গুৱাহাটীত ভয়ংকৰ ঘটনা! মাত্ৰ ৫০ টকাৰ বাবে প্ৰাণ গ’ল এজনৰ…
গুৱাহাটী মহানগৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। মাত্ৰ ৫০ টকাৰ বাবে এজন যুৱকে এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰে। এই ঘটনাই সমগ্ৰ মালিগাঁও অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মালিগাঁও
ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। বিশেষকৈ গুৱাহাটী মহানগৰীখন অপৰাধীৰ হাবলৈ পৰিণত হৈছে। কিছুমান নিকৃষ্ট লোকে সামান্য কথাতে অপৰাধজনিত ঘটনা সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰে। এনে এক ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে গুৱাহাটীৰ মালিগাঁওৰ পৰা। য’ত এজন যুৱকৰ প্ৰহাৰত মৃত্যু হয় এজনলোকৰ। চুলাই ঘাটিত দুয়োৰে মাজত কাজিয়া সংঘটিত হয় আৰু পাছত এই ঘটনাই জঘন্য ৰূপ লয়। বুধবাৰে সংঘটিত হোৱা এই ভয়ংকৰ ঘটনাৰ পাছত এতিয়াও অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।
তথ্য অনুসৰি কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই হত্যা কৰে ৰাজু দে নামৰ ব্যক্তি। অমূল্য ৰাজবংশী নামৰ এজন লোকৰ বিৰুদ্ধে উত্থাপন হৈছে হত্যাৰ ভয়ংকৰ অভিযোগ। কাঠৰেৰে অমূল্যই প্ৰচণ্ড যোৰে প্ৰহাৰ কৰাৰ পাছত ঘটনাস্থলীত তেজেৰে লুতুৰী পুতুৰী হৈ বাগৰি পৰে ৰাজু। এই ঘটনাৰ পাছতে লগে লগে ৰাজু দেক GMCH লৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।
জানিব পৰা মতে, পাণ্ডুৰ ৰে’লৱে’ কেণ্টিনত কৰ্মৰত আছিল মৃত ৰাজু দে’। ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰাজু দে’ৰ পুত্ৰই জালুকবাৰী থানাত এক এজাহাৰ দাখিল কৰিছে আৰু তাৰ ভিত্তিতে গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰিত খবৰ অনুসৰি মাত্ৰ ৫০ টকাৰ বাবে এই হত্যাকাণ্ড সংঘটিত হয়।
উল্লেখ্য যে,পাণ্ডুৰ ৬নং কলনিত চুলাইৰ অবৈধ ঘাটি চলাই আহিছিল অমূল্য ৰাজবংশীয়ে। এই চুলাই ঘাটিতে সংঘটিত হয় এই হত্য়াকাণ্ড। তথ্য অনুসৰি মাত্ৰ ৫০ টকা নিদিয়াৰ বাবে অমূল্যই কাঠৰ বাটামেৰে প্ৰহাৰ কৰে ৰাজু দে’ক। মদ খাবলৈ ৫০ টকা দিয়া নিদিয়াক লৈ দুয়োৰে মাজতে কাজিয়াৰ সূত্ৰপাত হৈছিল। পৰৱৰ্তী সময়ত এই কাজিয়াৰ পৰিণতি ইমানেই ভয়ংকৰ হৈ পৰে যে অমূল্য ৰাজবংশীৰ প্ৰহাৰত মৃত্যু হয় ৰাজু দে’ৰ।
ঘটনাৰ পাছতেই উক্ত স্থানৰ পৰা অভিযুক্তই পলায়ন কৰিছিল যদিও শেহতীয়া লাভ কৰা তথ্য অনুসৰি আৰক্ষীয়ে আটক কৰিছে তেওঁক। ইফালে ৰাজু দে’ৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। কিয় এই হত্যাকাণ্ড সংঘটিত হ’ল, কাজিয়াৰ প্ৰকৃত কাৰণ কি, দুয়োৰে মাজত আগৰ পৰাই আছে নেকি শত্ৰুতা আদি বিভিন্ন প্ৰশ্নবোৰ আৰক্ষীৰ তদন্তত পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, স্মাৰ্ট অসম আৰক্ষীৰ চকুত ধূলি দি এতিয়াও গুৱাহাটীৰ একাংশ স্থানত চলি আছে অবৈধ চুলা ঘাটি। কেৱল এয়াই নহয়, নিচাযুক্ত দ্ৰব্যৰ হাবলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী। গতিকে এনে অবৈধ চুলা ঘাটি সমূহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।