মৰিগাঁৱত নিশা বিধ্বংসী অগ্নিকাণ্ড। মৰিগাঁৱৰ চহৰৰ মাজমজিয়াত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত কেইবাটাও বাসগৃহ।
মৰিগাঁৱৰ ডাকঘৰ আৰু সদৰ থানাৰ মাজৰ ঘন বসতিপূৰ্ণ কেইবাটাও ভাড়াঘৰ জুইৰ লেলিহান শিখাই আগুৰি ধৰে।
নিমিষতে পুৰি ছাই হৈ যায় এটা এটাকৈ সকলো ঘৰ। জ্বলি যোৱা এই বাসগৃহসমূহত বসবাস কৰিছিল ক্ষুদ্ৰ ব্যৱসায়ে। বহুদিনৰে পৰা এই অঞ্চলটোত বাস কৰি আহিছিল কাপোৰৰ বেপাৰী, চেণ্ডেল আদিৰ বেপাৰীসকল।
এই অগ্নিকাণ্ডত কেইবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত হোৱাৰ সন্দেহ কৰিছে সকলোৱে।
বহু অপেক্ষাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে এই জুই নিৰ্বাপন কৰে। কিন্তু জুইত জ্বলি যায় বহু লক্ষাধিক টকাৰ সা-সামগ্ৰী।