5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ডিগবৈত চলন্ত বাহনৰ ভিতৰতে সহযাত্ৰীৰ গুলীত আহত এজন যুৱকঃ পলাতক অভিযুক্ত

তৈল নগৰী ডিগবৈত দেওবাৰে এখন চলন্ত বাহনৰ ভিতৰতে এগৰাকী যুৱকক আক্ৰমণ চলায় সহযাত্ৰীয়ে। এই আক্ৰমণত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা যুৱকজন সংকটজনক অৱস্থাত সম্প্ৰতি চিকিৎসাধীন হৈ আছে। আনহাতে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছে বাহনখনত থকা আন তিনি যাত্ৰীয়ে। পলাতক অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে।

ডিগবৈত চলন্ত বাহনৰ ভিতৰতে সহযাত্ৰীৰ গুলীত আহত এজন যুৱকঃ পলাতক অভিযুক্ত
সহযাত্ৰীৰ গুলীত আহত যুৱক
monjit-dutta
Monjit Dutta | Published: 18 Nov 2024 07:22 AM

দেওবাৰে সন্ধিয়া তৈল নগৰী ডিগবৈত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। এখন চলন্ত বাহনৰ ভিতৰতে সহযাত্ৰীয়ে কৰা আক্ৰমণত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এজন যুৱক। সংকটজনক অৱস্থাত সম্প্ৰতি চিকিৎসাধীন হৈ আছে যুৱকজন। ডিগবৈৰ পৰা নাজিৰাটিং অভিমুখী এখন বাহনৰ ভিতৰত সংঘটিত হৈছে এই ঘটনা। বাহনখনত চাৰিগৰাকী ব্যক্তিয়ে যাত্ৰা কৰা বুলি জানিব পৰা গৈছে আৰু তেওঁলোকৰ মাজত হোৱা বিবাদৰ ফলস্বৰূপে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

প্ৰকাশিত খবৰ অনুসৰি বাহনখন চলি থকাৰ সময়তে চাৰিওগৰাকী যাত্ৰীৰ মাজত কোনো কথাত বিবাদৰ সৃষ্টি হয় আৰু এই বিবাদ ক্ৰমাৎ অধিক তীব্ৰতৰ হৈ পৰে। কাজিয়া ক্ৰমাৎ অধিক উত্তপ্ত হৈ পৰাৰ পিছতে এগৰাকী লোকে সহযাত্ৰী যুৱকজনৰ ওপৰত গুলী চলায়। বন্দুকৰ গুলীয়ে দেহত আঘাত কৰাৰ ফলত গুৰুতৰভাৱে আহত হয় যুৱকজন। আহত যুৱকজনক হেমন্ত শইকীয়া বুলি চিনাক্ত কৰা হৈছে।

গুলীৰ আঘাতৰ লগতে আহত যুৱকজনৰ দেহত কটা ঘাঁৰ দৰে আঘাত থকা বুলিও জানিব পৰা গৈছে। এনে পৰিস্থিতিত যুৱকজন কোনো চোকা অস্ত্ৰৰে আঘাত কৰা বুলিও সন্দেহ কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি এই ঘটনাত .২২ কেলিবাৰৰ পিষ্টল ব্যৱহাৰ কৰা হৈছে। অৱশ্যে তদন্ত অব্যাহত ৰখাৰ বাবে অধিক তথ্য প্ৰকাশৰ পৰা বিৰত আছে আৰক্ষী। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

ইফালে আক্ৰমণত গুৰুতৰভাৱে আহত হেমন্ত শইকীয়াক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিং হোমলৈ প্ৰেৰণ কৰা হয়। সম্প্ৰতি ব্যক্তিগত চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে আহত যুৱকজন। ইফালে এই আক্ৰমণ সংঘটিত কৰি বাহনখনত থকা আন তিনিগৰাকী ব্যক্তিয়ে পলায়ন কৰা বুলি জানিব পৰা গৈছে। পলাতক অভিযুক্ত কেইজনৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে।

Latest News