5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

যোৰহাটত শোকাৱহ ঘটনা! বাটৰুৱা কুকুৰৰ দলবদ্ধ আক্ৰমণত মৃত্যু এজনৰ

যোৰহাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পদপথৰ কুকুৰৰ জাঁকৰ আক্ৰমণত মৃত্যুক সাৱতিলে এজন লোকে। যাৰ বাবে কুকুৰৰ ভয়ত এতিয়া দুঃচিন্তা বৃদ্ধি হৈছে সাধাৰণ ৰাইজৰ।

যোৰহাটত শোকাৱহ ঘটনা! বাটৰুৱা কুকুৰৰ দলবদ্ধ আক্ৰমণত মৃত্যু এজনৰ
যোৰহাটত বাটৰুৱা কুকুৰৰ দলবদ্ধ আক্ৰমণত মৃত্যু এজনৰ
trishna-kalita
Trishna Kalita | Published: 21 Nov 2024 14:48 PM

ৰাজপথেৰে যাওতে সাৱধান। গৰাকীবিহীন কুকুৰে পথাৰত দলবদ্ধভাৱে আক্ৰমণ কৰি গৰু-ছাগলী হত্যা কৰাৰ কথা বৰ্তমান সকলো ঠাইৰ এক সচৰাচৰ ঘটনা ৷ কিন্তু পথত থকা কুকুৰ ল’ব পাৰে আপোনাৰ জীৱন। যোৰহাট চহৰৰ ৰাজপথত হিংস্ৰ কুকুৰৰ সন্ত্ৰাস । কুকুৰৰ আক্ৰমণত মৃত্যুক আকোঁৱালি ল’ব লগা হ’ল এজন লোকে। এজাক কুকুৰৰ আক্ৰমণত প্ৰাণ হেৰুৱালে লোকজনে। যি ঘটনাই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যোৰহাটত।

ঘটনা অনুসৰি যোৰহাট চহৰৰ এ টি ৰোডৰ বৰপুলৰ পৰা কিছু নিলগত গোহাঁইটেকেলা গাঁৱৰ গুৰুকুল বিদ্যালয়ৰ সমীপত সোমবাৰে নিশা সংঘটিত হৈছিল এই ঘটনাটো। এজাক কুকুৰে আক্ৰমণ কৰিছিল ইছলামউদ্দিন লস্কৰ নামৰ লোকজনক। ৰাজমিস্ত্ৰীৰ কাম কৰিছিল ইছলামউদ্দিন লস্কৰে। কাম শেষ কৰি নিশা পলমকৈ ভাড়াঘৰলৈ উভতি অহাৰ সময়তে পথৰ ওপৰতে এজাক কুকুৰৰ আক্ৰমণৰ বলি হয় লোকজন। কুকুৰৰ জাকটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ নিশা পথৰ কাষতে পৰি থাকে ব্যক্তিজন।

তাৰ পাছতে মঙলবাৰে পুৱা ৰাইজে ইছলামউদ্দিনক প্ৰত্যক্ষ কৰি JMCHত চিকিৎসাৰ বাবে ভৰ্তি কৰিছিল। কুকুৰৰ আক্ৰমণত সমগ্ৰ শৰীৰতে গুৰুতৰ আঘাত পাইছিল লোকজনে। অৱশেষত মঙলবাৰে নিশা মৃত্যু ঘটে শিলচৰৰ ইছলামউদ্দিন লস্কৰৰ। ১৫ৰ পৰা ২০টা কুকুৰে আক্ৰমণ কৰিছিল ইছলামুদ্দিনক।

উল্লেখ্য যে গোহাঁইটেকেলা গাঁৱৰ গুৰুকুল স্কুলৰ সমীপৰ কেইবাটাও বাইলেনকে ধৰি যোৰহাট নগৰৰ কেইবাটাও স্থানত পথৰ কুকুৰে ৰাজপথত সন্ত্ৰাস চলাই আহিছে। পথেৰে যোৱা মানুহ দেখিলেই আক্ৰমণ কৰিবলৈ খেদি অহা এই কুকুৰবোৰৰ বাবে শিশুসকলৰ সুৰক্ষাক লৈ অতিকৈ চিন্তিত হৈ পৰিছে জনসাধাৰণ। আনহাতে, কুকুৰে উপদ্ৰৱ চলাই অহা অঞ্চলসমূহত বহু লোকৰ পোহনীয়া হাঁহ-কুকুৰা আৰু ছাগলী কুকুৰৰ আক্ৰমণত নিহত হৈছে বুলি ভুক্তভোগী লোকসকলে জানিবলৈ দিছে । ইয়াৰ মাজতে অঞ্চলটোত কুকুৰৰ ভয়াৱহ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ পিছত অধিক আতংকিত হৈ পৰিছে ৰাইজ। নিশাৰ ভাগত পথলৈ ওলাবলৈ ভয় কৰিছে স্থানীয় লোকসকলে । দিনৰ সময়টো শিশুসকলক পথত যাবলৈ দিয়োতে কুকুৰৰ আক্ৰমণৰ শংকাত ভুগিছে অভিভাৱকসকল ।

ইয়াৰ পাছতে শীঘ্ৰে এই ক্ষেত্ৰত যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোৰহাট পৌৰসভা আৰু জিলা প্ৰশাসনক অনুৰোধ ৰাইজৰ । এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছত যোৰহাটৰ জিলা আয়ুক্তই বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু যোৰহাট পৌৰসভাকে ধৰি সংশ্লিষ্ট বিভাগে। শীঘ্ৰে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিছে বিভাগটোৱে।

ইয়াৰ পূৰ্বেও গুৱাহাটী মহানগৰীত হিংসুক কুকুৰৰ আক্ৰমণত প্ৰাণ গৈছিল অৱসৰপ্ৰাপ্ত শিক্ষক। আঘাতপ্ৰাপ্ত হৈছিল কেইবাজনো লোক।

Latest News