদেহ উদ্ধাৰৰ দুদিন পিছত আজি ২১ বছৰীয়া আৰৱ হানয়ক গ্ৰেপ্তাৰ কৰে বাংগালুৰু আৰক্ষীয়ে। ৰাজ্যৰ বাহিৰৰ পৰা অভিযুক্ত আৰৱক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। আজি নিশাৰ ভাগত ধৃত আৰৱক বাংগালুৰুলৈ অনাৰ সম্ভাৱনা আছে বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে অভিযুক্ত আৰৱ কেৰেলাৰ কান্নুৰৰ থোট্টাডা অঞ্চলৰ বাসিন্দা। বেংগালুৰুৰ এখন ব্যক্তিগত প্ৰতিষ্ঠানত ছাত্ৰ পৰামৰ্শদাতা হিচাপে কাম কৰিছিল আৰৱে।
অভিযুক্ত আৰৱে সামাজিক মাধ্যম যোগে মায়া গগৈৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল আৰু যোৱা প্ৰায় ছয় মাহ তেওঁলোক সম্পৰ্কত আছিল বুলি জানিব পৰা গৈছে। তেওঁলোকৰ মাজত কোনো বিবাদ হোৱাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। উল্লেখ্য যে যোৱা মঙলবাৰে চাৰ্ভিচ এপাৰ্টমেণ্টটোৰ কৰ্মচাৰীসকলে কোঠাটোৰ পৰা দুৰ্গন্ধৰ ওলোৱা দেখি সন্দেহৱশতঃ তলা খুলি কোঠাটোত সোমায়।
কোঠাত প্ৰৱেশ কৰাৰ পিছতে মায়াৰ মৃতদেহ উদ্ধাৰ কৰে কৰ্মচাৰীসকলে আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে। মৃতদেহটোৰ বুকু আৰু মূৰত গুৰুতৰ আঘাতৰ চিনৰ বাবে আৰক্ষীয়ে এয়া হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰে। মৃতদেহটো পচি যোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে দেওবাৰে নিশাই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে লগে লগে তদন্ত আৰম্ভ কৰে।
আৰক্ষীৰ তদন্তত আৰৱে হত্যাকাণ্ডৰ বাবে পূৰ্ব পৰিকল্পিতভাৱে অনলাইনযোগে নাইলনৰ ৰছীৰ লগতে কটাৰী ক্ৰয় কৰিছিল বুলি প্ৰকাশ পাইছে। ইফালে চিচিটিভি ফুটেজত মঙলবাৰে পুৱাই আৰৱে অকলে এপাৰ্টমেণ্টৰ পৰা ওলাই যোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰে আৰক্ষিয়ে। লক্ষণীয়ভাৱে মায়াক হত্যা কৰাৰ পিছত অভিযুক্ত আৰৱ দুদিন মৃতদেহটোৰ সৈতে কোঠাটোত আছিল।
আনহাতে হত্যাৰ বলি হোৱা মায়া ছয়মাহ পূৰ্বে বাংগালুৰুলৈ গৈছিল। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মাত্ৰ প্ৰায় ২০ দিন পূৰ্বে জয়নগৰত এটা ব্যক্তিগত প্ৰতিষ্ঠানত যোগদান কৰিছিল মায়াই। তেতিয়াৰ পৰাই মায়া নিজ ভগ্নী আৰু এগৰাকী বান্ধৱীৰ সৈতে হোৱাইট ফিল্ড অঞ্চলৰ এটা এপাৰ্টমেণ্টত আছিল।