মঙলদৈ পথ দুৰ্ঘটনা: বৰ্বৰভাৱে ৰচীৰে বান্ধি চোঁচৰাই নিলে মৃতদেহ, তদন্তৰ নিৰ্দেশ জি পি সিঙৰ
Mangaldai road accident: দেৱালীৰ আনন্দৰ মাজতেই এক বেয়া খবৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা দেৱালী উদযাপনৰ বাবে ঘৰলৈ গৈ থকা পিতৃ- কন্যাই প্ৰাণ হেৰুৱালে এক ভয়ংকৰ পথ দুৰ্ঘটনাত। ১৫ নং কিলাৰ হাইৱে' থানবান কৰি পেলালে এখন ঘৰ।
বুধবাৰে মঙলদৈৰ ছিপাঝাৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। বিশ্ববিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হৈ থিতাতে প্ৰাণ হেৰুৱাই পিতৃ- কন্যাই। এই শোকাবহ দুৰ্ঘটনাই জোকাৰি যায় সমগ্ৰ অঞ্চলটো। স্থানীয় ৰাইজ একাংশই অভিযোগ কৰিছে যে পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত মৃতদেহ দুটাৰ প্ৰতি অলপো সন্মান প্ৰদৰ্শন নকৰিলে মঙলদৈ আৰক্ষীয়ে। অতি বৰ্বৰতাৰে মৃতদেহ টানি নি গাড়ীত ভৰোৱা কথাই ক্ষোভিত কৰিছিল সচেতন ৰাইজক। ইয়াৰ পাছতেই এই ঘটনাৰ তদন্ত ঘোষণা কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।
সৰ্বত্ৰে হোৱা প্ৰতিক্ৰিয়াৰ অন্তত সিঙে ছ’চিয়েল মিডিয়াত লিখে যে- “দৰঙৰ ছিপাঝাৰত পথ দুৰ্ঘটনা – উক্ত ঘটনাৰ পৰিস্থিতি জানিবলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে”। এই ঘটনাৰ তদন্ত বিচাৰি বিভিন্নজনে আহ্বান জনোৱাৰ লগতে বৰ্বৰতাৰে মৃতদেহ চোঁচৰাই নিয়া আৰক্ষী জোৱানক নিলম্বন কৰাৰ দাবী তুলিছিল।
উল্লেখ্য যে, বুধবাৰে সন্ধিয়াভাগত মঙলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী নন্দিতা ডেকাই বিশ্ববিদ্যালয়ৰ পৰা ঘৰলৈ পিতৃ মথুৰা নাথ ডেকাৰ সৈতে গৈ থকা অৱস্থাত মঙলদৈৰ শাকতোলাত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয়। জানিব পৰা মতে ৰখাই থোৱা ট্ৰাক এখনত খুন্দা মৰাৰ পাছত স্কুটীসহ মাটিত বাগৰি পৰে পিতৃ- কন্যা। তাৰ পাছতে পিছফালৰ পৰা আহি থকা তীব্ৰবেগী বাহনে দুয়োকে মহতিয়াই লৈ যায়। এই ঘটনাৰ ফলত পিতৃ- কন্যাই থিতাতে মৃত্যু বৰণ কৰে।
জানিব পৰা মতে দীপাৱলী উপলক্ষে ঘৰলৈ গৈ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নন্দিতা ডেকা। কিন্তু পৰিয়ালৰ সৈতে দীপাৱলী উদযাপন কৰা নহ’ল নন্দিতাৰ। তাৰ পূৰ্বে নিষ্ঠুৰ নিয়তিয়ে থানবান কৰি তুলিলে সকলো। এই পথ দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে এক প্ৰকাৰ চিনিব নোৱাৰা অৱস্থা হয় মৃতদেহ দুটা। পথ দুৰ্ঘটনাৰ পাছতেই স্থানীয় ৰাইজে এম্মুলেন্স আৰু আৰক্ষীক খবৰ দি ঘটনাৰ বিষয়ে সবিশেষ জনায়।
এই পথ দুৰ্ঘটনাৰ পাছতে মঙলদৈত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয় ৰাইজে অভিযোগ তুলি কয় যে, মৃতদেহ কেইটাৰ প্ৰতি সামান্যতম সন্মান প্ৰদৰ্শন নকৰিলে মঙলদৈ আৰক্ষীয়ে। অতি বৰ্বৰভাৱে পলিথিনেৰে মেৰিয়াই ৰচীৰে বান্ধি ৰাজপথত মৃতদেহ চোঁচৰাই নিয়া কাণ্ডই মৰ্মাহত কৰিছিল বহুতক। মৃতদেহক সন্মান কৰিব নজনা এনে আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তুলিছিল স্থানীয় ৰাইজে। এই দাবীৰ অন্ততে জি পি সিঙে ঘটনাৰ পৰিস্থিতি তদন্তৰ নিৰ্দেশ দিয়ে।