ৰাজ্যত খালী হৈ আছে বহু কেইটা শিক্ষকৰ পদ; অচিৰেই হ’ব নিযুক্তি!
বিধানসভাত দাখিল কৰা তথ্য মতে অসমত এতিয়াও আছে শিক্ষকবিহীন বিদ্যালয় । তাৰোপৰি খালী হৈ আছে বহু কেইটা শিক্ষকৰ পদ । অচিৰেই এই পদ পূৰণ কৰা হ'ব বুলি জনায় শিক্ষামন্ত্ৰীয়ে ।

অসমত বৰ্তমানেও আছে শিক্ষকবিহীন বিদ্যালয় । অসম বিধানসভাৰ মজিয়াত প্ৰকাশ পাইছে এই তথ্য । ৰাজ্যৰ তিনিখন বিদ্যালয় শিক্ষকবিহীনভাৱে চলি আছে । বৃহস্পতিবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয়দিনা বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ পায় । অধিবেশনকালত অসমৰ বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু শিক্ষক নিযুক্তিৰ প্ৰসংগত তৰাযুক্ত প্ৰশ্ন উত্থাপন কৰিছিল অখিল গগৈয়ে । তাৰ উত্তৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দাঙি ধৰে এই তথ্য ।
সদনত সদৰী কৰা অসমৰ চৰকাৰী বিদ্যালয়ৰ তথ্য সদৰী কৰে মন্ত্ৰী পেগুৱে । এই তথ্যত প্ৰকাশ কৰা মতে, ২০২৪-২৫ শিক্ষাবৰ্ষত অসমৰ তিনিখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নাই এজনো শিক্ষক । তাৰোপৰি ২২৯৫ খন বিদ্যালয় পৰিচালনা হৈ আছে এজনীয়া শিক্ষকৰ দ্বাৰা । ইফালে, পাঁচটা শ্ৰেণীযুক্ত বিদ্যালয়ত পাঁচজনীয়া শিক্ষকৰ দ্বাৰা পৰিচালিত মুঠ প্ৰাথমিক বিদ্যালয় আছে ২২৭০ খন । ৬ টা শ্ৰেণীযুক্ত শিক্ষকৰ দ্বাৰা পৰিচালিত প্ৰাথমিক বিদ্যালয় মুঠ ১৩৯৯ খন আছে অসমত । অৱশ্যে ইয়াত প্ৰধান শিক্ষকক অন্তৰ্ভুক্ত কৰা নাই ।
আনহাতে, আন্তঃগাঁথনিৰ কথা ক’বলৈ গ’লে, প্ৰতিটো শ্ৰেণীৰ বাবে পৃথক কোঠা থকা বিদ্যালয়ৰ সংখ্যা ১২,১১২ খন অসমত । পৃথক কোঠা নথকা বিদ্যালয় আছে ২১,৯৬১ খন । তাৰ লগতে স্থায়ী প্ৰধান শিক্ষক অবিহনে চলি থকা বিদ্যালয়ৰ সংখ্যা অসমত ৭,০১৪ টকা ।
উচ্চ প্ৰাথমিক বিদ্যালয় সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি, ৰাজ্যৰ উচ্চ প্ৰাথমিক বিদ্যালয়ত ৫৭১ টা বিজ্ঞান শিক্ষকৰ পদ খালী হৈ আছে । তাৰোপৰি খালী হৈ আছে ৫২৬ টা হিন্দী শিক্ষকৰ পদ । একেদৰে অসমৰ সাধাৰণ অঞ্চলৰ জিলাৰ উচ্চ মাধ্যমিক বিদ্যালয়তো বহু শিক্ষকৰ পদ খালী আছে । ইয়াৰ ভিতৰত ৪,৩৬৮ টা বিজ্ঞান শিক্ষকৰ পদ, ৫,১৮৫ টা কলা শিক্ষকৰ পদ আৰু ১,০০৪ টা হিন্দী শিক্ষকৰ পদ খালী হৈ আছে ।
আনহাতে, উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গণিত শিক্ষকৰ ৭১ টা পদ, ইংৰাজী শিক্ষকৰ ১২১ টা পদ আৰু হিন্দী শিক্ষকৰ ১৩ টা পদ খালী হৈ আছে । ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ৩১৭ টা বিজ্ঞান শিক্ষকৰ পদ, ৩২২ টা কলা শিক্ষকৰ পদ আৰু ২৪৬ টা হিন্দী শিক্ষকৰ পদ খালী আছে । এইসমূহ অঞ্চলৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৩৯ টা গণিত শিক্ষকৰ পদ, ৪৯ টা ইংৰাজী শিক্ষকৰ পদ আৰু ৫৮ টা হিন্দী শিক্ষকৰ পদ খালী হৈ আছে ।
সদনত দাখিল কৰা তথ্য মতে, অসমত বৰ্তমান সক্ৰিয় হৈ থকা ৫৬ খন আদৰ্শ বিদ্যালয়ত আৰু নতুন বিত্তীয় বৰ্ষত স্থাপন কৰিবলগীয়া ৩ খন আদৰ্শ বিদ্যালয়ত মুঠ ৫৩ গৰাকী বিজ্ঞান আৰু অংক শিক্ষক, ১১ গৰাকী হিন্দী শিক্ষক, ৪৭ গৰাকী স্নাতক কলা বিভাগৰ শিক্ষক, ৫০ গৰাকী সহকাৰী বিজ্ঞান শিক্ষক, ৪৯ গৰাকী সহকাৰী কলা শিক্ষক, ২ গৰাকী কলা বিভাগৰ বিষয় শিক্ষক আৰু ১২ গৰাকী বিজ্ঞানৰ বিষয় শিক্ষককে ধৰি মুঠ ২২৪ গৰাকী শিক্ষকক নিযুক্তি দিয়া হ’ব ।