শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শুই আছিল ভাতৃ-ভগ্নী, ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে বিকাশ শৰ্মাই…

এক ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ গ'ল এজন যুৱকৰ। শুই থকা অৱস্থাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত বিকাশ শৰ্মাই প্ৰাণ হেৰায়ায়। ইয়াৰোপৰি জ্যেষ্ঠ ভগ্নীৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

শুই আছিল ভাতৃ-ভগ্নী, ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে বিকাশ শৰ্মাই…
তেজপুৰImage Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Published: 08 Apr 2025 12:18 PM

মঙলবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। শুই থকা অৱস্থাত প্ৰাণ হেৰুৱাই এজন যুৱকে। জানিব পৰা মতে, ঘৰটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত বিকাশ শৰ্মা নামৰ যুৱকজন শুই আছিল। তেতিয়াই জীৱন্তে অগ্নিদগ্ধ হৈ বিকাশে প্ৰাণ হেৰুয়ায়। এই ঘটনা সংঘটিত হৈছে তেজপুৰৰ বাৰহলীয়াত। এই ঘটনাই বিকাশৰ পৰিয়ালত শোকৰ ছা পেলোৱাৰ লগতে সমগ্ৰ অঞ্চল জোকাৰি গৈছে। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

জানিব পৰা মতে, পেচাত এগৰাকী অধিবক্ত আছিল বিকাশ শৰ্মা। অগ্নিকাণ্ড সংঘটিত হোৱা ঘৰটোত দীৰ্ঘদিন ধৰি জ্যেষ্ঠ ভগ্নীৰ সৈতে বাস কৰি আছিল বিকাশ শৰ্মাই। কিন্তু তাৰ মাজতে আজি পুৱা অনাকাংক্ষিত এই ঘটনা সংঘটিত হয়। ঘটনাৰ বিৱৰণী অনুসৰি অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত বিকাশ শুই আছিল। কেইটামান মূহুৰ্তৰ ভিতৰতে জুই সমগ্ৰ ঘৰটোত বিয়পি পৰে আৰু বিকাশ ওলাই আহিবলৈ কোনো সুযোগ বিচাৰি নাপায়। তেনে পৰিস্থিতিত অগ্নিকাণ্ডৰ ফলত ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে বিকাশৰ মৃত্যু হয়। ইয়াৰ বিপৰীতে কথমপি প্ৰাণ ৰক্ষা পৰে জ্যেষ্ঠ ভগ্নীৰ।

অগ্নিকাণ্ডৰ উমান পাই লগে লগে স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমোৱাৰ চেষ্টা কৰে যদিও তেতিয়ালৈকে বিকাশৰ মৃত্যু হয়। কিন্তু কেনেকৈ এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ’ল এতিয়ালৈকে জানিব পৰা হোৱা নাই।

আচৰিত কথা এয়াই যে দীৰ্ঘদিন ধৰি ঘৰটোত নাছিল বিদ্যুৎ সংযোগ। গতিকে পুৱাৰ ভাগত কেনেকৈ এই ঘটনা সংঘটিত হ’ল সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে জনোৱা অনুসৰি, আজি ৬ মান বজাত প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়ত তেওঁলোকে ঘৰটোৰ পৰা ধোৱা ওলাই থকা দেখিছিল। লগে লগে তেওঁলোকে ঘৰটোৰ ওচৰলৈ যায় আৰু শুই থকা-ভাতৃক জগায়।  কিন্তু তেতিয়ালৈকে জুইয়ে আৱৰি ধৰিছিল বিকাশ শৰ্মাক, যাৰ বাবে তেওঁক উদ্ধাৰ কৰিব পৰা নগ’ল। স্থানীয় ৰাইজে জ্যেষ্ঠ ভগ্নীক কোনো মতে উদ্ধাৰ কৰি হাস্পাতাললৈ প্ৰেৰণ কৰে।

স্থানীয় ৰাইজে এই ঘটনাত ৰহস্যৰ গোন্ধ পাইছে। কিয়নো ঘৰটোত নাই বিদ্যুতৰ সংযোগ, শুনা নাছিল কোনো চিলেণ্ডাৰ বিস্ফোৰণৰ দৰে শব্দ। তেন্তে পুৱা ৬ বজাত এই জুই কেনেকৈ লাগে। এই সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত। বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। তদন্তৰ অন্তত এই ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব।