আনৰ জীৱন বচোৱা মনোজক নাৱত উঠিব নিদিলে যাত্ৰীয়ে, ঠেলি ঠেলি পেলাই দিলে ব্ৰহ্মপুত্ৰৰ বুকুত
চাবুৱাত সংঘটিত হৈছে এক গাৰ নোম শিঁয়ৰি উঠা ঘটনা। ৪ জনকৈ মানুহৰ প্ৰাণ বচোৱা মনোজ প্ৰায় ২ দিন ধৰি সন্ধানহীন হৈ আছে ব্ৰহ্মপুত্ৰৰ বুকুত। এই সন্দৰ্ভত এক ভিডিঅ' ভাইৰেল হৈছে যত সমগ্ৰ দৃশ্য বন্দী হৈছে।
উপকাৰীক অজগৰে খায়! এই কথা যেন সত্য প্ৰমাণিত হ’ল চাবুৱাত। শেহতীয়াকৈ চাবুৱাৰ পৰা পোহৰলৈ আহিছে এক ভয়ংকৰ, শিহৰণকাৰী আৰু মৰ্মান্তিক ঘটনা। নিজৰ জীৱনত তুচ্চ্য জ্ঞান কৰি আনৰ জীৱন বচোৱা মনোজ নামৰ এজন যুৱকক ভৰিৰে লথিয়াই নাৱৰ পৰা নমাই দিছিল এজন যাত্ৰীয়ে। এই ঘটনা সংঘটিত হৈছে তিনিচুকীয়া ব্ৰহ্মপুত্ৰৰ বুকুত । জানিব পৰা মতে সূদূৰ লাইকাৰ পৰা এখন নাৱৰ দ্বাৰা কেইবাজনোলোক দেওবাৰে পানীতোলাৰ দিনজানৰ দেওবৰীয়া বজাৰলৈ বুলি আহিছিল। কিন্তু আবেলিৰ ভাগত বজাৰ কৰি উভতাৰ পথতেই ব্ৰহ্মপুত্ৰত সংঘটিত হয় এই শোকাবহ নাও দুৰ্ঘটনা।
দিনজান ঘাটৰ পৰা এখন নাৱেৰে একাংশ যাত্ৰীক দধীয়া লাইকা অভিমুখে লৈ গৈছিল। ১০গৰাকী যাত্ৰীৰ বোজা সহিা সহিব নোৱাৰি নাওখন লাহে লাহে পানীৰ মাজত সোমাই গৈছিল। মুহুৰ্ততে যাত্ৰীসকল ব্ৰহ্মপুত্ৰৰ পানীত ডুব যাবলৈ ধৰিছিল আৰু প্ৰাণৰ মায়াত চিঞৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়তে এক প্ৰকাৰ ইশ্বৰৰ দূত হৈ আছিলি মনোজ পৰইয়াই। দৈনিক নদীয়ে দি আহি খৰি সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰা মনোজে এই দৃশ্য দেখি পানীত জঁপিয়াই পৰিছিল আৰু এজন এজনকৈ ৪ জন ব্যক্তিক উদ্ধাৰ কৰিছিল।
মহিলাসহ ৪ গৰাকী ব্যক্তিক বচাই ভাগৰি পৰিছিল মনোজ। সেয়ে যিখন নাৱৰে পানীত ডুব যাবলৈ ধৰা ব্যক্তিসকলক উদ্ধাৰ কৰিছিল সেই নাৱতে মনোজে নিজে উঠি প্ৰাণ ৰক্ষা কৰিব বিচাৰিছিল। কিন্তু সেয়া নহ’ল। কিয়নো নাৱখনত থকা এজন যাত্ৰীয়ে বাৰে বাৰে মনোজক নাৱত উঠাত বাধা প্ৰদান কৰে। এই সন্দৰ্ভত এটা ভিডিঅ’ পোহৰলৈ আহিছে য’ত দেখা যায় যে মনোজে বাৰে বাৰে নাৱত উঠিব চেষ্টা কৰিছে আৰু এজন মানুহে লথিয়াই লথিয়াই তেওঁ নাৱত উঠাত বাধা দিছে।
মনোজে উঠিব নোৱাৰিলে নাৱত। লথিয়াই লথিয়াই সেই মানৱৰূপী যাত্ৰীগৰাকীয়ে মনোজক পানীত পেলাই দিলে। আনৰ জীৱন ৰক্ষা কৰা মনোজ এতিয়াও সন্ধানহীন হৈ আছে। এই ঘটনাৰ দৃশ্য ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছেল। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে তিনিচুকীয়া আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
কোনে কিয় মনোজক নাৱত উঠিব নিদিলে এই সন্দৰ্ভত এতিয়া আৰক্ষীয়ে অভিযান চলাই আছে। আনহাতে এই ঘটনাৰ পাছতেই মনোজৰ ঘৰখনলৈ নামি আহিছে কাল অমানিশা। এই ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু মানৱ জাতিৰ ওপৰত এক প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। আৰক্ষীৰ তদন্তত এই ঘটনাৰ আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।