Assam: দেৱালীৰ আনন্দৰ মাজতেই বেয়া খবৰ! ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পিতৃ-কন্যাই | mangaldai road accident father daughter died assam Assam news - Assam Tv9

Assam: দেৱালীৰ আনন্দৰ মাজতেই বেয়া খবৰ! ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পিতৃ-কন্যাই

Assam: মঙলদৈত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। স্থানীয় ৰাইজে অভিযোগ কৰে যে অতি বৰ্বৰভাৱে আৰক্ষীয়ে মৃতদেহ কেইটা চোঁচৰাই নিছে। পলিথিনিৰে বান্ধি ৰাজপথত চোঁচৰাই বাহনত মৃতদেহ উঠোৱাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে।

Assam: দেৱালীৰ আনন্দৰ মাজতেই বেয়া খবৰ! ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পিতৃ-কন্যাই

পথ দুৰ্ঘটনা

Published: 

30 Oct 2024 21:25 PM

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনেই বহু পথ দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহে। চালকৰ অসাৱধানতা. মদ্যপান কৰি গাড়ী চলোৱা, তীব্ৰ বেগ আদি বিভিন্ন কাৰণত পথ দুৰ্ঘটনা সংঘটিত হয়। এনে কিছুমান পথ দুৰ্ঘটনাত শেষ হৈ যায় একোটা পৰিয়াল, চিৰ জীৱন পংগু হৈ ৰয় একোটা জীৱন। এনে এক ঘটনাই পোহৰলৈ আহিছে মঙলদৈৰ পৰা। চাৰিওফালে চলি থকা দেৱালীৰ আনন্দৰ মাজতেই পিতৃ- কন্যা বাইকেৰে গৈ আছিল ঘৰলৈ।  কিন্তু পৰিয়ালৰ সৈতে তেওঁলোকে উদযাপন কৰিব নোৱাৰিলে দীপাৱলী। কিয়নো এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ দুয়ো ঘৰলৈ উভতিব লগা হয় মৃতদেহ হৈ।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনাৰ ঘটনা। ৰৈ থকা ট্ৰাকক খুন্দা মৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাই দুই পিতৃ- কন্যাই। জানিব পৰা মতে দুয়ো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ঘৰ অভিমুখে গৈ আছিল। তেনে সময়তে কাল হৈ তেওঁলোকৰ সন্মুখত আহি পৰিল এখন ট্ৰাক। ৰৈ থকা ট্ৰাক খুন্দা মৰাৰ ফল থিতাতে মৃত্যু হয় পিতৃ মথুৰা নাথ আৰু কন্যা নন্দিতা ডেকাৰ। বুধবাৰে সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনা।

নিহত পিতৃ- কন্যাৰ ঘৰ মঙলদৰৈ বাসৱ নগৰত বুলি জানিব পৰা গৈছে। আনহাতে দুৰ্ঘটনাত পতিত হোৱা স্কুটীখনৰ নম্বৰ AS 13k 8813. এই ঘটনাৰ পাছতেই উক্ত অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয় ৰাইজে অভিযোগ কৰে যে অতি বৰ্বৰভাৱে আৰক্ষীয়ে মৃতদেহ কেইটা চোঁচৰাই নিছে। পলিথিনিৰে বান্ধি ৰাজপথত চোঁচৰাই বাহনত মৃতদেহ উঠোৱাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?
ফেঁচা সঁচাকৈয়ে মূৰ্খ নেকি? জানক ইয়াৰ আঁৰৰ সত্যতা
উৰহী কোনবোৰ লোকৰ বাবে অধিক উপকাৰী? জানক
'ডিজিটেল কণ্ডম' কি? কোনে কেনেকৈ ইয়াক ব্যৱহাৰ কৰিব পাৰে...