5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ডিমৰীয়াত নৃশংস হত্যাকাণ্ড! সুৰাৰ ৰাগীত মাতাল ভিনিহিয়েকে হানি-খুচি হত্যা কৰিলে খুলশালিক

সামান্য কথাৰ বাবে ভিনিহিয়েক ডিম্বেশ্বৰ বণিয়াই ছুৰীৰে হানি-খুঁচি নৃশংসভাৱে হত্যা কৰে খুলশালিয়েক ধৰ্মেন্দ্ৰ মেধিক। ধৰ্মেন্দ্ৰ মেধিৰ ঘৰৰ চোতালতেই সংঘটিত হয় এই নাৰকীয় হত্যাকাণ্ড। ব্যৱসায়সূত্ৰে ধৰ্মেন্দ্ৰ মেধিৰ ঘৰৰ চৌহদতে অন্য এটা কোঠালীত বাস কৰিছিল হত্যাত অভিযুক্ত ডিম্বেশ্বৰ বণিয়াই

ডিমৰীয়াত নৃশংস হত্যাকাণ্ড! সুৰাৰ ৰাগীত মাতাল ভিনিহিয়েকে হানি-খুচি হত্যা কৰিলে খুলশালিক
ডিমৰীয়াত নৃশংস হত্যাকাণ্ড!
trishna-kalita
Trishna Kalita | Published: 20 Oct 2024 14:52 PM

ডিমৰীয়াৰ হঁহৰাত নৃশংস হত্যাকাণ্ড । ভিনিহিয়েকৰ ছুৰীৰ আক্ৰমণত প্ৰাণ গ’ল খুলশালিৰ৷ হত্যাকাণ্ডৰ বলি হোৱা লোকজন ধৰ্মেন্দ্ৰ মেধি৷ শনিবাৰে নিশা সামান্য কথাতে ভিনিহিয়েক আৰু খুলশালিয়েক বাদানুবাদত লিপ্ত হৈছিল। পৰৱৰ্তী সময়ত কথাৰ কটাকটি বৃদ্ধি হৈ পৰিস্থিতিয়ে চৰম পৰ্যায় পায়। ভিনিহিয়েক ডিম্বেশ্বৰ বনিয়াই সুৰাৰ ৰাগীত শনিবাৰে মাজনিশা সামান্য কথাতে বাদানু-বাদত লিপ্ত হৈ ছুৰীৰে প্ৰহাৰ কৰিলে খুলশালি ধৰ্মেন্দ্ৰ মেধিক।

সামান্য কথাৰ বাবে ভিনিহিয়েক ডিম্বেশ্বৰ বণিয়াই ছুৰীৰে হানি-খুঁচি নৃশংসভাৱে হত্যা কৰে খুলশালিয়েক ধৰ্মেন্দ্ৰ মেধিক। ধৰ্মেন্দ্ৰ মেধিৰ ঘৰৰ চোতালতেই সংঘটিত হয় এই নাৰকীয় হত্যাকাণ্ড।ব্যৱসায়সূত্ৰে ধৰ্মেন্দ্ৰ মেধিৰ ঘৰৰ চৌহদতে অন্য এটা কোঠালীত বাস কৰিছিল হত্যাত অভিযুক্ত ডিম্বেশ্বৰ বণিয়াই। নিশা দুই ভিনিহিয়েক-খুলশালিয়ক নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা একেলগে ঘৰলৈ আহি সামান্য কথাতে তৰ্কাতৰ্কিত লিপ্ত হৈ ভিনিহিয়েক ডিম্বেশ্বৰ বণিয়াই নৃশংসভাৱে ছুৰীৰে আক্ৰমণ কৰে খুলশালীয়েক ধৰ্মেন্দ্ৰ মেধিক।

ফলত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত ধৰ্মেন্দ্ৰক প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়তে মৃত্যু হয় তেওঁৰ। নিশাই ঘটনাস্থলীত সোণাপুৰ আৰক্ষী উপস্থিত হৈ হত্যাত অভিযুক্ত ডিম্বেশ্বৰ বণিয়াক আটক কৰে। ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে সোণাপুৰ আৰক্ষীয়ে।

নিশা দক্ষিণ কামৰূপৰ দখলা মাজপাৰাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। শাহু আৰু পুত্ৰৰ সমুখতে দাৰে ঘপিয়াই পত্নীক হত্যা কৰিলে স্বামীয়ে তাৰ পাছত হাতত দা লৈ বিজয়নগৰ আৰক্ষী চকীত উপস্থিত হয় অভিযুক্ত স্বামী কুশল ঠাকুৰীয়া। বৰ্তমান পলাশবাৰী আৰক্ষী থানালৈ লৈ অনা হয় স্বামী কুশল ঠাকুৰীয়াক। মৃত মহিলাগৰাকী এটি সন্তানৰ মাতৃ। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, প্ৰায়েই সুৰাপান কৰি স্বামীয়ে অত্যাচাৰ চলাইছিল পত্নীৰ ওপৰত। অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব হত্যাৰ প্ৰকৃত কাৰণ। এই হত্যাকাণ্ডৰ লগত জড়়িত থকাৰ সন্দেহত মহিলাগৰাকীৰ শাহুৱেক অৰ্থাৎ অভিযুক্ত কুশল ঠাকুৰীয়াৰ মাতৃকো নিশাই আটক কৰে আৰক্ষীয়ে।

Latest News